এতিয়াৰ পৰা ট্ৰেইনত কেৱল চাদৰ আৰু কম্বল নহয়, পাব এই বিধ বস্ত্ৰ…

ৰে'লযোগে যাত্ৰা কৰাৰ সময়ত বহু যাত্ৰীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰ সকলো যাত্ৰীক সুবিধাৰ কথা মনত ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়াৰ পৰা ট্ৰেইনত কেৱল চাদৰ আৰু কম্বল নহয়, পাব এই বিধ বস্ত্ৰ...
Published: 

19 Oct 2025 13:41 PM

এইবাৰ ৰে’ল যাত্ৰীসকলে অধিক সুবিধা লাভ কৰিব। দীৰ্ঘ দূৰত্বৰ ৰে’ল যাত্ৰাৰ সময়ত কেৱল চাদৰ আৰু কম্বল নহয়, আৰু কিছুমান সামগ্ৰী লাভ কৰিব। শীতকাল আহি আছে। ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত বহু যাত্ৰীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰ সকলো যাত্ৰীক সুবিধাৰ কথা মনত ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চাদৰ আৰু কম্বলৰ লগতে এইবাৰ কম্বলৰ কভাৰৰ ব্যৱস্থা কৰা হ’ব।

১৬ অক্টোবৰ বৃহস্পতিবাৰে ভাৰতীয় ৰে’লৱেই এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰে। এতিয়াৰে পৰা এচি ডবাত যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে কম্বল কভাৰৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ৰে’লৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ বাবে আৰু যাত্ৰা অধিক আৰামদায়ক কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দীৰ্ঘদিন ধৰি ৰে’ল যাত্ৰীসকলে অভিযোগ কৰি আহিছে যে, ৰে’লত যোগান ধৰা চাদৰ, গাৰু কভাৰ আৰু কম্বল নিয়মিতভাৱে চাফা নকৰে। এতিয়া যাত্ৰীসকলৰ সেই সন্দেহ দূৰ কৰিবলৈ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আৰু অলপ বৃদ্ধি কৰিবলৈ কম্বলৰ অভাৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়।

এই কম্বল কভাৰ প্ৰদানৰ ব্যৱস্থা জয়পুৰ-আশ্ৰাভা এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰা হ’ব। যদি এই পদক্ষেপ সফল হয়, তেন্তে বাকী ৰে’লসমূহতো একে ব্যৱস্থা আৰম্ভ কৰা হ’ব। এই কম্বলৰ কভাৰবোৰ প্রিন্টেড কৰা হ’ব।

কম্বল কিমান সঘনাই ধোৱা হয়?

যোৱা বছৰৰ নৱেম্বৰ মাহত লোকসভাত সোধা হৈছিল যে, ৰে’লত কিমান সঘনাই কম্বল ধোৱা হয়? এই প্ৰশ্নৰ উত্তৰত ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে, ৰে’লত থকা কম্বলবোৰ মাহত এবাৰ হ’লেও চাফা কৰা হয়।

মাইগ্ৰেইনৰ লক্ষণ আৰু প্ৰতিৰোধৰ টিপছ, এই বিষ কেনেকৈ হ্ৰাস কৰিব পাৰি?
বৃক্কত পাথৰ হ'লে শৰীৰে দিয়ে এইসমূহ সংকেত? জানক
টোপনি ক্ষতিৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যা হ'ব পাৰে!
দেৱালীত হংস ৰাজযোগ, এই ৫ ৰাশিৰ জিলিকিব ভাগ্য!