ভাৰত মহাসাগৰত কি কৰিছে চীনৰ চোৰাংচোৱা জাহাজে ? জলসীমাত নৌসেনাৰ কৌশলগত অৱস্থান শক্তিশালী কৰাৰ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতৰ বাবে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে চীন । খবৰ অনুসৰি দেশখনৰ পূব সীমান্তত চীনৰ আগ্ৰাসন আৰম্ভ হৈছে। পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে চীনৰ বিভিন্ন সন্দেহজনক কাম-কাজ । যাৰ বাবে এতিয়া অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

ভাৰত মহাসাগৰত কি কৰিছে চীনৰ চোৰাংচোৱা জাহাজে ? জলসীমাত নৌসেনাৰ কৌশলগত অৱস্থান শক্তিশালী কৰাৰ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

প্ৰতীকী ফটো

Updated On: 

19 May 2025 | 02:35 PM

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সামৰিক বাহিনীৰ তিনিওটা শাখাৰ শক্তি বিশ্বই অনুমান কৰিছে । শেহতীয়া যুদ্ধ উত্তেজনাৰ পৰিপ্ৰেক্ষিত ভাৰতীয় বায়ুসেনা আৰু সেনাবাহিনীৰ লগতে ভাৰতীয় নৌসেনাও আৰব সাগৰত সম্পূৰ্ণ শক্তিৰে সাজু আছিল। আপেক্ষাত আছিল মাথোঁ এটা গ্ৰীণ চিগনেলৰ। কিন্তু নৌসেনাৰ প্ৰয়োজন আৰু নাহিল। ভাৰতীয় বায়ু সেনাই উচিত শিক্ষা দিলে পাকিস্তানক ।

কিন্তু ইয়াৰ মাজতে ভাৰতৰ বাবে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে চীন । খবৰ অনুসৰি দেশখনৰ পূব সীমান্তত চীনৰ আগ্ৰাসন আৰম্ভ হৈছে। পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে চীনৰ বিভিন্ন সন্দেহজনক কাম-কাজ । যাৰ বাবে এতিয়া অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

ভাৰত মহাসাগৰত চলাচল আৰম্ভ হৈছে চীনৰ নৌসেনাৰ জাহাজ । এই বিষয়তে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় নৌসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধিনায়ককে ধৰি শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। খবৰ অনুসৰি, বৈঠকত উপস্থিত আছিল ইষ্টাৰ্ণ নৌসেনা এলেকাৰ কামাণ্ডাৰ ভাইচ এডমিৰেল ৰাজেশ পেন্ধাৰকাৰ । তেওঁ বংগোপসাগৰ আৰু ভাৰত মহাসাগৰত ভাৰতীয় নৌসেনাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে।

সূত্ৰ অনুসৰি, বৈঠকত ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজখনৰ কৌশলগত অৱস্থান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিবক অৱগত কৰা হয়। নৌসেনাৰ সূত্ৰ অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিবে ইষ্টাৰ্ণ কমাণ্ডৰ অধীনত থকা জলসীমাত নৌসেনাক অধিক চোৰাংচোৱাগিৰি আৰু সজাগতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। লগতে ডেষ্ট্ৰয়াৰ, ফ্ৰিগেটৰ দৰে যুদ্ধজাহাজেৰে বাৰে বাৰে টহল দিয়াৰ নিৰ্দেশ দিয়া হৈছে বুলিও খবৰ প্ৰকাশ পাইছে।

জানিব পৰা মতে, বিশেষকৈ বাংলাদেশ সীমান্তত বিশেষভাৱে টহল দিয়াৰ নিৰ্দেশ দিয়া হৈছে। কোৱা হৈছে যে, পাকিস্তানৰ ‘বিশেষ বন্ধু’ বাংলাদেশক ভিত্তি কৰি উগ্ৰপন্থী সংগঠনসমূহে এই জলপথসমূহ ব্যৱহাৰ কৰিব পাৰে । নৌসেনাৰ সূত্ৰ অনুসৰি, সেই বিষয়টোও বৈঠকত গুৰুত্বসহকাৰে লোৱা হৈছিল। সহজ ভাষাত ক’বলৈ গ’লে ভাৰতীয় নৌসেনাৰ কৌশলগত যি যি সুবিধা আছে, সেই দিশত অৱস্থান আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত ইষ্টাৰ্ণ নৌসেনাৰ কমাণ্ডাৰক নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিবে।

বিগত কেইমাহমানৰ পৰা ভাৰতৰ জলসীমাত চোৰাংচোৱাগিৰি আৰম্ভ কৰা চীনৰ জাহাজসমূহৰ ওপৰত অধিক নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিবে। জানিব পৰা মতে,চীনৰ কেইবাখনো জাহাজে শ্ৰীলংকাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অজুহাতত কেইবাবাৰো ভাৰত-শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰিছে। যাৰ পৰিপ্ৰেক্ষিত অধিক সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...