মণিপুৰত সেনা-আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে শনিবাৰে চুৰাচান্দপুৰ জিলা, থৌবাল আৰু ইম্ফল পূৱ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দুটাকৈ তালাচী অভিযান চলাইছিল । এই অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।

মণিপুৰত সেনা-আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীৰ অভিযান

Published: 

22 Sep 2024 | 06:40 AM

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে । শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, চামুলমালানত চলোৱা এক তালাচী অভিযানৰ সময়ত গোলা-বাৰুদ আৰু ৰকেটৰ সদৃশ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে যৌথভাৱে এই অভিয়ান চলাইছিল । ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে শনিবাৰে চুৰাচান্দপুৰ জিলা, থৌবাল আৰু ইম্ফল পূৱ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দুটাকৈ তালাচী অভিযান চলাইছিল ।

প্ৰথমটো অভিযান চুৰাচান্দপুৰ জিলাৰ থাংজিং ৰিজৰ ঘন বনাঞ্চলত চলোৱা হয়। এই সময়ত দুটা ৯ এম এম পিষ্টল, দুটা মেগজিন পিষ্টল, বেৰেল ৰাইফল, দুটা স্থানীয়ভাৱে নিৰ্মিত ৰকেট, এটা লং ৰেঞ্জ মৰ্টাৰ, দুটা মিডিয়াম ৰেঞ্জ মৰ্টাৰ, চাৰিটা মৰ্টাৰ বোমা, ৯ এম এম গোলা-বাৰুদ, ৬.২ কেজি বিস্ফোৰকৰ লগতে অন্য়ান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছিল।

ইফালে  ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীৰ এটা দলে থৌবাল আৰু ইম্ফল পূব জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত চাংবি গাঁৱত আন এক অভিযান চলায়। এই সময়ছোৱাত দুটা কাৰবাইন মেচিনগান, দুটা পিষ্টল, এটা চিংগল বেৰেল গান, ৯ টা গ্ৰেনেড আৰু ক্ষুদ্ৰ অস্ত্ৰৰ গুলীসহ বহু অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, উদ্ধাৰ হোৱা সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে মণিপুৰ আৰক্ষীক গতাই দিয়া হৈছে। যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে ৷ আৰু হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ পৰিছে। উগ্ৰপন্থীয়ে এতিয়া প্ৰতিদ্বন্দ্বী গাঁওসমূহক লক্ষ্য কৰি ড্ৰোন আৰু অত্যাধুনিক ৰকেটৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...