তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ৰাছিয়ালৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…উদ্দেশ্য কি ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাঁচ মাহৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভ্ৰমণ কৰিব ৰাছিয়া । এই ভ্ৰমণ কালতে ৰাছিয়াৰ সমকক্ষ আন্দ্ৰে বেলুছভৰ সৈতে সামৰিক হাৰ্ডৱেৰৰ সহ-উৎপাদনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব । ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ৰাছিয়া ভ্ৰমণত থাকিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ৰাছিয়ালৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং...উদ্দেশ্য কি ?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Updated On: 

07 Dec 2024 16:16 PM

৮ ডিচেম্বৰ দেওবাৰে তিনিদিয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাঁচ মাহৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভ্ৰমণ কৰিব ৰাছিয়া । এই ভ্ৰমণ কালতে ৰাছিয়াৰ সমকক্ষ আন্দ্ৰে বেলুছভৰ সৈতে সামৰিক হাৰ্ডৱেৰৰ সহ-উৎপাদনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব । ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ৰাছিয়া ভ্ৰমণত থাকিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, এই ভ্ৰমণৰ সময়ত ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলুছভে ১০ ডিচেম্বৰত মস্কোত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতা আয়োগৰ (আই আৰ আই জি চি-এম এণ্ড এম টি চি) ২১ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব। দুয়োখন দেশৰ নেতাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ বহুমাত্ৰিক সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব। ইয়াৰ ভিতৰত সামৰিক আৰু উদ্যোগিক সহযোগিতাও অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো ভ্ৰমণ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে শীৰ্ষ আলোচনাত মিলিত হোৱাৰ পাঁচ মাহৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰিব। উল্লেখ্য যে,বিবৃতিত কোৱা হৈছে যে, প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৰাছিয়া ভ্ৰমণৰ সময়ত পাৰস্পৰিক স্বাৰ্থৰ সমসাময়িক আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব।

ইফালে কোৱা হৈছে যে, দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত হোৱা আলোচনাত সামৰিক হাৰ্ডৱেৰৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত-ৰাছিয়াৰ সহযোগিতাই উল্লেখযোগ্য স্থান লাভ কৰিব। মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ অংশ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৯ ডিচেম্বৰত ভাৰতীয় নৌসেনাৰ শেহতীয়া মাল্টি ৰোল ষ্টেল্থ গাইডেড মিছাইল ফ্ৰিগেট ‘আই এন এছ তুছিল’কো কমিচন দিব।

ইয়াৰ উপৰিও বিবৃতিত কোৱা হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিহত ছোভিয়েট জোৱানসকলক মস্কোৰ ‘সৈনিকৰ সমাধিক্ষেত্ৰ’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। লগতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মস্কোত ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, পাঁচ মাহৰ পূৰ্বে ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কো ভ্ৰমণ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পৰৱৰ্তী দুয়োখন দেশৰ বাৰ্ষিক সন্মলিন ভাৰতত অনুষ্ঠিত হ’ব । এই সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়া ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ।

এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ