ৱাকফৰ সম্পত্তি নেকি এণ্টিলিয়া ! ৰাতিটোৰ ভিতৰতে ঘৰ এৰিব লাগিব নেকি আম্বানী পৰিয়ালে ?

তীব্ৰ বিতৰ্কৰ অন্তত সংসদৰ দুয়োটা সদনতে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিধেয়কখনত স্বাক্ষৰ কৰে । ইয়াৰ পাছতে বিধেয়কখন আইনত পৰিণত হয় । এই আইনখনক লৈ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । ইয়াৰ মাজতে হঠাৎ চৰ্চালৈ আহিছে মুকেশ আম্বানী। আপোনাৰো হয়তো মনত প্ৰশ্ন হৈছে যে, আম্বানীৰ লগত ৱাকফ আইনখনৰ কি সম্পৰ্ক?

ৱাকফৰ সম্পত্তি নেকি এণ্টিলিয়া ! ৰাতিটোৰ ভিতৰতে ঘৰ এৰিব লাগিব নেকি আম্বানী পৰিয়ালে ?
Published: 

06 Apr 2025 | 03:42 PM

দেশজুৰি ৱাকফ সংশোধনী আইনক লৈ চৰ্চা অব্যাহত আছে । তীব্ৰ বিতৰ্কৰ অন্তত সংসদৰ দুয়োটা সদনতে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিধেয়কখনত স্বাক্ষৰ কৰে । ইয়াৰ পাছতে বিধেয়কখন আইনত পৰিণত হয় । এই আইনখনক লৈ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । ইয়াৰ মাজতে হঠাৎ চৰ্চালৈ আহিছে মুকেশ আম্বানী। আপোনাৰো হয়তো মনত প্ৰশ্ন হৈছে যে, আম্বানীৰ লগত ৱাকফ আইনখনৰ কি সম্পৰ্ক?

চৰ্চা হৈছে যে, ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আম্বানীৰ এন্টিলিয়া ৱাকফৰ সম্পত্তি নেকি?  এতিয়া সেই ঘৰ এৰি যাব লাগিব নেকি আম্বানী পৰিয়ালে ? মুম্বাইৰ পেৰেড ৰোডত অৱস্থিত এন্টিলিয়া। ২০০২ চনত দেশৰ লগতে বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে ২১ কোটি টকাত ৪.৫ লাখ বৰ্গফুটৰ এণ্টিলিয়া নিৰ্মাণ কৰা মাটিখিনি ক্ৰয় কৰিছিল। শেহতীয়াকৈ দাবী উত্থাপন হৈছে যে, ৱাকফৰ মাটিত নিৰ্মাণ কৰা হৈছিল এন্টিলিয়া !

কিন্তু এন্টিলিয়া ৱাকফৰ মাটিত নিৰ্মাণ কৰাটো কিমান সঁচা ? ২০০৫ চনত মহাৰাষ্ট্ৰ ৱাকফ ব’ৰ্ডেও এই বিষয় সন্দৰ্ভত আদালতৰ কাষ চাপিছিল। এই বিষয়ত তেতিয়াৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ নাম জড়িত হৈ আছে। মহাৰাষ্ট্ৰ বিধানসভাতো এই বিষয়টো উত্থাপন হৈছিল। দাবী কৰা হৈছে যে, ১৯৮৬ চনত কৰিম ভাই ইব্ৰাহিম নামৰ এজন ব্যক্তিয়ে ধৰ্মীয় শিক্ষা আৰু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে ৱাকফ ব’ৰ্ডক সেই মাটিখিনি দিছিল। পিছত ৱাকফ ব’ৰ্ডে সেই মাটি আম্বানীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হয়।

উল্লেখ্য যে, ৱাকফৰ নিয়ম অনুসৰি দান কৰা সম্পত্তি ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব বা বিক্ৰী কৰিব নোৱাৰিব। দীৰ্ঘদিন ধৰি আদালতত বিচাৰাধীন হৈ আছে এই গোচৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব