মৰ্মান্তিক! চাকৰিৰ আছিল প্ৰথম দিন, পিছে দুৰ্ঘটনাই প্ৰাণ ল’লে IPS বিষয়াৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন আই পি এছ বিষয়াই। চাকৰিৰ প্ৰথম দিনটোতেই নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে হৰ্ষ বৰ্ধনৰ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰ্মান্তিক! চাকৰিৰ আছিল প্ৰথম দিন, পিছে দুৰ্ঘটনাই প্ৰাণ ললে IPS বিষয়াৰ

আই পি এছ

Published: 

02 Dec 2024 16:02 PM

নিষ্ঠুৰ নিয়তি! ঠন ধৰি উঠা সপোনে পোখা মেলিব লওতেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল সকলো।  বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অধ্য়াৱসায়ৰ ফলত এজন মানুহ আই পি এছ অফিচাৰ হ’বলৈ সক্ষম হয়। অশেষ চেষ্টাৰ অন্ততো কিছুমানৰ আই পি এছৰ সপোন সপোন হৈয়ে ৰয়। কিন্তু সৰুৰে পৰা দেখি অহা সপোন পূৰণ হৈছিল হৰ্ষ বৰ্ধনৰ। পিছে, বাস্তৱ উদযাপন কৰাৰ পূৰ্বেই শেষ হৈ যায় সকলো। চাকৰিৰ প্ৰথম দিনাই অকাল মৃত্যুক সাৱতি ল’লে এজন IPS বিষয়াই।

এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত। দেওবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন আই পি এছ বিষয়াই। মৃত বিষয়াজনৰ নাম হৰ্ষ বৰ্ধন। তেওঁ কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ আছিল। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, হৰ্ষ বৰ্ধন আছিল মধ্যপ্ৰদেশৰ বাসিন্দা। ১ ডিচেম্বৰৰ দিনটো তেওঁৰ বাবে আছিল বিশেষ। ট্ৰেইনিং শেষ কৰাৰ পাছত কালিৰ দিনটোত হৰ্ষ বৰ্ধনে প্ৰথম পোষ্টিঙৰ কৰ্তব্যৰ বাবে ৰিপৰ্ট দিবলৈ আৰক্ষীৰ বাহনত হোলেনাৰসীপুৰলৈ গৈ আছিল। হৰ্ষ বৰ্ধনে সহকাৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব ল’বলৈ সাজু হৈছিল। কিন্তু তেতিয়াই সংঘটিত হয় এক ভয়ংকৰ ঘটনা।

তথ্য অনুসৰি হাছানৰ কিটানেৰ সমীপত আৰক্ষীৰ গাড়ীৰ এটা টায়াৰ ফাটি যায়, যাৰ ফলত চালকৰ বাহনৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হয়। ইয়াৰ পাছত বাহনখনে ৰাস্তাৰ কাষত থকা এটা ঘৰত আৰু পাছত এডাল গছত প্ৰচণ্ড খুণ্ডা মাৰে। এই ঘটনাৰ ফলত আই পি এছ বিষয়াগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিয়ে তেওঁৰ প্ৰাণ। চাকৰিৰ প্ৰথম দিনটোতেই অকাল মৃত্যুক সাৱতি লয় হৰ্ষ বৰ্ধনে।

এজন বিষয়াই জনোৱা মতে, আই পি এছ বিষয়াগৰাকীয়ে শেহতীয়াকৈ মহীশূৰৰ কৰ্ণাটক পুলিচ একাডেমীৰ পৰা চাৰি সপ্তাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। এই দুৰ্ঘটনাত চালক মঞ্জেগৌদাও সামান্য আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। ঘটনাৰ লগে লগে আই পি এছ বিষয়াগৰাকীৰ ঘৰত দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰা হয়। এই খবৰে হৰ্ষ বৰ্ধনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…