Railway Rules: ৰে’লৱে কৰ্মীৰ আত্মীয়ই টিকট নোহোৱাকৈ যাত্ৰা কৰিব পাৰেনে? নিয়ম জানক…

Railway Act: যদি কোনো ৰে’ল কৰ্মচাৰীৰ পৰিয়ালৰ কোনো সদস্যই টিকট অবিহনে ৰে’লত উঠে, তেন্তে ৰে’ল আইনৰ ১৩৭ আৰু ১৩৮ নং ধাৰা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেনে ক্ষেত্ৰত কেৱল জৰিমনাই নহয়, কাৰাদণ্ডও হ’ব পাৰে।

Railway Rules: ৰেলৱে কৰ্মীৰ আত্মীয়ই টিকট নোহোৱাকৈ যাত্ৰা কৰিব পাৰেনে? নিয়ম জানক...

ৰে'ল যাত্ৰা

Updated On: 

14 Oct 2025 13:43 PM

বহু সময়ত ৰে’ল কৰ্মচাৰীৰ পৰিয়ালৰ পৰিচয় লৈ কিছুমান যাত্ৰীয়ে টিকট অবিহনে যাত্ৰা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়। কিন্তু এজন ল’কো পাইলটৰ পৰিয়ালে সঁচাকৈয়ে ৰে’লত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিবনে?

ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’ল কৰ্মচাৰী বা অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীয়েহে টিকট অবিহনে যাত্ৰা কৰিব পাৰিব। এজন ল’কো পাইলট বা ৰে’লৱে কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যই টিকট অবিহনে যাত্ৰা কৰিব পাৰিব, যেতিয়া সেই কৰ্মচাৰীজনে অনুমোদন দিয়ে। অৰ্থাৎ সকলো সময়তে এগৰাকী ৰে’ল কৰ্মচাৰী বা পাইলটৰ ভাতৃ, ভগ্নী বা আত্মীয়ই বিনামূলীয়াকৈ ৰেলত যাত্ৰা কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে।

সাধাৰণতে ৰে’ল কৰ্মচাৰীসকলক তেওঁলোকৰ পদবী আৰু কৰ্মৰ সময়ৰ ওপৰত ভিত্তি কৰি বিশেষাধিকাৰ টিকট দিয়া হয়। যিখন কেৱল সংশ্লিষ্ট কৰ্মচাৰীয়েহে ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকৰ কোনো পৰিয়ালৰ সদস্যই সেই সুবিধা নাপায়। যদি কোনোবাই সেই পাছ ব্যৱহাৰ কৰি অবৈধভাৱে যাত্ৰা কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁকো শাস্তি ভুগীবলগীয়া হ’ব পাৰে।

যদি কোনো ৰে’ল কৰ্মচাৰীৰ পৰিয়ালৰ কোনো সদস্যই টিকট অবিহনে ৰে’লত উঠে, তেন্তে ৰে’ল আইনৰ ১৩৭ আৰু ১৩৮ নং ধাৰা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেনে ক্ষেত্ৰত কেৱল জৰিমনাই নহয়, কাৰাদণ্ডও হ’ব পাৰে। শেহতীয়াকৈ এনে বহু ঘটনা সংঘটিত হৈছে য’ত যাত্ৰীসকলে কয়, – ‘মোৰ ভাইটি ল’কো পাইলট’ বা ‘মোৰ দেউতাই ৰে’লত কাম কৰে’। কিন্তু টিটিয়ে তেওঁলোকক ধৰি সোধা-পোছা কৰাত,  কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে। অৰ্থাৎ আত্মীয় মানে পাছ নহয়। সেই লৈ যাত্ৰা কৰিব নোৱাৰে।

লগতে পঢ়ক: বিয়াৰ ৫ মাহৰ পিছত বিচাৰিছিল বিচ্ছেদ! চোতালত কাম কৰি অৱস্থাতে স্বামীৰ বৰ্বৰ কাণ্ড…

লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!
জীৱনত হ'ব সমস্যা! ভুলতো এনে লোকক নকৰিব সহায়, জানক...