১৪ খন বানপীড়িত ৰাজ্যলৈ ৫,৮৫৮.৬০ কোটি টকা আৰ্থিক সাহায্য কেন্দ্ৰৰ, অসমে কিমান পালে ?

বানপীড়িত ৰাজ্যলৈ অগ্ৰিম ধন হিচাপে ৫,৮৫৮.৬০ কোটি টকা আৰ্থিক সাহায্য মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে । প্ৰকাশিত তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি(এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অগ্ৰিম ধন হিচাপে ৰাজ্যসমূহলৈ এই আৰ্থিক সাহায্য আগবঢ়াইছে ।

১৪ খন বানপীড়িত ৰাজ্যলৈ ৫,৮৫৮.৬০ কোটি টকা আৰ্থিক সাহায্য কেন্দ্ৰৰ, অসমে কিমান পালে ?

বান(প্ৰতীকী ফটো)

Published: 

01 Oct 2024 22:21 PM

দেশৰ ১৪ খন বানপীড়িত ৰাজ্যলৈ অগ্ৰিম ধন হিচাপে ৫,৮৫৮.৬০ কোটি টকা আৰ্থিক সাহায্য মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে । প্ৰকাশিত তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি(এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অগ্ৰিম ধন হিচাপে ৰাজ্যসমূহলৈ এই আৰ্থিক সাহায্য আগবঢ়াইছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিৰ অনুসৰি, ৫,৮৫৮.৬০ কোটি টকাৰ ভিতৰত মহাৰাষ্ট্ৰই ১৪৯২ কোটি, অন্ধ্ৰপ্ৰদেশে ১০৩৬ কোটি, অসমে ৭১৬ কোটি, বিহাৰে ৬৫৫.৬০ কোটি আৰু গুজৰাটে ৬০০ কোটি, পশ্চিম বংগই ৪৬৮ কোটি আৰু তেলেংগানাই ৪১৬.৮০ কোটি টকা আৰ্থিক সাহায্য লাভ কৰিব । একেদৰে হিমাচল প্ৰদেশক ১৮৯.২০ কোটি, কেৰালাক ১৪৫.৬০ কোটি, মণিপুৰক ৫০ কোটি, ত্ৰিপুৰাক ২৫ কোটি, ছিকিমক ২৩.৬০ কোটি, মিজোৰামক ২১.৬০ কোটি আৰু নাগালেণ্ডক ১৯.২০ কোটি টকা আৰ্থিক সাহায্য দিয়া হৈছে।

উল্লেখ্য যে, বাৰিষা সময়ত ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছিল । বিবৃতিৰ অনুসৰি, বানপীড়িত ৰাজ্য অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰলৈ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলসমূহ(আইএমচিটি) প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে । শেহতীয়াকৈ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ বাবেও আইএমচিটিৰ প্ৰতিনিধি অতি সোনকালে প্ৰেৰণ কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰিছে ।

উল্লেখ্য যে,আইএমচিটিৰ প্ৰতিনিধিৰ মূল্যায়নৰ প্ৰতিবেদন লাভ কৰাৰ পিছত এন ডি আৰ এফৰ পৰা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক অতিৰিক্ত আৰ্থিক সাহায্য দিয়া হ’ব বুলি বিবৃতি জৰিয়তে কেন্দ্ৰই জানিবলৈ দিছে ।

চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ২১খন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১৪,৯৫৮ কোটিৰো অধিক ধন মুকলি কৰি দিছে । ইয়াৰ ভিতৰত আছে এছডিআৰএফৰ পৰা ২১খন ৰাজ্যলৈ ৯,০৪৪.৮০ কোটি টকা, এনডিআৰএফৰ পৰা ১৫খন ৰাজ্যলৈ ৪,৫২৮.৬৬ কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ১১ খন ৰাজ্যলৈ ১,৩৮৫.৪৫ কোটি টকা আৰ্থিক সাহায্য মুকলি দিয়া হৈছে ।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব