অপাৰেচন সেন্দূৰৰ পাছত AI ৰ বাবেই পৰমাণু যুদ্ধ হ’লহেঁতেন ভাৰত-পাকিস্তানৰ! প্ৰতিবেদনত প্ৰকাশ

২০২৫ চনৰ ভাৰত-পাকিস্তান সংকটৰ কথা উল্লেখ কৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে AI ৰ দ্বাৰা সৃষ্টি হোৱা ভুল তথ্যই যুদ্ধ পৰিস্থিতিৰ বুজাবুজি বিকৃত কৰি পেলায়। SIPRI ৰ মতে এনে ভুৱা তথ্যই সংঘাত বৃদ্ধি কৰিলেহেঁতেন আনকি পাৰমাণৱিক সংঘাতৰ সম্ভাৱনাও সৃষ্টি কৰিলেহেঁতেন।

অপাৰেচন সেন্দূৰৰ পাছত AI ৰ বাবেই পৰমাণু যুদ্ধ হলহেঁতেন ভাৰত-পাকিস্তানৰ! প্ৰতিবেদনত প্ৰকাশ

প্ৰতীকী ছবি

Published: 

21 Jan 2026 | 02:15 PM

২০২৫ চনত কেইবামাহো ধৰি সংঘাতৰ সন্মুখীন হৈছিল ভাৰত আৰু পাকিস্তান। আন্তঃৰাষ্ট্ৰীয় থিংক টেংক SIPRI এ এতিয়া সকীয়াই দিছে যে উত্তেজনাৰ সময়ত কৃত্ৰিম চোৰাংচোৱা (AI)ৰ দ্বাৰা সৃষ্টি হোৱা ভুল তথ্যই পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছিল। প্ৰতিবেদন অনুসৰি এই সংঘাত সহজেই দীৰ্ঘদিনীয়া সংঘাতলৈ পৰিণত হ’লহেঁতেন, আনকি দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত প্ৰত্যক্ষ পাৰমাণৱিক সংঘৰ্ষৰ আশংকাও সৃষ্টি হ’লহেঁতেন।

ছুইডেনৰ ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে (SIPRI) মঙলবাৰে নিজৰ ৱেবছাইটত এই গৱেষণা পত্ৰ প্ৰকাশ কৰে। Addressing Multi-Domain Nuclear Escalation Risk শীৰ্ষক এই প্ৰতিবেদনত শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাত, ইৰাণৰ সৈতে জড়িত ইজৰাইলৰ অভিযান আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিশ্লেষণ কৰা হৈছে।

২০২৫ চনৰ ভাৰত-পাকিস্তান সংকটৰ কথা উল্লেখ কৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে AI ৰ দ্বাৰা সৃষ্টি হোৱা ভুল তথ্যই যুদ্ধ পৰিস্থিতিৰ বুজাবুজি বিকৃত কৰি পেলায়। SIPRI ৰ মতে এনে ভুৱা তথ্যই সংঘাত বৃদ্ধি কৰিলেহেঁতেন আনকি পাৰমাণৱিক সংঘাতৰ সম্ভাৱনাও সৃষ্টি কৰিলেহেঁতেন।

AI অতি বিপদজনক

থিংক টেংকটোৱে লগতে সকীয়াই দিছে যে ভৱিষ্যতে এনে AI ভিত্তিক ভুল তথ্য অভিযান আৰু অধিক বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে, কিয়নো ইয়াৰ দ্বাৰা ক্ষেত্ৰৰ বাস্তৱতাক লুকুৱাই ৰখা হ’ব পাৰে আৰু পাৰমাণৱিক অস্ত্ৰধাৰী দেশসমূহৰ কৌশলগত সিদ্ধান্তত প্ৰভাৱ পৰিব পাৰে।

অপাৰেচন সেন্দূৰৰ সময়ত বিয়পি পৰা ভুৱা তথ্য সন্দৰ্ভত SIPRI এ তথ্যৰ পৰিৱেশক এক চাঞ্চল্যকৰ দৃশ্য বুলি অভিহিত কৰে। প্ৰতিবেদন অনুসৰি, সামৰিক সফলতা আৰু দুয়োপক্ষই ভূখণ্ড দখল কৰাৰ ভুৱা দাবী আনকি AIৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ আৰু ছবিৰ জৰিয়তে মূলসুঁতিৰ সংবাদ মাধ্যমতো প্ৰদৰ্শিত হৈছিল।

কোনো পাৰমাণৱিক ভাবুকি নাই – ভাৰত

অৱশ্যে ভাৰতৰ সামৰিক নেতৃত্বই ইতিমধ্যে স্পষ্ট কৰি দিছে যে সেই সংকটৰ সময়ত কোনো পাৰমাণৱিক ভাবুকি নাছিল। ১৩ জানুৱাৰীত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে উল্লেখ কৰিছিল যে ভাৰতৰ ডিজিএমঅ’ৰ সৈতে হোৱা আলোচনাত পাকিস্তানৰ ডিজিএমঅ’ই কোনো ধৰণৰ পাৰমাণৱিক ভাবুকিৰ কথা উল্লেখ কৰা নাছিল। তেওঁ কয়, “ডিজিএমঅ’ পৰ্যায়ৰ আলোচনাত পাৰমাণৱিক বিষয়টোৰ ওপৰত কোনো আলোচনা হোৱা নাছিল। যিকোনো পাৰমাণৱিক বাক্যবাণ সংঘটিত হৈছিল পাকিস্তানী ৰাজনীতিবিদৰ পৰা।”

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...