ট্ৰাম্পৰ শুল্ক যুদ্ধ, আমেৰিকাৰে বাণিজ্যিক চুক্তিৰ সন্দৰ্ভত কি ক’লে ভাৰতৰ MEA য়ে ?

ট্ৰাম্পৰ শুল্ক নীতিক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইয়াৰ মাজতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। দুয়ো পক্ষই সম্ভাৱ্য চুক্তিৰ দিশত কাম কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে ।

ট্ৰাম্পৰ শুল্ক যুদ্ধ, আমেৰিকাৰে বাণিজ্যিক চুক্তিৰ সন্দৰ্ভত কি কলে ভাৰতৰ MEA য়ে ?

ৰণধীৰ জয়ছৱাল

Updated On: 

09 Apr 2025 | 07:54 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতিক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইয়াৰ মাজতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। দুয়ো পক্ষই সম্ভাৱ্য চুক্তিৰ দিশত কাম কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে । বুধবাৰে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ৩ তাৰিখে বাণিজ্য মন্ত্ৰালয়ে এক বিশদ প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল, য’ত ভাৰতৰ স্থিতি স্পষ্ট কৰা হৈছে।

তেওঁ কয় যে, “আমি ঘোষিত ট্ৰাম্পৰ শুল্কৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছো। পাৰস্পৰিকভাৱে লাভজনক বহুখণ্ডীয় দ্বিপাক্ষিক বাণিজ্য চুক্তি আগতীয়াকৈ সমাপ্ত কৰাৰ বাবে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক দলৰ মাজত পাৰস্পৰিক আলোচনা অব্যাহত আছে।” তেওঁ কয় যে, “ভাৰতে আমেৰিকাৰ সৈতে অংশীদাৰিত্বক মূল্য দিয়ে আৰু ইয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দুয়োটা দলে আলোচনা কৰি আছে আৰু আশা কৰোঁ আমি কামটো সম্পূৰ্ণ কৰিম।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “তেওঁলোকে বহুতো বিষয়ৰ ওপৰত আলোচনা কৰিছিল, তেওঁলোকে পশ্চিম এছিয়া, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন, দ্বিপাক্ষিক বাণিজ্য চুক্তিখন আগতীয়াকৈ সমাপ্ত কৰাৰ গুৰুত্বৰ ওপৰত আলোচনা কৰিছিল।”

ইফালে, ৰাছিয়াই প্ৰধানমন্ত্ৰী মোদীক বিজয় দিৱসৰ পেৰেডৰ বাবে আমন্ত্ৰণ জনোৱা সন্দৰ্ভত জয়ছৱালে কয়, “আমাৰ প্ৰধানমন্ত্ৰীয়ে বিজয় দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। আমি উপযুক্ত সময়ত বিজয় দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিম।” একে সময়তে ব্ৰিটেইনৰ সৈতে এফ টি এৰ আলোচনা সন্দৰ্ভত তেওঁ কয়, ‘ব্ৰিটেইনৰ সৈতে এফ টি এৰ আলোচনা পুনৰ আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াত আছে আৰু ইয়াক আগুৱাই নিয়াৰ বাবে দুয়োপক্ষই প্ৰতিশ্ৰুতিবদ্ধ। এয়া অষ্টম ৰাউণ্ড হ’ব আৰু দুয়োপক্ষই ইয়াক সমাপ্ত কৰিবলৈ আগ্ৰহী ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...