কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা, ভিতৰত আছিল ২৭২ জন যাত্ৰী! তাৰ পিছতে…

চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্মুখীন হোৱা বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল বুলি খবৰ প্ৰকাশ পাইছে।

কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা, ভিতৰত আছিল ২৭২ জন যাত্ৰী! তাৰ পিছতে...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

02 Sep 2025 11:26 AM

বিগত ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। এই হৃদয় বিদাৰক ঘটনাত মৃত্যুক সাবটি লয় ২৬০ জন লোকে। আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ কৰুণ দৃশ্য দেশবাসীৰ মনত স্বাভাৱিকতেই চিৰকাললৈ থাকিব। ইফালে আজি এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিছে ইণ্ডিগোৰ এখন বিমান। মাজ আকাশতে যাত্ৰীসহ কলকাতা অভিমুখী বিমানখনত খুন্দা মাৰে চৰায়ে।

জানিব পৰা মতে, ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্মুখীন হোৱা বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল বুলি খবৰ প্ৰকাশ পাইছে।

অৱশ্যে চৰাইৰ খুন্দাৰ পিছতে বিমানখনৰ পাইলটে সময়মতে লোৱা তাৎক্ষণিক ব্যৱস্থাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। সম্প্ৰতি বিমানখনৰ সকলো যাত্ৰী তথা কৰ্মচাৰী সুৰক্ষিত আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, চৰাইৰ সৈতে খুন্দা মৰাৰ পিছতে বিমানখনে বতাহতে লৰচৰ কৰিবলৈ ধৰিলে।

এনে পৰিস্থিতিত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিমান কৰ্মচাৰীয়ে যাত্ৰীসকলক ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। কোনো ভয়াৱহ বিপদৰ সন্মুখীনশোৱাৰ পূৰ্বেই পাইলটে নিজৰ বুদ্ধিমত্তাৰে কম সময়ৰ ভিতৰত নিৰাপদে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰায়।

বিমানখনৰ জৰুৰীকালীন অৱতৰণৰ পিছতে বিমানবন্দৰৰ জ্যেষ্ঠ সঞ্চালক অবিদ ৰুহীয়ে ঘটনা সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে ইণ্ডিগ’ৰ নাগপুৰৰ পৰা কলকাতা অভিমুখী বিমানখনত চৰাইয়ে খুন্দা মৰাৰ সন্দেহ কৰা হৈছে। এই ঘটনাৰ তদন্ত কৰি থকা হৈছে বুলি জ্যেষ্ঠ বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।

উল্লেখ্য যে বিমানৰ ক্ষেত্ৰত চৰাইৰ খুন্দাক এক গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰা হয়। বিশেষকৈ টেক অফ আৰু লেণ্ডিঙৰ সময়ত ই গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে। বহু সময়ত চৰাইৰ আঘাত বা বিমানৰ ইঞ্জিনত চৰাই আবদ্ধ হৈ পৰাৰ ফলত কাৰিকৰী সমস্যাৰ সৃষ্টি হ’ব পাৰে। চৰাইৰ আঘাতে বিমানখনৰ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...