ফ্ৰান্সৰ পৰা পুনৰ ২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে, ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত অনুমোদন কেন্দ্ৰৰ

ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী । এই চুক্তিৰ বিনিময়ত ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল বুদ্ধ বিমান ক্ৰয় কৰিব । সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমান কেইখন নিয়োগ কৰা হ'ব বুলিও খবৰ প্ৰকাশ পাইছে ।

ফ্ৰান্সৰ পৰা পুনৰ ২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে, ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত অনুমোদন কেন্দ্ৰৰ

পুনৰ ৰাফেল ক্ৰয় কৰিব ভাৰতে

Updated On: 

12 Apr 2025 | 10:15 AM

ভাৰত মহাসাগৰীয় অঞ্চলত চীন ক্ৰমান্বয়ে নিজৰ শক্তি বৃদ্ধি কৰিছে । ইতিমধ্যে ভাৰতেও এইলৈ লক্ষ্য কৰি নিজৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈছে । ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী । এই চুক্তিৰ বিনিময়ত ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল বুদ্ধ বিমান ক্ৰয় কৰিব । সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমান কেইখন নিয়োগ কৰা হ’ব বুলিও খবৰ প্ৰকাশ পাইছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় কেবিনেটে এই চুক্তিত অনুমোদন জনাইছে বুলি খবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি, ২৬ খন ৰাফেল যুদ্ধ বিমানৰ বাবে এই চুক্তি হ’ব প্ৰায় ৬.৬ বিলিয়ন ইউৰো অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬৩,৮৮৭ কোটি টকাৰ । এই চুক্তিখন ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। জানিব পৰা মতে, ভাৰতত নিৰ্মিত বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা এই ৰাফেল চলাচল কৰা হ’ব।

এই চুক্তিত মুঠ ২৬খন ৰাফেল ক্ৰয় কৰিব ভাৰতে। ইয়াৰে ২২খন একক আসনৰ ৰাফেল আৰু চাৰিখন দুখন আসনৰ । এই ৰাফেলত কেইবা প্ৰকাৰৰ অস্ত্ৰ থাকিব। এই চুক্তিত ক্ৰু প্ৰশিক্ষণ আৰু লজিষ্টিক সহায়ো অন্তৰ্ভুক্ত কৰা হ’ব বুলি কোৱা হৈছে ।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত আন এক চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তিৰ অধীনত ভাৰতে ইতিমধ্যে ৩৬ খন ৰাফেল যুদ্ধ বিমান লাভ কৰিছে ফ্ৰান্সৰ পৰা । এইবাৰ স্বাক্ষৰিত চুক্তিৰ জৰিয়তে অহা ৩৭ৰ পৰা ৬৫ মাহৰ ভিতৰত যুদ্ধ বিমানসমূহ ডেলিভাৰী কৰা হ’ব। ২০৩১ চনৰ ভিতৰত ভাৰতে সেই ৰাফেল লাভ কৰাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...