আৰম্ভ হৈছে বুলেইট ট্ৰেইনৰ কামঃ ক’ৰপৰা ক’লৈ চলিব এই দ্ৰুতবেগী ৰে’ল

বন্দে ভাৰতৰ পিছত এতিয়া দেশবাসীয়ে অপেক্ষা কৰিছিল বুলেট ট্ৰেইনৰ বাবে আৰু ৰে’লৱেই এতিয়া দেশবাসীৰ এই অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে। দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৰে’লৱেই। প্ৰকাশিত খবৰ অনুসৰি, দ্ৰুতগতিৰ এই বুলেইট ট্ৰেইন ক’ৰপৰা চলিব আৰু কোনবোৰ ষ্টেচনক সামৰি ল’ব তাৰ তালিকাও প্ৰায় প্ৰস্তুত কৰা হৈছে।

আৰম্ভ হৈছে বুলেইট ট্ৰেইনৰ কামঃ ক’ৰপৰা ক’লৈ চলিব এই দ্ৰুতবেগী ৰে’ল

দেশত চলিব বুলেইট ট্ৰেইন

Published: 

14 Mar 2025 18:01 PM

দেশৰ আটাইতকৈ সুলভ আৰু ব্যৱহৃত পৰিবহণ ব্যৱস্থা হিচাপে ভাৰতীয় ৰে’লৱেই জনসাধাৰণৰ আস্থা জয় কৰি আহিছে। সময়ৰ অগ্ৰগতিৰ লগে লগে ভাৰতীয় ৰে’লৱেও নতুন প্ৰযুক্তিৰে জনসাধাৰণৰ অধিক কাষ চাপিছে। শেহতীয়া সময়ছোৱাত ৰে’লৱেই আৰম্ভ কৰিছিল দ্ৰুতবেগী বন্দে ভাৰত ৰে’লৰ চলাচল। বন্দে ভাৰতৰ পিছত এতিয়া দেশবাসীয়ে অপেক্ষা কৰিছিল বুলেট ট্ৰেইনৰ বাবে আৰু ৰে’লৱেই এতিয়া দেশবাসীৰ এই অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে। দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৰে’লৱেই।

প্ৰকাশিত খবৰ অনুসৰি, দ্ৰুতগতিৰ এই বুলেইট ট্ৰেইন ক’ৰপৰা চলিব আৰু কোনবোৰ ষ্টেচনক সামৰি ল’ব তাৰ তালিকাও প্ৰায় প্ৰস্তুত কৰা হৈছে। ট্ৰেইনখনৰ চলাচলৰ বাবে এটা এলিভেটেড ট্ৰেক নিৰ্মাণ কৰা হ’ব বুলিও জানিব পৰা গৈছে। সূত্ৰ অনুসৰি টিলা কনছালটেণ্টছ প্ৰাইভেট লিমিটেডে এই ট্ৰেকৰ বাবে মাটি জৰীপৰ কাম আৰম্ভ কৰিছে। জানিব পৰা মতে, এই বুলেইট ট্ৰেইণ বাৰাণসীৰ পৰা হাওৰালৈ চলাচল কৰিব।

বিহাৰৰ জেহানাবাদ হৈ গন্তব্য স্থানত উপস্থিত হ’ব এই ৰে’লখন। সূত্ৰৰ পৰা জানিব পৰা মতে, জেহানাবাদতো ৰে’লখনৰ প্ৰতি লক্ষ্য ৰাখি এটা ষ্টেচন নিৰ্মাণৰ কাম চলি আছে। মাটি জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অধিগ্ৰহণৰ কাম আৰম্ভ হ’ব। তাৰ পিছত ট্ৰেক নিৰ্মাণ কৰা হ’ব বুলি বাতৰিত প্ৰকাশ পাইছে। এই বুলেট ট্ৰেইনৰ গতি হ’ব প্ৰতি ঘণ্টাত ৩৫০ কিলোমিটাৰ।

বাৰাণসী-হাওৰা বুলেট ট্ৰেইন প্ৰকল্পৰ অধীনত ইতিমধ্যে ৰুট চাৰ্ট প্ৰকাশ কৰা হৈছে। এই বুলেট ট্ৰেইনখনে পূব ভাৰতৰ প্ৰধান চহৰ বাৰাণসী, বাক্সাৰ, পাটনা, গয়া, ধনবাদ আৰু কলকাতাক সংযোগ কৰিব। বাৰাণসী-হাওৰা বুলেট ট্ৰেইনৰ বাবে বিহাৰত মুঠ পাঁচটা ষ্টেচন নিৰ্মাণ কৰা হ’ব। প্ৰথম পৰ্যায়ত বুক্সাৰ, পাটনা আৰু গয়াত ষ্টেচন নিৰ্মাণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত আৰা আৰু জেহানাবাদ ষ্টেচন নিৰ্মাণ কৰা হ’ব।

তথ্য অনুসৰি এলিভেটেড ট্ৰেক আৰু ষ্টেচনৰ বাবে প্ৰায় ৭৭.৩ হেক্টৰ মাটি অধিগ্ৰহণ কৰা হ’ব। বাৰাণসীৰ পৰা হাওৰালৈ বুলেট ট্ৰেইনৰ পথৰ দৈৰ্ঘ্য হ’ব ৭৬০ কিলোমিটাৰ। ইয়াৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগৰ প্ৰায় আটাইবোৰ ডাঙৰ চহৰক সংযোগ কৰা হ’ব। প্ৰথম পৰ্যায়ত এই লাইনটো বাৰাণসীৰ পৰা হাওৰালৈ নিৰ্মাণ কৰা হ’ব, আৰু পিছত দিল্লীৰ সৈতে সংযোগ কৰা হ’ব।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!