কৃতকৰ্মৰ ফল ভুগিব পাকিস্তানেঃ লাহোৰসহ কেইবাখনো চহৰত ভাৰতৰ প্ৰত্যাক্ৰমণ

ভাৰতৰ কেইবাটাও স্থানত আক্ৰমণৰ চেষ্টা চলাই ব্যৰ্থ হৈছে পাকিস্তান। কিন্তু পাকিস্তানৰ এই প্ৰচেষ্টাৰ প্ৰত্যুত্তৰ দিছে ভাৰতে। দেশখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ভাৰতে আক্ৰমণ চলাইছে। পাকিস্তানৰ অন্যতম প্ৰধান চহৰ লাহোৰত তীব্ৰ আক্ৰমণ চলাইছে ভাৰতে।

কৃতকৰ্মৰ ফল ভুগিব পাকিস্তানেঃ লাহোৰসহ কেইবাখনো চহৰত ভাৰতৰ প্ৰত্যাক্ৰমণ

পাকিস্তানৰ কেইবাটাও স্থানত আক্ৰমণ ভাৰতৰ

Published: 

08 May 2025 23:20 PM

ভাৰতৰ কেইবাটাও স্থানত আক্ৰমণৰ চেষ্টা চলাই ব্যৰ্থ হৈছে পাকিস্তান। কিন্তু পাকিস্তানৰ এই প্ৰচেষ্টাৰ প্ৰত্যুত্তৰ দিছে ভাৰতে। দেশখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ভাৰতে আক্ৰমণ চলাইছে। পাকিস্তানৰ অন্যতম প্ৰধান চহৰ লাহোৰত তীব্ৰ আক্ৰমণ চলাইছে ভাৰতে। লাহোৰত কেইবাটাও দ্ৰুত বিমান আক্ৰমণ চলোৱাৰ পিছতে এতিয়া সমগ্ৰ লাহোৰতে ব্লেকআউট হৈছে। ভাৰতে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে লাহোৰক আক্ৰমণ কৰে।

লাহোৰৰ লগতে বাহাৱালপুৰ শিবিৰতো ভাৰতে পোনপটীয়াকৈ আক্ৰমণ চলাইছে। একেদৰে শিয়ালকোটতো ভাৰতে প্ৰত্যাক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। ভাৰতে ইতিমধ্যে পাকিস্তানৰ যিকোনো প্ৰৰোচনামূলক কাৰ্যৰ উপযুক্ত উত্তৰ দিয়া হ’ব বুলি স্পষ্ট কৰি দিছিল। ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছিল যে ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত কোনো নিৰীহ ব্যক্তিৰ মৃত্যু হোৱা নাছিল।

কিন্তু ইয়াৰ পিছতো পাকিস্তানে ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লয় আৰু আক্ৰমণৰ চেষ্টা চলায়। ইয়াৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলায় আৰু পাকিস্তানৰ বিভিন্ন চহৰত প্ৰত্যাক্ৰমণ চলাইছে ভাৰতে।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...