ৰাজ কুশৱাহা নহয়, এই ব্যক্তিজনৰ বাবেহে ৰাজাক হত্যা কৰা হ’ল… জ্যেষ্ঠ ভাতৃৰ চাঞ্চল্যকৰ দাবী

Raja-Sonam Raghuvanshi Update: ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ২৫ দিন পাৰ হৈ গ’ল। ইতিমধ্যে পত্নীসহ ৫ অভিযুক্তই স্বীকাৰ কৰিছে নিজৰ অপৰাধ । কিন্তু এতিয়াও এই গোচৰত চাঞ্চল্যকৰ নতুন নতুন তথ্য প্ৰকাশ হৈ আছে। এইবাপ ৰাজা ৰঘুবংশীৰ ভাতৃয়ে দাবী কৰিছে যে বোৱাৰী সোণমে নিজৰ প্ৰেমিক ৰাজ কুশৱাহাৰ বাবে নহয়, আন কাৰোবাৰ বাবে ভায়েকক হত্যা কৰিছিল।

ৰাজ কুশৱাহা নহয়, এই ব্যক্তিজনৰ বাবেহে ৰাজাক হত্যা কৰা হ’ল... জ্যেষ্ঠ ভাতৃৰ চাঞ্চল্যকৰ দাবী

ৰাজাৰ জ্যেষ্ঠ ভাতৃৰ চাঞ্চল্যকৰ দাবী

Updated On: 

17 Jun 2025 | 05:44 PM

এতিয়াও শিৰোনামত আছে ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ড। বৰ্তমান ৮ দিনৰ আৰক্ষীৰ ৰিমাণ্ডত আছে পত্নীসহ ৫ অভিযুক্ত  আটাইকেইজনেই । লগতে তেওঁলোকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এতিয়া কেৱল শাস্তিহে বাকী আছে। কিন্তু ইয়াৰ মাজতে প্ৰকাশ হৈছে আৰু বহুতো চাঞ্চল্যকৰ তথ্য । প্ৰেমিক ৰাজ কুশৱাহাৰ বাবে সোণেমে স্বামী ৰাজাক হত্যা কৰিছে বুলি ধাৰণা কৰা হৈছিল। কিন্তু এতিয়া সোণমৰ ভাতৃ এনে এক দাবী উত্থাপন কৰিছে, যিটো সঁচাকৈয়ে চাঞ্চল্যকৰ।

ৰাজাৰ জ্যেষ্ঠ ভাতৃ শচীন ৰঘুবংশীক মতে ৬০ বছৰীয়া পিতৃৰ স্বাৰ্থত সোণমে ৰাজাক বলি দিছে। কাৰণ সোণমৰ পিতৃ দেৱী সিঙৰ ইতিমধ্যে দুবাৰকৈ হাৰ্ট এটেক হৈছে। সোণমৰ পৰিয়ালে তন্ত্ৰ-মন্ত্ৰত বিশ্বাস কৰে। সেইবাবেই তেওঁলোকে ৰাজাক বলি দিছে।

শচীন ৰঘুবংশীয়ে কয়- “মোৰ ভাতৃ ৰাজাক বলি দিয়া হৈছে। পিতৃৰ স্বাস্থ্যৰ বাবেই সোণমে মানুহ বলি কৰিছে। তেওঁৰ পিতৃ আগতে দুবাৰকৈ হাৰ্ট এটেক হৈছিল যদিও এতিয়া সম্পূৰ্ণ সুস্থ।” লগতে শচীনে অভিযোগ কৰে যে সোণম আৰু তেওঁৰ পৰিয়াল তান্ত্ৰিক কামত জড়িত একাংশ লোকৰ সংস্পৰ্শত আছিল। বৰ্তমান এই অভিযোগ সন্দৰ্ভত সোণম ৰঘুবংশীৰ পৰিয়ালৰ লোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

ৰাজাৰ জ্যেষ্ঠৰ ভায়েক শচীন ৰঘুবংশীয়ে কয়- “সোণমৰ পিতৃয়ে কন্যাৰ ফটো ওলোটাকৈ ওলোমাই জীৱিত কৰি আনিবলৈ ক’লা যাদু কৰিছিল, কিন্তু জোঁৱাই ৰাজাৰ বাবে একে কাম কৰা নাছিল। সোণমৰ পৰিয়ালে যদি ৰাজাৰ ছবিখন ওলোটাকৈ ওলোমাই থ’লেহেঁতেন তেন্তে মোৰ ভাইটিও জীয়াই থাকিলহেঁতেন।” এই ষড়যন্ত্ৰত সোণমৰ পিতৃ-মাতৃও জড়িত বুলি উল্লেখ কৰি শচীনে আৰক্ষীক পুংখানুপুংখ তদন্তৰ দাবী জনায়।

তান্ত্ৰিক সংযোগৰ তদন্তৰ দাবী

শচীনে এই প্ৰশ্ন উত্থাপন কৰে যে সোণমৰ পৰিয়ালক কোনে তান্ত্ৰিক পৰামৰ্শ দিছিল আৰু এয়া হত্যাৰ ষড়যন্ত্ৰৰ অংশ নেকি? তেওঁ আৰক্ষীক তান্ত্ৰিক সংযোগৰ গভীৰ তদন্ত কৰিবলৈ দাবী জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব