Indian Army’s ‘Brahmastra’: সাগৰ তলিত লুকাই শত্ৰু নিঃশেষ কৰিব ভাৰতৰ এই ব্ৰহ্মাস্ত্ৰই, শত্ৰুৱে নুবুজিব গতি-বিধি

Indian Army's 'Brahmastra': প্ৰজেক্ট-৭৫আই ছাবমেৰিনসমূহ ডিজেল-ইলেক্ট্ৰিক আৰু এয়াৰ-ইনডিপেণ্ডেণ্ট প্ৰপালচন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। এই প্ৰযুক্তিৰ সহায়ত ছাবমেৰিনসমূহে পানীৰ তলত দীৰ্ঘ সময় ধৰি চলাচল কৰিব পাৰিব।

Indian Armys Brahmastra: সাগৰ তলিত লুকাই শত্ৰু নিঃশেষ কৰিব ভাৰতৰ এই ব্ৰহ্মাস্ত্ৰই, শত্ৰুৱে নুবুজিব গতি-বিধি

ভাৰতৰ নতুন শক্তি

Updated On: 

18 Oct 2025 15:34 PM

ভাৰতীয় প্ৰতিৰক্ষাৰ ইতিহাসত কাৰ্যতঃ আৰম্ভ হৈছে এক নতুন যুগৰ। নিজৰ শক্তি আৰু অধিক বৃদ্ধিৰ দিশে খোজ দিছে ভাৰতীয় সেনা। ভাৰতীয় নৌসেনা আৰু ব্ৰাহ্মোছ এৰ’স্পেছে যৌথভাৱে এনে এক অস্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যিয়ে সাগৰৰ গভীৰতাৰ পৰা লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰিব।

অৰ্থাৎ পানীত ডুব মাৰি শত্ৰুৰ খেল শেষ কৰিব এই অস্ত্ৰই। ফলত ভাৰতীয় চাবমেৰিনৰ আক্ৰমণ ক্ষমতা বহুগুণে বৃদ্ধি পাব। সাগৰত শত্ৰুৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটোও সহজ হ’ব। লগতে জনা গৈছে যে এই নতুন চাবমেৰিনত সংযোজন কৰা হ’ব ব্ৰাহ্মোছ মিছাইল। এই নতুন সংস্কৰণটো আচলতে ভৱিষ্যতৰ প্ৰজেক্ট-৭৫আই।

সাগৰৰ তলত লুকাই থকা ‘ব্ৰহ্মাস্ত্ৰ’

এই পৰ্যন্ত নৌসেনাৰ যুদ্ধ জাহাজ আৰু স্থলভিত্তিক লঞ্চাৰত ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ সফলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু এইবাৰ লক্ষ্য ডাঙৰ। ভাৰতীয় সেনাৰ সাগৰৰ তলৰ পৰা শত্ৰুক আঘাত কৰাৰ ক্ষমতা থাকিব। যদি পানীৰ তলৰ পৰা ব্ৰাহ্মোছ নিক্ষেপ কৰা সম্ভৱ হয় তেন্তে ভাৰতৰ চাবমেৰিন ইউনিট সঁচা অৰ্থত এক অদৃশ্য আক্ৰমণকাৰী শক্তি হৈ পৰিব। যাৰ বাবে শত্ৰুৱে এই আক্ৰমণ সঠিকভাৱে ক’ৰ পৰা আহিছে সেইটোও গম নাপাব।

সূত্ৰ অনুসৰি প্ৰজেক্ট-৭৫আই ছাবমেৰিনসমূহ ডিজেল-ইলেক্ট্ৰিক আৰু এয়াৰ-ইনডিপেণ্ডেণ্ট প্ৰপালচন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। এই প্ৰযুক্তিৰ সহায়ত ছাবমেৰিনসমূহে পানীৰ তলত দীৰ্ঘ সময় ধৰি চলাচল কৰিব পাৰিব। ইয়াৰ উপৰিও ৰাডাৰত ধৰা পৰাৰ আশংকাও বহু পৰিমাণে হ্ৰাস পাব। ভাৰটিকেল লঞ্চ চিষ্টেমৰ পৰা উৎক্ষেপণ কৰা হ’ব নতুন ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ। অৰ্থাৎ চাবমেৰিনখন আৰু পানীৰ ওপৰলৈ উঠিব নালাগিব। এই ক্ষেপণাস্ত্ৰ সম্পূৰ্ণ গোপনে নিক্ষেপ কৰিব পাৰি।

চীন আৰু পাকিস্তানৰ মাজত চাপ বৃদ্ধি

এই চাবমেৰিনে নিক্ষেপ কৰা ব্ৰাহ্মোছৰ ৰেঞ্জ প্ৰায় ৫০০ কিলোমিটাৰ, যিয়ে সাগৰত শত্ৰুৰ যুদ্ধজাহাজ, বন্দৰ বা উপকূলীয় ঘাটিত সঠিকভাৱে আঘাত কৰিব পাৰে। যদিও ব্ৰাহ্মোছৰ মূল ডিজাইন ৰাছিয়াৰ সহায়ত নিৰ্মাণ কৰা হৈছিল, নতুন সংস্কৰণ সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। অৰ্থাৎ আকৌ এবাৰ মেক ইন ইণ্ডিয়াৰ সপোন পূৰণ হ’ব। ডিজাইনৰ পৰা প্ৰডাকচনলৈকে সকলো ভাৰতীয় মাটিত হ’ব।

নৌসেনাৰ সূত্ৰ অনুসৰি ডি আৰ ডি অ’ আৰু ব্ৰাহ্মোছ এৰ’স্পেচৰ অভিযন্তাসকলে ইতিমধ্যে ছাবমেৰিনখনৰ গঠন অনুসৰি লঞ্চ টিউব আৰু ইজেকচন চিষ্টেমৰ ডিজাইনৰ কাম আৰম্ভ কৰিছে। লগতে কোৱা হৈছে যে আগন্তুক দুবছৰত প্ৰথমটো প্ৰ’ট’টাইপ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যদি সফল হয় তেন্তে এয়া হ’ব ভাৰতৰ প্ৰথমটো চাবমেৰিনৰ দ্বাৰা নিক্ষেপ কৰা ছুপাৰছ’নিক ক্ৰুজ মিছাইল। যিয়ে চীনৰ পৰা পাকিস্তানলৈকে অধিক চাপ বৃদ্ধি কৰিব।

গুপ্তাংগৰ খজুৱতি দূৰ কৰাৰ সহজ ঘৰুৱা উপায়!
মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?