শত্ৰুৰ নজৰ ৰোধ! ভাৰতীয় সেনাই লাভ কৰিব নতুন আৰ্টিলাৰী গান

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।

শত্ৰুৰ নজৰ ৰোধ! ভাৰতীয় সেনাই লাভ কৰিব নতুন আৰ্টিলাৰী গান

প্ৰতীকী ছবি

Published: 

21 Mar 2025 | 07:30 PM

সীমান্তত পাকিস্তান আৰু চীনৰ চোৰাংচোৱাগিৰি ধৰা পেলাবলৈ কিছুদিন পূৰ্বে ‘অশ্বিনী’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । দেশৰ অন্যতম প্ৰতিৰক্ষা গৱেষণা সংস্থা ডি আৰ ডি অ’ৰ সহযোগী প্ৰতিষ্ঠান বি ই এলৰ পৰা মুঠ ১৮খন নিম্নস্তৰৰ পৰিবহণযোগ্য ৰাডাৰ (এল এল টি আৰ) মুঠ ২৯০৬ কোটি টকাত ক্ৰয় কৰিবলৈ ওলাইছে ।

এতিয়া ‘অশ্বিনী’ক ব্যৱহাৰ কৰাৰ উপৰিও কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।

জানিব পৰা মতে, কেইবাটাও ব্যক্তিগত কোম্পানীয়ে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন (ডি আৰ ডি অ’)ৰ সৈতে যৌথভাৱে এই আৰ্টিলাৰী গান ব্যৱস্থাসমূহ বিকশিত কৰি আছে । সাধাৰণতে যিকোনো উচ্চ প্ৰযুক্তিৰ সামৰিক সঁজুলিৰ বাবে প্ৰায়ে ৰাছিয়া বা আমেৰিকাৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল ভাৰত । কিন্তু এই ‘বিশেষ আৰ্টিলাৰী গান’ৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা অতি কম । এই আৰ্টিলাৰী গান ব্যৱস্থা নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ ৬৫ শতাংশই দেশৰ ভিতৰতে উৎপাদিত হয় । যিয়ে অৱশেষত প্ৰতিৰক্ষা খণ্ডতো ভাৰতক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব ।

ছুপাৰ পাৱাৰ হ’ব ভাৰত

এই নতুন প্ৰযুক্তিৰ সহায়ত ‘সেনাবাহিনী’ শক্তিশালী হ’ব । ইয়াৰ পূৰ্বে ভাৰতে লাইন অৱ একচুৱেল কণ্ট্ৰল বা এল এ চিত চীনৰ আক্ৰমণ ৰোধ কৰিবলৈ আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জো নিৰ্মাণ কৰিছিল । এইবাৰ সেই নীতিৰ আধাৰত এই নতুন আৰ্টিলাৰী গান নতুন বছৰত দেশৰ সকলো স্পৰ্শকাতৰ সীমান্ত অঞ্চলত স্থাপন কৰিবলৈ ওলাইছে ভাৰতে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই আৰ্টিলাৰী বন্দুকৰ দীঘল বেৰেলে প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা শত্ৰুক সহজেই ধ্বংস কৰিব পাৰে । শত্ৰু দূৰত থাকিলেও এই ‘বিশেষ বন্দুক’ মিনিটৰ ভিতৰতে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...