‘গ্ল’বেল ভইচ্, ৱান ভিজন’, সমগ্ৰ বিশ্বতে উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰা লক্ষ্য এপ’ল’ হাস্পতালৰ

IHD ২০২৬ৰ মূল বিষয়বস্তু হৈছে ‘গ্ল’বেল ভইচ্, ৱান ভিজন’, যাৰ লক্ষ্য হৈছে ৰোগী-কেন্দ্ৰিক আৰু প্ৰযুক্তি-নিৰ্ভৰ স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলা। অহা ৩০-৩১ জানুৱাৰীত হায়দৰাবাদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

‘গ্ল’বেল ভইচ্, ৱান ভিজন’, সমগ্ৰ বিশ্বতে উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰা লক্ষ্য এপ’ল’ হাস্পতালৰ
Updated On: 

09 Jan 2026 | 09:11 PM

হায়দৰাবাদত এপ’ল’ হাস্পতালৰ উদ্যোগত ‘গ্ল’বেল ভইচ্, ৱান ভিজন’ নামৰ ইণ্টাৰনেচনেল হেল্ঠ ডাইলগ ২০২৬ অনুষ্ঠিত কৰা হৈছে। অহা ৩০-৩১ জানুৱাৰীত হায়দৰাবাদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান( International Health Dialogue 2026)। এইবাৰ এই অনুষ্ঠানে ত্ৰয়োদশ বছৰত ভৰি দিছে। ইণ্টাৰনেচনেল হেল্ঠ ডাইলগ হৈছে বিশ্বজুৰি ৰোগীৰ সুৰক্ষা, স্বাস্থ্যসেৱা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ ৰূপান্তৰ আৰু উন্নতিৰ ওপৰত আলোচনাৰ কৰা এক মঞ্চ।

IHD ২০২৬ৰ মূল বিষয়বস্তু হৈছে ‘গ্ল’বেল ভইচ্, ৱান ভিজন’, যাৰ লক্ষ্য হৈছে ৰোগী-কেন্দ্ৰিক আৰু প্ৰযুক্তি-নিৰ্ভৰ স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলা। এইবাৰৰ কাৰ্যসূচীত তিনিটা মূল ক্ষেত্ৰ, নেতৃত্ব ভিত্তিক নিৰাপত্তা মডেল, মানৱকেন্দ্ৰিক ডিজাইন, ডিজিটেল ৰূপান্তৰ আৰু চিকিৎসালয় পৰিচালনাৰ সামগ্ৰিক উৎকৃষ্টতা, ৰোগীৰ অভিজ্ঞতা আৰু ক্লিনিকেল ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

এপ’ল’ হাস্পতাল গ্ৰুপৰ যুটীয়া পৰিচালন সঞ্চালিকা ডাঃ সংগীতা ৰেড্ডীয়ে কয় যে, “বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই ইণ্টাৰনেচনেল হেল্ঠ ডাইলগ এক বিশ্বব্যাপী মঞ্চত পৰিণত হৈছে। য’ত চিকিৎসক, উদ্ভাৱক, নীতি নিৰ্ধাৰক আৰু পৰিৱৰ্তনকাৰী এজেণ্টসকলে একত্ৰিত হৈ স্বাস্থ্যসেৱাৰ পৰৱৰ্তী অধ্যায়ৰ ৰূপৰেখা তৈয়াৰ কৰে।” তেওঁৰ মতে, আই এইচ ডিৰ মূল লক্ষ্য হৈছে স্বাস্থ্যসেৱাক অধিক বহনক্ষম আৰু সৰ্বাংগীন কৰি তোলা, য’ত প্ৰতিটো উদ্ভাৱনেই মানুহৰ মংগলৰ বাবে উপযোগী হ’ব।

গুৰুত্বপূৰ্ণ সন্মিলন আৰু লাৰ্নিং ষ্ট্ৰিম

IPSC – ইণ্টাৰনেচনেল পেচেইণ্ট চেফ্টি কনফাৰেন্স: সক্ৰিয় পদ্ধতি আৰু স্বাস্থ্যসেৱা ব্যৱস্থাই ৰোগীৰ সুৰক্ষা কেনেকৈ উন্নত কৰিব পাৰে তাৰ ওপৰত এক আলোচনা।

HOPE – হেল্ঠ কেয়াৰ অপাৰেচন এণ্ড পেচেইণ্ট এক্সপেৰিয়েঞ্চ কনফাৰেন্স: বিশেষজ্ঞতা, সহানুভূতি আৰু উদ্ভাৱনৰ সংমিশ্ৰণেৰে ৰোগীৰ যাত্ৰাৰ প্ৰতিটো পদক্ষেপতে অপাৰেচনৰ উৎকৃষ্টতা নিশ্চিত কৰাত মনোনিৱেশ কৰা।

THIT – ট্ৰান্সফৰ্মিং হেল্ঠকেয়াৰ উইথ আইটি কনফাৰেন্স: বিশ্বৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যসেৱা আৰু আই টি নেতাসকলক একত্ৰিত কৰি অন্তৰ্দৃষ্টি, উত্তম পদ্ধতি আৰু শেহতীয়া উদ্যোগৰ উন্নয়নসমূহ ভাগ-বতৰা কৰা।

CLINOVATE – ক্লিনিকেল CME ছিৰিজ: অংক’লজী, কাৰ্ডিঅ’লজি, মহিলাৰ স্বাস্থ্য, দীৰ্ঘায়ু আৰু পৰীক্ষাগাৰৰ চিকিৎসাৰ বিখ্যাত স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ নেতৃত্বত উচ্চমানৰ, ব্যৱহাৰিক শিক্ষণৰ সুযোগ।

এই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা আলোচনাত বিশ্বৰ বিভিন্ন প্ৰখ্যাত চিকিৎসকে অংশগ্ৰহণ কৰিব। নাইজাৰ ৰিপাব্লিকৰ জনস্বাস্থ্য মন্ত্ৰী মাননীয় ড. কৰ্ণেল মেজৰ গাৰবা হাকিমি, পাপুয়া নিউ গিনিৰ স্বাস্থ্য আৰু এইচ আই ভি/এইডছ মন্ত্ৰী মাননীয় ড. ইলিয়াছ কাপাভ’ৰে, কংগো ৰিপাব্লিকৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰী মাননীয় ড. অধ্যাপক জিন-ৰ’জাৰ বাৰা, আৰু বাৰ্মুডাৰ স্বাস্থ্য মন্ত্ৰী মাননীয় ড. কিম উইলছন।

লগতে উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিশেষজ্ঞসকল ড° জনাথন পাৰ্লিন, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া, দ্য জইণ্ট কমিছন এণ্টাৰপ্ৰাইজ, ডাঃ কাৰ্ষ্টেন এংগেল, চিইঅ, ISQua, ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ জৈৱ চিকিৎসা অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ডাঃ ডিন হো, ডাঃ অতুল মোহন কোছাৰ, চিইঅ’, NABH, ডাঃ নীলম ধিংৰা(Vice President and Chief Patient Safety Officer, Joint Commission International), ডাঃ য়ায়েল জিমলিচমেন, চিফ ইনভেচন, ট্ৰান্সফৰমেচন এণ্ড এআই অফিচাৰ, শ্বেবা মেডিকেল চেণ্টাৰ আৰু প্ৰতিষ্ঠাপক সঞ্চালক,ARC, ইজৰাইলৰ -সহ ডিজিটেল হেল্ঠ ও স্বাস্থ্য ব্যৱস্থা ৰূপান্তৰৰ বিশ্বমানৰ বিশেষজ্ঞসকল।

এই বছৰৰ সন্মিলনত থাকিব Safe-A-Thon—ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত বাস্তৱ জগতৰ সমস্যা সমাধানৰ বাবে স্মাৰ্ট, স্কেলেবল আৰু সুলভ সমাধান উদ্ভাৱনৰ লক্ষ্যৰে এটা সহযোগিতামূলক প্ৰত্যাহ্বান। ইয়াৰ উপৰিও THNX (Technology & Healthcare Network eXchange) মুকলি কৰিব। ভাৰতৰ প্ৰথম ডিজিটেল স্বাস্থ্য ষ্টাৰ্টআপ কমিউনিটি, য’ত পিচ ডে’, পুঁজিৰ সুযোগ আৰু বিনিয়োগকাৰীৰ সৈতে মত বিনিয়মৰ ব্যৱস্থা কৰা হ’ব।

ইভেণ্টৰ ৱেবচাইট-https://internationalhealthdialogue.com/www.patient-safety.co.in,https://www.hopeconference.co.in/About Apollo HospitalsApollo revolutionised healthcar

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ