ৰে’লত ৰীল বনালেই বিপদ, যাব পাৰে চাকৰি

এতিয়াৰ পৰা ভিডিঅ’ ব্লগিং, ৰীল বনোৱা বা ভিডিঅ’ শ্বুটিং কৰিব নোৱাৰিব কৰ্তব্যৰত কোনো ৰেল কৰ্মচাৰীয়ে। নিৰাপত্তা আৰু গোপনীয়তা বজাই ৰখাৰ বাবে এই কঠোৰ সিদ্ধান্ত লোৱা বুলি ৰে’লৱেই অৱগত কৰিছে।

ৰেলত ৰীল বনালেই বিপদ, যাব পাৰে চাকৰি

প্ৰতীকী ছবি

Published: 

13 Dec 2025 15:11 PM

সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বৃদ্ধি পাইছে ৰীলৰ জনপ্ৰিয়তা। এই তাৎক্ষণিক সন্তুষ্টিৰ বাবে বহু লোকে বিভিন্ন গোপনীয় বিষয়ৰ ভিডিঅ’ ৰেকৰ্ড কৰা বা বিপদজনক কাৰ্যত ষ্টাণ্ট কৰা দেখা যায়। আৰু এই সকলোবোৰৰ বিৰুদ্ধে ৰে’ল কর্মচাৰীসকলক সকীয়াই দিছে ভাৰতীয় ৰে’লৱেই ৷ জাৰি কৰা হৈছে এটা স্পষ্ট গাইডলাইন। এতিয়াৰ পৰা ভিডিঅ’ ব্লগিং, ৰীল বনোৱা বা ভিডিঅ’ শ্বুটিং কৰিব নোৱাৰিব কৰ্তব্যৰত কোনো ৰেল কৰ্মচাৰীয়ে। নিৰাপত্তা আৰু গোপনীয়তা বজাই ৰখাৰ বাবে এই কঠোৰ সিদ্ধান্ত লোৱা বুলি ৰে’লৱেই অৱগত কৰিছে।

শেহতীয়াকৈ বহু ৰেল ষ্টেচনৰ ভিডিঅ’ আৰু ৰে’ল কৰ্মচাৰীয়ে কাম কৰা ভিডিঅ’ বা ৰে’ল চলাই থকাৰ সময়ত কেইবাটাও স্পৰ্শকাতৰ অঞ্চলৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰেলৱেই এইটো এটা গুৰুতৰ অপৰাধ বুলি গণ্য কৰে। তেওঁলোকৰ মতে, ইয়াৰ ফলত সমগ্ৰ দেশৰ ৰে’লপথৰ সুৰক্ষাত ব্যাঘাত জন্মিছে আৰু গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱাৰ আশংকা সৃষ্টি হৈছে। সেয়ে সমগ্ৰ দেশতে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ।

ৰে’লৱেই দিয়া নিৰ্দেশনা অনুসৰি এই নিয়ম উলংঘা কৰীলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনকি চাকৰিও যাব পাৰে।

ভিডিঅ’ নিৰ্মাণৰ এই নিষেধাজ্ঞা দেশৰ প্ৰায় সকলো ৰে’ল চৌহদতে কাৰ্যকৰী হ’ব। ষ্টেচন, ৱৰ্কচপ, প্লেটফৰ্ম, কাৰ্যালয়, নিয়ন্ত্ৰণ কক্ষ, আনকি ৰেলৰ ভিতৰতো কোনো ধৰণৰ ভিডিঅ’ প্ৰস্তুত কৰিব নোৱাৰিব। স্পৰ্শকাতৰ অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’লৱেই। ৰে’ল পৰিচালনা, নিৰাপত্তা পদ্ধতি, স্পৰ্শকাতৰ অঞ্চলৰ ভিডিঅ’ আপলোড কৰীলে বহু ক্ষেত্ৰত ৰে’লৱেৰ ভাবমূৰ্তি নষ্ট হৈ পৰে। এনে কাৰ্য কৰ্তব্য সম্পাদনৰ সময়ত মানি চলিবলগীয়া নীতি-নিয়মৰ গুৰুতৰ উলংঘা বুলি গণ্য কৰে ৰে’লৱেই।

ভাৰতীয় ৰে’লৱেও মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিবলৈ ওলাইছে। কোৱা হৈছে যে কৰ্মচাৰীসকলে ব্যক্তিগত প্ৰয়োজনৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব কেৱল বিৰতিৰ সময়ত। কৰ্তব্যৰ সময়ত ভিডিঅ’ বনোৱা, ফটো তোলা বা ছ’চিয়েল মিডিয়াত যিকোনো বস্তু আপলোড কৰাটো কঠোৰভাৱে নিষিদ্ধ। যদি কোনোবাই চৰকাৰী ফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰি ব্যক্তিগত ভিডিঅ’ তৈয়াৰ কৰে, তেন্তে সেইটোও গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হ’ব।

কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ আঁৰত আছে ৰায়পুৰ সংমণ্ডলত সংঘটিত হোৱা কেইবাটাও ঘটনা। দক্ষিণ-পূব ৰে’লৱে জ’নত ইতিমধ্যে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে। অচিৰেই আন সংমণ্ডলতো এই একে নিয়ম আৰোপ কৰি বুলি ধাৰণা কৰা হৈছে।

এই নিৰ্দেশ অমান্য কৰীলে নিলম্বন, চাৰ্জ শ্বীট, দৰমহা কৰ্তন বা তাতোকৈ কঠোৰ শাস্তি হ’ব পাৰে বুলি ৰে’ল কৰ্তৃপক্ষই স্পষ্টকৈ উল্লেখ কৰিছে। বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্ত ভ্লগিঙৰ বিৰুদ্ধে নহয়, বৰঞ্চ ৰে’লৱেৰ নিৰাপত্তা, ৰে’লৰ পৰিচালনা আৰু কেইবাটাও বিষয়ত গোপনীয়তা ৰক্ষাৰ বাবেহে এই নিয়মটো অপৰিহাৰ্য হ’ব পাৰে।

 

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা