কেৱল চুপাৰি কিলাৰেই নহয়, সোণমে হাতত ৰাখিছিল প্লেন বি…

ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত আন এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে । সোণম ৰঘুবংশীয়ে ৰাজাৰ হত্যাকাণ্ডৰ বাবে প্লেন বি প্ৰস্তুত কৰিছিল। তেওঁ যিকোনো মূল্যৰ বিনিময়ত ৰাজাৰ পৰা মুক্তি পাব বিচাৰিছিল। এই সমগ্ৰ ঘটনা সম্পন্ন কৰাত সহায় কৰিছিল সোণমৰ প্ৰেমিক ৰাজে।

কেৱল চুপাৰি কিলাৰেই নহয়, সোণমে হাতত ৰাখিছিল প্লেন বি...

ৰাজাক হত্যাৰ বাবে সোণমে প্ৰস্তুত কৰিছিল প্লেন বি!

Updated On: 

11 Jun 2025 | 10:06 AM

ইন্দোৰৰ চৰ্চিত ৰাজা ৰঘুবংশী হত্যাকাণ্ডত আন এক চাঞ্চল্যকৰ প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি চুপাৰি কিলাৰে যদি ৰাজাক হত্যা নকৰিলে হৈ, তেন্তে ৰাজা হত্যাৰ বাবে সোণমৰ হাতত প্লেন বি আছিল। শ্বিলঙত চেলফি তুলি লওঁতে সোণমে নিজেই ৰাজাক ঠেলি মাৰি পেলাই দিয়াৰ প্লেন বনাইছিল । মূল অভিযুক্ত সোণমক গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত  তেওঁক লগত লৈ শ্বিলঙত উপস্থিত হৈছে মেঘালয় আৰক্ষী।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ৰাজৰ সৈতে সোণমে ৰাজাক হত্যাৰ দায়িত্ব তেওঁৰ তিনিজন বন্ধুৰ হাতত অৰ্পণ কৰিছিল। তিনিওজনে পৰিকল্পিতভাৱে শ্বিলঙত ৰাজাক হত্যা কৰে। কিন্তু এই পৰিকল্পনা সফল নহ’লে সোণমে এটা বেকআপ প্লেন বি প্ৰস্তুত কৰিছিল।সোণমৰ দ্বিতীয় পৰিকল্পনা আছিল যে তেওঁ ৰাজাক হাই পইণ্টলৈ লৈ যাব আৰু চেলফি লোৱাৰ অজুহাতত ঠেলি দিব, যাতে তেওঁৰ মৃত্যুক দুৰ্ঘটনা হিচাপে লিপিবদ্ধ কৰিব পৰা যায়।

আৰক্ষীৰ তদন্তত ৰাজ কুশৱাহাৰ ফোনৰ পৰা বহু হাৱালা লেনদেনৰ তথ্য পোৱা গৈছে। হাৱালা লেনদেনত ব্যৱহৃত নোটৰ ফটোও ফোনত পোৱা গৈছে। প্রকাশ হোৱা আটাইতকৈ ডাঙৰ কথাটো হ’ল যে হাৱালা লেনদেনত সোণম ৰঘুবংশীৰ বেংক একাউণ্ট ব্যৱহাৰ কৰা হৈছিল৷ সোণমৰ প্ৰেমিক ৰাজ কুশৱাহাই পিঠামপুৰৰ এজন হাৱালা ব্যৱসায়ীৰ পৰা ৫০ হাজাৰ টকা লৈছিল, হত্যাকাণ্ডৰ পূৰ্বে তেওঁ তিনিজন বন্ধুৰ মাজত বিতৰণ কৰিছিল। এই ধনৰাশি সম্ভৱতঃ হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

বিবাহ আৰু ষড়যন্ত্ৰ

হত্যাকাণ্ডৰ কাহিনী আৰম্ভ হৈছিল সোণম আৰু ৰাজৰ বিবাহৰ পৰা। সোণমৰ বিয়াৰ দিনা  প্ৰেমিক ৰাজে চিঞৰি চিঞৰি কান্দিছিল, যিটো দেখি তেওঁৰ বন্ধুসকলে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ সিদ্ধান্ত ল’লে। বিয়াৰ দিনা ৰাজে সোণমক কৈছিল – ৰাজাক শ্বিলঙলৈ নিব, আমি তাতেই মাৰিম।

পিছত সোণমে ৰাজাক ক’লে – কামাখ্যা দৰ্শন নকৰালৈ আমি এক হ’ব নোৱাৰো। এই অজুহাতত ৰাজাক শ্বিলঙলৈ অনা হ’ল। সূত্ৰ অনুসৰি হত্যাকাণ্ডৰ পিছত সোণমে নেপাললৈ পলায়ন কৰিবলৈ সাজু হৈছিল। হত্যাকাণ্ডৰ পিছত শিলিগুৰি হৈ ইন্দোৰলৈ আহিছিল, আৰু তাৰ পিছত উত্তৰ প্ৰদেশত উপস্থিত হৈছিল।

অপাৰেশ্যন হানিমুন কেনেকৈ সফল হ’ল?

এই সমগ্ৰ ঘটনাৰ সত্যতা উন্মোচন কৰিবলৈ মেঘালয় আৰক্ষীয়ে অপাৰেশ্যন হানিমুন চলাইছিল, য’ত ১২০ জনতকৈ অধিক আৰক্ষী জড়িত আছিল। ৪২টাতকৈও অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হয়। ইয়াৰ পিছতহে সমগ্ৰ ষড়যন্ত্ৰৰ লিংক সংযোগ কৰিব পৰা গ’ল। চলিত বৰ্ষৰ ১১ মে’ত বিয়া হৈছিল ৰাজা আৰু সোণমৰ। বিয়াৰ পিছত দুয়োজনে শ্বিলঙলৈ হানিমুনলৈ আহিছিল আৰু তাতেই ৰাজাক হত্যা কৰা হয়। এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৰাজাৰ পত্নী সোণম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...