BrahMos: সেনাৰ হাতত মিনি ব্ৰহ্মোছ, ভাৰত এতিয়া চীনৰ শত্ৰুৰ ‘ত্ৰাণকৰ্তা’

ইতিহাসত সৰ্বাধিক প্ৰতিৰক্ষা সামগ্ৰ ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত কূটনৈতিকভাৱে চীনক দমন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে ভাৰতে । ভাৰতৰ ব্ৰহ্মোছ ক্ৰয় কৰিবলৈ আগ্ৰহী ফিলিপাইনছৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ডৰ দৰে কমেও ৬ খন দেশ।

BrahMos: সেনাৰ হাতত মিনি ব্ৰহ্মোছ, ভাৰত এতিয়া চীনৰ শত্ৰুৰ ‘ত্ৰাণকৰ্তা’
Published: 

05 Feb 2025 | 02:39 PM

৪৫ কোটি ডলাৰৰ ব্ৰহ্মোছ মিছাইল চুক্তি । ইতিহাসত সৰ্বাধিক প্ৰতিৰক্ষা সামগ্ৰ ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত কূটনৈতিকভাৱে চীনক দমন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে ভাৰতে । ভিয়েটনামৰ সৈতে ভাৰতৰ ব্ৰহ্মোছ চুক্তি যিকোনো দিনতে চূড়ান্ত হ’ব পাৰে। ভাৰতৰ ব্ৰহ্মোছ ক্ৰয় কৰিবলৈ আগ্ৰহী ফিলিপাইনছৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ডৰ দৰে কমেও ৬ খন দেশ।

এই দেশ কেইখনৰ একমাত্ৰ লিংক আছে চুবুৰীয়া চীন আৰু ভাৰতৰ সৈতে । কিন্তু দীৰ্ঘদিন ধৰি চীনৰ সৈতে দেশকেইখনৰ চলি থকা ভূমি বিবাদৰ সুযোগ গ্ৰহণ কৰিব পাৰে ভাৰতে । কূটনীতিবিদ আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনক প্ৰতিহত কৰিবলৈ ভাৰতে গ্ৰহণ কৰিব পাৰে ৰক-ইন-দ্য-ৱাল কৌশল।

ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি। বিশ্বৰ সৰ্ববৃহৎ মুছলমান সম্প্ৰদায় বাস কৰে ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ নিমন্ত্ৰণ জনোৱাক সহজভাৱে ল’ব পৰা নাছিল পাকিস্তানে । সেয়েহে পাকিস্তানে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোক ভাৰত ভ্ৰমণৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিবলৈ অনুৰোধ কৰিছিল । সন্মতিও দিছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । কিন্তু ভাৰতৰ সময়সূচী সলনি কৰি পাকিস্তানলৈ যোৱাটো কূটনৈতিক শিষ্টাচাৰ নহয় বুলি অসন্তুষ্টি প্ৰকাশ কৰে দিল্লীয়ে। ইয়াৰ লগে লগে পাকিস্তান ভ্ৰমণ বাতিল কৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে ।

প্ৰশ্ন হয়, বিশ্বৰ সৰ্বাধিক মুছলমানে বাস কৰা দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পাকিস্তানৰ সলনি ভাৰতক কিয় গুৰুত্ব দিছিল ? কেইবাবছৰ ধৰি ইণ্ডোনেছিয়াৰ ওপৰত জলসীমাক লৈ হেঁচা প্ৰয়োগ কৰি আহিছে চীনে । এই বিবাদ মূলতঃ দক্ষিণ চীন সাগৰৰ জলসীমাত। তিনিটা প্ৰৱেশ পইণ্টকে ধৰি ইণ্ডোনেছিয়াৰ জলসীমাৰ বৃহৎ অংশ নিজৰ বুলি দাবী কৰি আহিছে বেইজিঙে। সঘনাই সেই অঞ্চলত জৰীপ আৰু চোৰাংচোৱাগিৰিৰ কৰে চীনৰ যুদ্ধজাহাজে।

চীনক প্ৰত্যাহ্বান জনোৱাৰ সামৰ্থ্য নাই ইণ্ডোনেছিয়াৰ নৌসেনাৰ । ইণ্ডোনেছিয়াৰ বাবে ব্ৰহ্মোছ অধিক ফলপ্ৰসূ যদিও অতি ব্যয়বহুল। কিন্তু ভাৰতে বিগত এবছৰত এই ব্যয়বহুলতা যথেষ্ট হ্ৰাস কৰিছে। একে সময়তে মিনি ব্ৰছোহ্মৰ কামো সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে ভাৰত ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...