কিয় বাতিল হ’ল শতাধিক ইণ্ডিগ’ বিমানৰ উৰণ? আঁৰৰ কাৰণ জানক
ইণ্ডিগ’ৰ শতাধিক বিমান বাতিলৰ আঁৰৰ প্ৰকৃত কাৰণ উন্মোচন কৰিছে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটে। এফ আই পিৰ মতে, ইণ্ডিগ’ৰ সমস্যাসমূহ নিজৰ দীৰ্ঘদিনীয়া ত্ৰুটিপূৰ্ণ নীতিৰ পৰাই উদ্ভৱ হৈছে। বছৰ বছৰ ধৰি কোম্পানীটোৱে ইচ্ছাকৃতভাৱে অত্যধিক কম পাইলট নিয়োগ কৰিছে।

ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটে স্পষ্টকৈ উল্লেখ কৰিছে যে, বিগত কিছু দিনত ইণ্ডিগ’ই শ শ বিমান বাতিল হোৱাৰ প্ৰকৃত কাৰণ দিল্লী উচ্চ ন্যায়ালয়ৰ নতুন পাইলট ডিউটি টাইম (এফডিটিএল) নিয়ম নহয়। এফ আই পিৰ মতে, বাকী সকলো বিমান সংস্থাই ইতিমধ্যে অতিৰিক্ত পাইলট নিযুক্তি দিছিল, গতিকে নতুন নিয়মে তেওঁলোকৰ বাবে কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল।
এফ আই পিয়ে দাবী কৰিছিল যে ইণ্ডিগ’ৰ সমস্যাসমূহ তেওঁলোকৰ নিজৰ অতীতৰ ত্ৰুটিপূৰ্ণ নীতিৰ পৰাই উদ্ভৱ হৈছে। বছৰ বছৰ ধৰি কোম্পানীটোৱে ইচ্ছাকৃতভাৱে অত্যধিক কম পাইলট নিয়োগ কৰি আহিছে। ই নতুন নিয়মৰ বিষয়ে দুবছৰ আগতেই জানিছিল, তথাপিও বিমান সংস্থাটোৱে কাৰ্যতঃ নতুন নিযুক্তি বন্ধ কৰি দিছিল, অন্য বিমান সংস্থাৰ পাইলট নিযুক্তি দিয়াত বাধা দিবলৈ চেষ্টা কৰিছিল আৰু পাইলটৰ দৰমহা বৃদ্ধি কৰাত ব্যৰ্থ হৈছিল। ইয়াৰ লগতে প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱো আছিল।
যেতিয়া নতুন নিয়ম কাৰ্যকৰী হ’ল, তেতিয়া তেওঁলোকে পাইলটৰ যথেষ্ঠ অভাৱৰ সন্মুখীন হ’বলগীয়া হয় আৰু বৃহৎ সংখ্যক বিমান বাতিল কৰিবলগীয়া হয়। আন বিমান সংস্থাসমূহে আগতীয়াকৈ প্ৰস্তুতি চলাইছিল, আনহাতে ইণ্ডিগ’ই বিলম্ব কৰিছিল, যাৰ ফলত যাত্ৰীসকলে ইমান অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
এইটোৱেই হৈছে বাতিলৰ প্ৰকৃত কাৰণ – এফআইপিৰ দাবী
২০২৫ চনৰ ১ জুলাইৰ পৰা এফডিটিএলৰ প্ৰথম পৰ্যায় আৰু ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা দ্বিতীয় পৰ্যায় কাৰ্যকৰী হোৱাৰ পিছত ইণ্ডিগ’ই পাইলটৰ ছুটী হ্ৰাস কৰে আৰু পৰৱৰ্তী সময়ত ছুটী ক্ৰয় কৰাৰ চেষ্টা কৰে, যিয়ে আকাংক্ষিত সঁহাৰি নাপালে। এফআইপিয়ে কয় যে ইয়াৰ ফলত পাইলট আৰু কৰ্মচাৰীৰ মনোবল আৰু অধিক ক্ষতিগ্ৰস্ত হয়, আনহাতে কোম্পানীটোৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে একে সময়ছোৱাতে বৃহৎ দৰমহা বৃদ্ধিৰ পেকেজ লাভ কৰে।
এফআইপিয়ে আৰু কয় যে, শীতকালত ঘন কুঁৱলীৰ ফলত বিমানৰ উৰণ আৰু অৱতৰণত পলম হ’ব পাৰে। এই ঋতুত বিমান সংস্থাসমূহে সাধাৰণতকৈও অধিক পাইলট নিয়োগ কৰিব লাগে। ইয়াৰ পিছতো ইণ্ডিগ’ই শীতকালীন সময়সূচী সম্প্ৰসাৰণ কৰিলে, তথাপিও এজনো নতুন পাইলট নিযুক্তি বা প্ৰশিক্ষণো নিদিলে। এফআইপিয়ে আশংকা কৰিছে যে ইণ্ডিগ’ই ইচ্ছাকৃতভাৱে ইমানবোৰ বিমান বাতিল কৰি পলম কৰি চৰকাৰ আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক নতুন পাইলট কৰ্তব্যৰ নিয়ম অতি কঠোৰ বুলি বিশ্বাস কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে, যেতিয়া প্ৰকৃত সমস্যাটো কোম্পানীটোৰ ভিতৰতে নিহিত হৈ আছে।
এফআইপিয়ে এই পৰামৰ্শ ডিজিচিএক দিছিল
এফআইপিয়ে পৰামৰ্শ দিয়ে যে এতিয়া ডিজিচিএই নিৰ্দিষ্ট ঋতুৰ বাবে সূচী অনুমোদন কৰিব লাগে, যেনে শীতকাল বা বাৰিষা, যদিহে বিমান সংস্থাটোৱে লিখিতভাৱে প্ৰমাণ কৰে যে নতুন এফডিটিএল নিয়ম মানি চলিবলৈ পৰ্যাপ্ত পাইলট আছে। যদি কোনো বিমান সংস্থাই নিজৰ পাইলটৰ অভাৱৰ বাবে যাত্ৰীসকলক অসুবিধা দি থাকে তেন্তে ডি জি চি এয়ে ইয়াৰ মূল্যৱান টেক অফ আৰু লেণ্ডিং স্লট কাঢ়ি লৈ পাইলটৰ সম্পূৰ্ণ ক্ৰু থকা বিমান সংস্থাসমূহক আবণ্টন দিব লাগে। যেনে এয়াৰ ইণ্ডিয়া বা আকাছা। ইয়াৰ ফলত যাত্ৰীসকলৰ অসুবিধা হ্ৰাস পাব আৰু লগতে বিমান সংস্থাসমূহে নিয়ম মানি চলিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰিব।