সাতভনীক ভাৰতৰ পৰা বিচ্ছেদৰ হুংকাৰ, বাংলাদেশ উচ্চায়ুক্তক সকীয়নি বিদেশ মন্ত্ৰণালয়ৰ

উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা ভাবুকি বাংলাদেশী নেতাৰ। ইয়াৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। বাংলাদেশী নেতা হাছনতৰ এই বক্তব্যৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তা সন্দৰ্ভত চিন্তা প্ৰকাশ কৰে বাংলাদেশৰ উচ্চায়ুক্তক তলব কৰে।

সাতভনীক ভাৰতৰ পৰা বিচ্ছেদৰ হুংকাৰ, বাংলাদেশ উচ্চায়ুক্তক সকীয়নি বিদেশ মন্ত্ৰণালয়ৰ

এছ জয় শংকৰ আৰু মঃ ইউনুছ

Published: 

17 Dec 2025 15:51 PM

বিগত কিছুদিন ধৰি ভাৰতৰ বিৰুদ্ধে সঘনাই বক্তব্য দাঙি ধৰিছে বাংলাদেশী নেতাসকলে। লগতে বিভিন্ন ধৰণৰ বিভেদকামী বক্তব্যও দি আহিছে। শেহতীয়াকৈ উত্তৰ-পূব ভাপতৰ সাতভনীক পৃথক কৰাৰ দাবী কৰিছিল বাংলাদেশী নেতাই। এনে ধৰণৰ বক্তব্য সন্দৰ্ভত ভাৰতে এতিয়া দৃঢ় স্থিতি গ্ৰহণ কৰিছে। এই বক্তব্যৰ পিছতে ভাৰতে বাংলাদেশৰ উচ্চায়ুক্তক মাতি আনি প্ৰতিবাদ ব্যক্ত কৰে। বাংলাদেশত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে।

ভাৰতে ঢাকাত বাংলাদেশী নাগৰিকৰ বাবে ভিছা সম্পৰ্কীয় কাম-কাজ বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে। বাংলাদেশৰ নিৰ্বাচন সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে উত্থাপিত অভিযোগো নাকচ কৰিছে। শেহতীয়া বক্তব্যৰ বিৰোধিতাও প্ৰকাশ কৰিছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে।

কোনটো বক্তব্যৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই স্থিতি গ্ৰহণ কৰিছে?

বাংলাদেশৰ নৱগঠিত নেশ্যনেল চিটিজেনছ পাৰ্টিৰ জ্যেষ্ঠ নেতা হাছনত আব্দুল্লাই সোমবাৰে দিয়া এক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন দিল্লীয়ে। আব্দুল্লাই নিজৰ বক্তব্যত কয় যে যদি নতুন দিল্লীয়ে বাংলাদেশক অস্থিৰ কৰাৰ চেষ্টা কৰে, তেন্তে ঢাকাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক পৃথক কৰি অঞ্চলটোৰ বিচ্ছিন্নতাবাদী উপাদানসমূহক সমৰ্থন কৰিব লাগে। আব্দুল্লাই প্ৰথমবাৰৰ বাবে ভাৰত বিৰোধী বক্তব্য দিয়া নাই; ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ বিৰুদ্ধে বক্তব্য আগবঢ়াইছে।

হাছনতৰ এই বক্তব্যৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তা সন্দৰ্ভত চিন্তা প্ৰকাশ কৰে বাংলাদেশৰ উচ্চায়ুক্তক তলব কৰে। ঢাকা মিছনৰ বাহিৰত প্ৰতিবাদৰ পিছতে ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৈঠকত মিলিত হয়।

বৈঠক সন্দৰ্ভত কি ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে?

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দুয়োখন দেশৰ বিষয়াসকলৰ মাজত হোৱা বৈঠক সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত উল্লেখ কৰা হৈছে যে ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মাতি আনি বাংলাদেশৰ অৱনতি ঘটা নিৰাপত্তা পৰিৱেশক লৈ ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে। কথা-বতৰাৰ সময়ত বাংলাদেশৰ ভাৰত বিৰোধী বাক্যবাণ আৰু উগ্ৰপন্থী উপাদানৰ বিষয়ে আলোচনা কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে বাংলাদেশত শেহতীয়াকৈ সংঘটিত কিছুমান ঘটনা সন্দৰ্ভত উগ্ৰপন্থী উপাদানে সৃষ্টি কৰা ভুৱা আখ্যানক ভাৰতে সম্পূৰ্ণৰূপে নাকচ কৰে। দুৰ্ভাগ্যজনক যে অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনা সন্দৰ্ভত কোনো পুংখানুপুংখ তদন্ত কৰা নাই, ভাৰতৰ সৈতে কোনো অৰ্থপূৰ্ণ প্ৰমাণো ভাগ-বাটোৱাৰা কৰা নাই।

ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক...
Spam Call কেনেকৈ ব্লক কৰিব ? সহজ টিপছ জানক...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...