শত্ৰুৰ নজৰ ৰোধ! ভাৰতীয় সেনাই লাভ কৰিব নতুন আৰ্টিলাৰী গান

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।

শত্ৰুৰ নজৰ ৰোধ! ভাৰতীয় সেনাই লাভ কৰিব নতুন আৰ্টিলাৰী গান

প্ৰতীকী ছবি

Published: 

21 Mar 2025 19:30 PM

সীমান্তত পাকিস্তান আৰু চীনৰ চোৰাংচোৱাগিৰি ধৰা পেলাবলৈ কিছুদিন পূৰ্বে ‘অশ্বিনী’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । দেশৰ অন্যতম প্ৰতিৰক্ষা গৱেষণা সংস্থা ডি আৰ ডি অ’ৰ সহযোগী প্ৰতিষ্ঠান বি ই এলৰ পৰা মুঠ ১৮খন নিম্নস্তৰৰ পৰিবহণযোগ্য ৰাডাৰ (এল এল টি আৰ) মুঠ ২৯০৬ কোটি টকাত ক্ৰয় কৰিবলৈ ওলাইছে ।

এতিয়া ‘অশ্বিনী’ক ব্যৱহাৰ কৰাৰ উপৰিও কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।

জানিব পৰা মতে, কেইবাটাও ব্যক্তিগত কোম্পানীয়ে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন (ডি আৰ ডি অ’)ৰ সৈতে যৌথভাৱে এই আৰ্টিলাৰী গান ব্যৱস্থাসমূহ বিকশিত কৰি আছে । সাধাৰণতে যিকোনো উচ্চ প্ৰযুক্তিৰ সামৰিক সঁজুলিৰ বাবে প্ৰায়ে ৰাছিয়া বা আমেৰিকাৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল ভাৰত । কিন্তু এই ‘বিশেষ আৰ্টিলাৰী গান’ৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা অতি কম । এই আৰ্টিলাৰী গান ব্যৱস্থা নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ ৬৫ শতাংশই দেশৰ ভিতৰতে উৎপাদিত হয় । যিয়ে অৱশেষত প্ৰতিৰক্ষা খণ্ডতো ভাৰতক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব ।

ছুপাৰ পাৱাৰ হ’ব ভাৰত

এই নতুন প্ৰযুক্তিৰ সহায়ত ‘সেনাবাহিনী’ শক্তিশালী হ’ব । ইয়াৰ পূৰ্বে ভাৰতে লাইন অৱ একচুৱেল কণ্ট্ৰল বা এল এ চিত চীনৰ আক্ৰমণ ৰোধ কৰিবলৈ আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জো নিৰ্মাণ কৰিছিল । এইবাৰ সেই নীতিৰ আধাৰত এই নতুন আৰ্টিলাৰী গান নতুন বছৰত দেশৰ সকলো স্পৰ্শকাতৰ সীমান্ত অঞ্চলত স্থাপন কৰিবলৈ ওলাইছে ভাৰতে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই আৰ্টিলাৰী বন্দুকৰ দীঘল বেৰেলে প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা শত্ৰুক সহজেই ধ্বংস কৰিব পাৰে । শত্ৰু দূৰত থাকিলেও এই ‘বিশেষ বন্দুক’ মিনিটৰ ভিতৰতে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম ।

Related Stories
সেনাৰ চৰ্দাৰ যদি সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?