চীনা সামগ্ৰীৰ নাই গেৰাণ্টী! চাৰি দিনতে বুজি পালে পাকিস্তানে
কেইটামান দিনৰ উত্তেজনাৰ পিছত অৱশেষত শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত আৰু পাকিস্তানে। পূৰ্ণকালীন যুদ্ধৰ ৰূপ নল’লেও এই আংশিক যুদ্ধত পাকিস্তানক শলঠেকত পেলালে ভাৰতে। ভাৰতীয় সেনাৰ এই বলবিক্ৰমত এতিয়া পাকিস্তানে যেন উপলব্ধি কৰিছে, আনৰ ভৰসাত এৰি দিব নোৱাৰি নিজৰ সুৰক্ষা!

ভুল ভাগিল পাকিস্তানৰ!
কেইটামান দিনৰ উত্তেজনাৰ পিছত অৱশেষত শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত আৰু পাকিস্তানে। পূৰ্ণকালীন যুদ্ধৰ ৰূপ নল’লেও এই আংশিক যুদ্ধত পাকিস্তানক শলঠেকত পেলালে ভাৰতে। ভাৰতীয় সেনাৰ এই বলবিক্ৰমত এতিয়া পাকিস্তানে যেন উপলব্ধি কৰিছে, আনৰ ভৰসাত এৰি দিব নোৱাৰি নিজৰ সুৰক্ষা! যোৱা চাৰি-পাঁচদিন ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণে দেশ দুখনক কৰি ৰাখিলে উদ্বিগ্ন। অৱশ্যে যুদ্ধবিৰতিৰ লগে লগে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অন্ত পৰে আৰু সম্পূৰ্ণ ৰূপে যুদ্ধ বুলিব নোৱাৰিলেও ভাৰতে জয়লাভ কৰে।
ভাৰতৰ এই জয়ৰ অন্যতম প্ৰধান কাৰক হিচাপে বিবেচিত হয় দেশৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা। বিগত এই দিনকেইটাৰ পৰিঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা কিমান পৰ্যায়লৈ উন্নতি কৰিছে, সেয়া স্পষ্ট ৰূপত প্ৰমাণিত হৈছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে। এই সময়ছোৱাত ৩০০ৰ পৰা ৪০০ ড্ৰ’নেৰে পাকিস্তানী সেনাই ভাৰতত আক্ৰমণৰ চেষ্টা কৰাৰ পিছতো বাৰে বাৰে ব্যৰ্থতাৰ মুখ দেখিবলগা হয়।
পাকিস্তানৰ এই প্ৰতিটো আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰি ভাৰতে স-শক্তিৰে থিয় দি ৰয়। স্বাভাৱিকতেই এই ক্ষমতাই ভাৰতৰ প্ৰতিৰক্ষা শক্তিৰ উমান দিয়াৰ সমান্তৰালকৈ প্ৰত্যাক্ৰমণৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰিছে। পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই নিজৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ তথা পাকিস্তানৰ সাধাৰণ নাগৰিকৰ ক্ষতি নকৰাকৈ চুবুৰীয়া দেশখনৰ প্ৰায় ৯টা সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিছে।
ভাৰতৰ এই প্ৰত্যাক্ৰমণত আনকি পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ৰক্ষা নপৰিল। অস্ত্ৰ বিশেষজ্ঞসকলে কয় যে কোটি কোটি টকা ঋণত চীনা অস্ত্ৰ ক্ৰয় কৰিলেও পাকিস্তানে যুদ্ধত জয়ী হ’ব নোৱাৰে। আনৰ পৰা ক্ৰয় কৰা এই অস্ত্ৰবোৰ অধিক শক্তিশালী কৰিব লাগিব। পাকিস্তানৰ আক্ৰমণক প্ৰতিহত কৰি দেশবাসীৰ নায়ক হৈ পৰা ভাৰতৰ সুদৰ্শন চক্ৰ বা এছ-৪০০ যদিও ৰাছিয়াৰ প্ৰযুক্তিৰে নিৰ্মিত, ইয়াত দেশীয় প্ৰযুক্তিও সংযোগ কৰা হৈছে।
সময়ৰ অগ্ৰগতিৰ লগে লগে এই বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো ইমানেই বিকশিত হৈছে যে ই ইজৰাইলৰ আইৰন ড’মৰ দৰেই প্ৰায় শক্তিশালী হৈ পৰিছে। কিন্তু আনফালে পাকিস্তানে এই সংঘাতৰ সময়ত সীমান্তত চীনৰ সকলো প্ৰতিৰক্ষা ব্যৱস্থা স্থাপন কৰি আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টা কৰিছে। কিন্তু ভাৰতীয় আক্ৰমণে এই প্ৰতিৰক্ষা ব্যৱস্থা সহজেই ভেদ কৰি গৈছে।