২৫ জুলাইৰ পৰা আৰম্ভ হ’ব ৰে’লৱেৰ শ্ৰী ৰামায়ণ যাত্ৰাঃ আপুনিও হ’ব পাৰিব যাত্ৰী, দিব লাগিব ইমান ধন
অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’ব ‘শ্ৰী ৰামায়ণ যাত্ৰা’। ভগৱান ৰামৰ ভক্ত সকলৰ বাবে পুনৰ এবাৰ এই ধৰ্মীয় যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে। এই সময়ছোৱাত ভক্তসকলে অযোধ্যাৰ পৰা ৰামেশ্বৰমলৈ ৩০ টাতকৈও অধিক পবিত্ৰ স্থান পৰিদৰ্শন কৰিব পাৰিব।

ৰে’লৱেই আৰম্ভ কৰিব শ্ৰী ৰামায়ণ যাত্ৰা
ভগৱান ৰামৰ ভক্ত সকলৰ বাবে পুনৰ এবাৰ ‘শ্ৰী ৰামায়ণ যাত্ৰা’ আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে। ১৭ দিনৰ ভ্ৰমণসূচীৰে অহা ২৫ জুলাইৰ পৰা এই ধৰ্মীয় যাত্ৰা আৰম্ভ হ’ব। এই সময়ছোৱাত ভক্তসকলে অযোধ্যাৰ পৰা ৰামেশ্বৰমলৈ ৩০ টাতকৈও অধিক পবিত্ৰ স্থান পৰিদৰ্শন কৰিব পাৰিব। এই যাত্ৰাৰ সময়ত ভক্তসকলে ধৰ্মীয় পৰ্যটনৰ লগতে বিলাসী যাত্ৰাও উপভোগ কৰিব পাৰিব। ৰে’লৱেৰ এই শ্ৰী ৰামায়ণ যাত্ৰা দিল্লীৰ পৰা আৰম্ভ হ’ব আৰু ৰামেশ্বৰম হৈ এই যাত্ৰা পুনৰ দিল্লীলৈ উভতিব।
বিগত বৰ্ষত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন হোৱাৰ পিছৰে পৰা দেশজুৰি ৰাম মন্দিৰ দৰ্শনৰ বাবে ভক্তসকল উদগ্ৰীৱ হৈ পৰিছে। ভক্তসকলৰ এনে আগ্ৰহৰ পৰিপ্ৰেক্ষিতত ভাৰত গৌৰৱ ডিলাক্স এ চি পৰ্যটন ৰে’লযোগে অহা ২৫ জুলাইৰ পৰা IRCTC- এ ‘শ্ৰী ৰামায়ণ যাত্ৰা’ আৰম্ভ কৰিবলৈ। এয়া হ’ব IRCTC- ৰ পঞ্চম ৰামায়ণ যাত্ৰা। এই যাত্ৰা আৰম্ভ হৈছিল ২০২১ চনৰ পৰা।
তেতিয়াৰ পৰা এই ৰে’লখনে প্ৰতি বছৰে ভগৱান ৰামৰ সৈতে জড়িত স্থানসমূহলৈ ভক্তিমূলক যাত্ৰা কৰি আহিছে। এই ৰে’লত মুঠ ১৫০ খন আসন থাকিব। এচি ফাৰ্ষ্ট ক্লাছ (Coupe)ত ২০খন আৰু এচি ফাৰ্ষ্ট ক্লাছ (Cabin)ত ৩৮খন আসন থাকিব। ইয়াৰ বাহিৰেও এচি ছেকেণ্ড ক্লাছত ৩৬ খন আৰু এচি থাৰ্ড ক্লাছত ৫৬ খন আসন আছে।
এচি থাৰ্ড ক্লাছৰ এখন আসনৰ ভাড়া ১,১৭,৯৭৫ টকা হ’ব, আনহাতে এচি ছেকেণ্ড ক্লাছৰ ভাড়া ১,৪০,১২০ টকা নিৰ্ধাৰণ কৰা হৈছে। এচি ফাৰ্ষ্ট ক্লাছ (Cabin)ৰ এখন আসনৰ বাবে ১,৬৬,৩৮০ টকা আৰু চি ফাৰ্ষ্ট ক্লাছ (Coupe)ৰ বাবে ১,৭৯,৫১৫ টকা পৰিশোধ কৰিব লাগিব ভক্তসকলে। এই পেকেজত সকলো ডবাতে ৩ ষ্টাৰ হোটেলৰ দৰে থকাৰ ব্যৱস্থা, খাদ্য (কেৱল নিৰামিষ), ভ্ৰমণ বীমা ইত্যাদি সেৱা অন্তৰ্ভুক্ত কৰা হৈছে বুলি IRCTC-এ উল্লেখ কৰিছে।
ৰে’লৱেৰ ১৭ দিনীয়া এই ‘শ্ৰী ৰামায়ণ যাত্ৰা ৩০ টাতকৈও অধিক স্থানৰ মাজেৰে পাৰ হ’ব। দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা আৰম্ভ কৰি গাজিয়াবাদ, আলিগড়, টুণ্ডলা, ইটাৱা আৰু কানপুৰ হৈ লক্ষ্ণৌত উপস্থিত হ’ব এই যাত্ৰা। এই ৰে’লখনত শ্বাৱাৰ কিউবিকল, ফুট মাছাজাৰ, চেন্সৰ ভিত্তিক ৱাছৰুম, চিচিটিভি আৰু আধুনিক অনব’ৰ্ড পাকঘৰৰ পৰা ৰন্ধা নিৰামিষ খাদ্যৰ সুবিধা থাকিব। যাত্ৰাৰ সময়ত প্ৰতিদিনে পুৱা ভগৱান ৰামৰ সৈতে জড়িত এখন নতুন চহৰত উপস্থিত হ’ব ৰে’লখন।
দিল্লীৰ পৰা আৰম্ভ কৰি এই যাত্ৰাৰ প্ৰথম ষ্টপ হ’ব অযোধ্যা। ৰাম জন্মভূমি মন্দিৰ আৰু হনুমান গড়ী ভ্ৰমণৰ উপৰিও সৰজু নদীৰ পাৰত থকা ‘ৰাম কি পেড়ি’ ভক্তসকলে দৰ্শন কৰিব পাৰিব। ইয়াৰ পিছত হিন্দু ধৰ্মাৱলম্বীসকলৰ আন এক পবিত্ৰ স্থান বাৰাণসীলৈও যাব ৰে’লখন। বাৰাণসীৰ পৰা ৰে’লখন নন্দিগ্ৰাম অভিমুখে ৰাওনা হ’ব। আখ্যান অনুসৰি নন্দীগ্ৰামতে ভৰতে বনবাসৰ পৰা উভতা জ্যেষ্ঠ ভাতৃ ৰামৰ বাবে অপেক্ষা কৰিছিল।
সীতাৰ জন্মস্থান হিচাপে চৰ্চিত বিহাৰৰ সীতামৰ্হী আৰু তাৰ পিছত নেপালৰ জনকপুৰৰ ৰাম জনকী মন্দিৰ দৰ্শনৰ বাবেও এই ৰে’লখনে যাত্ৰাসূচী সামৰি ল’ব। ৰে’লখনে বাক্সাৰ, বাৰাণসী, প্ৰয়াগৰাজ, শ্ৰিংগাভেৰপুৰ আৰু চিত্ৰকূট ভ্ৰমণ কৰিব। ইয়াৰ পিছত ই পঞ্চৱতীৰ সৈতে সংযুক্ত নাচিকলৈ আৰু হাম্পীলৈ ৰাওনা হ’ব। উল্লেখ্য যে এই হাম্পী পূৰ্বৰ কিষ্কিন্ধা ৰাজ্য আছিল বুলি বিশ্বাস কৰা হয়।
যাত্ৰাৰ অন্তিম লক্ষ্যস্থান হিচাপে তামিলনাডুৰ ৰামেশ্বৰমত উপস্থিত হ’ব ৰে’লখন। ৰামেশ্বৰমতে ভগৱান ৰামে বান্দৰ সেনাৰ সহায়ত লংকালৈ সাগৰৰ ওপৰেৰে দলং নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত এই ৰে’লখন পুনৰ দিল্লীলৈ উভতিভ আৰু তীৰ্থযাত্ৰাৰ অন্ত পৰিব।