‘অভেদ্য প্ৰতিৰক্ষা ব্যৱস্থা’, DGMO ৰাজীৱ ঘাইৰ স্পষ্ট সকীয়নিঃ ক’লে এনেদৰে…
ক্ৰমবৰ্ধমান আঞ্চলিক উত্তেজনাৰ মাজতে ভাৰতীয় সেনাৰ সঞ্চালক DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে দেশৰ প্ৰতিৰক্ষামূলক দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক অভেদ্য বুলি উল্লেখ কৰি তেওঁ কৰিছে বিশেষ মন্তব্য।

DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই
চুবুৰীয়া পাকিস্তানৰ সৈতে ভাৰতৰ শেহতীয়া কিছুদিনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অন্তত শনিবাৰে দুয়ো দেশে যুদ্ধবিৰতিত সন্মতি জনায়। ইয়াৰ পিছতো অৱশ্যে দুই চুবুৰীয়া দেশৰ সংঘাতৰ সম্পূৰ্ণ ৰূপে অন্ত পৰা বুলিব নোৱাৰি। ক্ৰমবৰ্ধমান এই আঞ্চলিক উত্তেজনাৰ মাজতে ভাৰতীয় সেনাৰ DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে দেশৰ প্ৰতিৰক্ষামূলক দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক অভেদ্য বুলি উল্লেখ কৰি তেওঁ কৰিছে বিশেষ মন্তব্য।
তেওঁ স্পষ্টভাৱে কয় যে ভাৰতৰ কৌশলগত বিমানবন্দৰ বা লজিষ্টিক কেন্দ্ৰসমূহত আক্ৰমণৰ যিকোনো প্ৰচেষ্টাৰ প্ৰতি সবল আৰু নিৰ্ণায়ক সঁহাৰি দিয়া হ’ব। সংবাদ মেলত অংশ লৈ লেফটেনেণ্ট জেনেৰেল ঘাইয়ে ভাৰতৰ প্রতিৰক্ষা ব্যৱস্থাৰ শক্তিৰ বিষয়ে বুজাবলৈ ক্ৰিকেটৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কয়, ‘আমাৰ বিমানবন্দৰ আৰু লজিষ্টিকক আক্ৰমণ কৰাটো অতি কঠিন।“
“বিৰাট কোহলীয়ে মাত্ৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁ মোৰ অন্যতম প্ৰিয় খেলুৱৈ। ১৯৭০ চনৰ এছেছ শৃংখলাত অষ্ট্ৰেলিয়াত ইংলেণ্ডৰ বেটিং বিপৰ্যস্ত কৰা দুজন বলাৰ আছিল, থমছন আৰু লিলি। তেওঁলোকৰ আধিপত্য ইমানেই আছিল যে অষ্ট্ৰেলিয়ানসকলৰ মাজত এটা প্ৰবাদ প্ৰচলিত হৈছিল, ‘Ashes to Ashes, dust to dust’। যদি আপুনি থমছনৰ পৰা ৰক্ষা পাৰে, লিলিৰ পৰা ৰক্ষা নাপায়।”- এইদৰে উল্লেখ কৰি ঘাইয়ে লগতে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাও এইধৰণৰ বুলি কয়।
যদি শত্ৰুৱে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটা স্তৰ অতিক্ৰম কৰে, আনটো স্তৰত থমকি ৰ’ব বুলি স্পষ্টকৈ সকীয়নি দিয়ে লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে। তেওঁৰ এই বক্তব্যই ভাৰতৰ বহু তৰপীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰতিফলিত কৰিছে আৰু ই এক স্পষ্ট সতৰ্কবাণী হিচাপে ধৰা হৈছে। তেওঁ লগতে কয় যে যোৱা কেইবছৰমানৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ চৰিত্ৰ সলনি হৈছিল, এতিয়া আমাৰ সেনাৰ লগতে নিৰীহ লোককো আক্ৰমণ কৰা হৈছে।
“আমি সম্পূৰ্ণৰূপে জানিছিলোঁ যে পাকিস্তানৰ আক্ৰমণো সীমান্তৰ সিপাৰৰ পৰা হ’ব, সেয়েহে আমি বিমান প্ৰতিৰক্ষাৰ প্ৰস্তুতি চলাইছিলো। ৯-১০ মে’ত যেতিয়া পাকিস্তান বায়ুসেনাই আমাৰ বিমান ক্ষেত্ৰ আৰু লজিষ্টিক ইনষ্টলেশ্যনত আক্ৰমণ চলাইছিল, তেতিয়া এই শক্তিশালী বায়ু প্ৰতিৰক্ষা গ্ৰীডৰ সন্মুখত তেওঁলোক বিফল হৈছিল।”- সংবাদমেলত এইদৰে সদৰী কৰে DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে।