‘কেন্দ্ৰত চৰকাৰ বচাবলৈ বিহাৰ-অন্ধ্ৰক ঘোচ !’ কাইলৈ বাজেটক লৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বিৰোধীয়ে

সামাজিক মাধ্যম এক্সত কংগ্ৰেছে প্ৰকাশ কৰে যে, মল্লিকাৰ্জুন খৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিৰোধী মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলও উপস্থিত আছিল। এই বৈঠকৰ অন্তত বুধবাৰে বাজেটৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে ।

কেন্দ্ৰত চৰকাৰ বচাবলৈ বিহাৰ-অন্ধ্ৰক ঘোচ ! কাইলৈ বাজেটক লৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বিৰোধীয়ে

বাজেটক লৈ বিৰোধীৰ বৈঠক

Published: 

23 Jul 2024 | 09:08 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক জনবিৰোধী আৰু বিষম্যমূলক বুলি অভিহিত কৰিছে বিৰোধীয়ে । সেই অনুসৰি বুধবাৰে কেন্দ্ৰীয় বাজেট ২০২৪ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে । অহা কাইলৈ পুৱা ১০.৩০ বজাত বিৰোধী সাংসদ সকলে বিক্ষোভ প্ৰদৰ্শন কৰিব। লগতে ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো মুখ্যমন্ত্ৰীয়ে নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে ।

সামাজিক মাধ্যম এক্সত কংগ্ৰেছে প্ৰকাশ কৰে যে, মল্লিকাৰ্জুন খৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিৰোধী মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলও উপস্থিত আছিল। এই বৈঠকৰ অন্তত বুধবাৰে বাজেটৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে ।

বিৰোধীয়ে অভিযোগ কৰিছে যে,লোকসভাত সংখ্যালঘু বিজেপিয়ে কেন্দ্ৰত চৰকাৰ বচাবলৈ আৰ্থিক অনুদান দি মিত্ৰশক্তিক সন্তুষ্ট কৰিব বিচাৰিছে। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে, এই বাজেটক ‘চৰকাৰ ৰক্ষা বাজেট’ বুলি অভিহিত কৰিছে। এক্স হেণ্ডেলত ৰায়বেৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে লিখিছে যে, এয়া এনে এখন বাজেট যিয়ে অংশীদাৰসকলক সন্তুষ্ট কৰিব। ইফালে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে বাজেটত নিয়োগ সম্পৰ্কীয় ঘোষণাক ‘কংগ্ৰেছৰ ইস্তাহাৰৰ প্ৰতিলিপি’ বুলিও অভিহিত কৰে।

ইয়াৰ সমান্তাৰালভাৱে পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে দুই মিত্ৰ দল জেডিইউ আৰু টিডিপিক বাজেটৰ জৰিয়তে বিজেপিয়ে “উৎকোচ” দিয়া বুলি অভিযোগ উত্থাপন কৰিছে। লগতে তৃণমূল কংগ্ৰেছ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাজেটখনক দৰিদ্ৰ আৰু জনবিৰোধী বুলি অভিহিত কৰিছে। তেওঁ কয় যে, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ দৰে জৰুৰী বিষয়ৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে বিজেপিয়ে মিত্ৰশক্তিক উৎকোচ দিবলৈ বাজেট প্ৰস্তুত কৰিছে।

আন এগৰাকী বিৰোধীৰ শক্তিশালি নেতা তথা সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও এই বাজেটখনক ‘চৰকাৰ ৰক্ষাৰ বাজেট’ বুলি অভিহিত কৰিছে । তেওঁ কয় যে, চৰকাৰে বিহাৰ আৰু অন্ধ্ৰৰ বাবে বিশেষ আঁচনি ঘোষণা কৰাটো ভাল কথা। কিন্তু চৰকাৰে আন ৰাজ্যৰ কথাও চিন্তা কৰা উচিত।

উল্লেখ্য যে, এইবাৰৰ বাজেটত বিহাৰ আৰু অন্ধ্ৰৰ প্ৰদেশৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে । সেই অনুসৰি নীতিশ কুমাৰৰ বিহাৰে ৫৯ হাজাৰ কোটি টকা আৰ্থিক পেকেজ লাভ কৰাৰ বিপৰীতে চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশৰ বাবে ১৫ হাজাৰ কোটি টকা আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ চৰকাৰ গঠনত নীতিশ আৰু নাইডুৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ আছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব