Independence Day 2025: আজি স্বাধীনতা দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

Independence Day History: আজি সমগ্ৰ দেশে পালন কৰিছে স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এই দিনটো বিশেষ।

Independence Day 2025: আজি স্বাধীনতা দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো...

Independence Day

Published: 

15 Aug 2025 | 06:00 AM

আজি ১৫ আগষ্ট, স্বাধীনতা দিৱস। সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। কিছু সময় পাছতেই দিল্লীৰ লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। তাৰ পাছতে মোদীয়ে একেৰাহে ১২ বাৰ স্বাধীনতা দিৱসৰ ভাষণেৰে দেশবাসীক সম্বোধন কৰিব। প্ৰথমবাৰৰ বাবে জৱহাৰলাল নেহৰুৱে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা এই ধাৰা অব্যাহত ৰাখি দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ইতিহাস

ভাৰতৰ স্বাধীনতা লাভৰ ইতিহাস সুখকৰ নাছিল। এই স্বাধীনতাৰ বিনিয়মত প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে। ইংৰাজৰ শাসন ভৰিৰে মোহাৰি পেলোৱা ইমান সহজ নাছিল। ১৭ শতিকাৰ আৰম্ভণিতে ভাৰতত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। পাছত ১৮ শতিকাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শক্তিশালী সামৰিক বাহিনীৰ সহায়ত নিজৰ স্থিতি মজবুত কৰে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ইংৰাজৰ বাট মুকলি হয়। সেই সময়তে দেশত ইংৰাজ বিৰোধী এক চিন্তাধাৰা গঢ় লৈ উঠিছিল। কিন্তু যেতিয়া ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে গঠন হয় তেতিয়া মানুহৰ মাজত স্বাধীনতা লাভৰ আশা তীব্ৰতৰ হয়।

ইংৰাজে দেশবাসীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন। প্ৰায় ২০০ বছৰ ধৰি শাসন কৰিছিল ইংৰাজে। মাজে সময়ে ইংৰাজ বিৰোধী ধাৰাই গতি লাভ কৰিলেও মাজে মাজে ই সেমেকি পৰিছিল। অৱশ্যে ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনে অনন্য গতি লাভ কৰে। গান্ধীৰ আহ্বানত লাখ লাখ মানুহ জঁপিয়াই পৰিছিল আন্দোলনত। ১৯৩০ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো জঁপিয়াই পৰিছিল হাজাৰ হাজাৰ সেনানী। হাজাৰ হাজাৰ শ্বহীদৰ বলিদানেৰে অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্ত হয়।

ভাৰতৰ স্বাধীনতা লাভৰ যুঁজখন সহজ নাছিল। হাজাৰ হাজাৰ শ্বহীদৰ তেজৰ বিনিময়ত দেশ স্বাধীন হৈছিল। আন্দোলন বন্ধ কৰিবলৈ ইংৰাজে বহু ব্য়ৱস্থা গ্ৰহণ কৰিছিল। ব্ৰিটিছ বিৰোধী আন্দোলনত শ্বহীদ হৈছিল ভগত সিং, সুখদেৱস ৰাজগুৰু, চন্দ্ৰশেখৰ আজাদ, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে,বিৰছা মুণ্ডা আদিৰ দৰে হাজাৰ হাজাৰ সেনানী। যাৰ বাবে দেশ আজিও সেই শ্বহীদসকলৰ ওচৰত চিৰ কৃতজ্ঞ।

এই আন্দোলনৰ শিপা অসমলৈও আহিছিল। সকলো নেওচি আন্দোলনত জঁপিয়াই পৰিছিল পিয়লি ফুকন, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী আদিৰ দৰে বহু সেনানী। ভাৰতে স্বাধীনতা লাভ কৰাৰ যুঁজখন দীঘলীয়া। বহু ত্যাগ, কষ্টৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হৈছিল। ইয়াত  “ভাগ্যৰ সৈতে মিলন” বুলি অভিহিত কৰিছিল জৱহাৰলাল নেহৰুৱে। তাৰ পাছতে তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।

১৫ আগষ্টৰ দিনটো কিয়

তথ্য অনুসৰি, ভাৰতে স্বাধীনতা লাভ কৰাৰ বাবে ১৯৪৮ চনৰ ৩০ জুন ঠিক কৰা হৈছিল। কিন্তু সেই সময়ত দেশত হিংসা, হত্যা আদি বৃদ্ধি পাইছিল। জিন্নাই পৃথক পাকিস্তানৰ দাবী কৰিছিল। লৰ্ড মাউণ্টবেটেনে ১৯৪৭ চনৰ ৪ জুলাইত ব্ৰিটিছ হাউছ অৱ কমনছত ভাৰতীয় স্বাধীনতা বিধেয়ক দাখিল কৰে, যিখন বিধেয়ক ব্ৰিটিছ সংসদে অনুমোদন জনায় আৰু পিছলৈ ১৫ আগষ্টক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। জানিব পৰা মতে, ১৫ আগষ্টৰ দিনটোত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ সেনাই আত্মসমৰ্পন কৰিছিল।

গুৰুত্ব

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে স্বাধীনতা দিৱসৰ গুৰুত্ব অধিক। এই দিনটোৰ আঁৰত থকা ইতিহাস জনা প্ৰতিগৰাকী ভাৰতীয়ৰে কৰ্তব্য। ২০০ বছৰৰ বন্দিত্বৰ শিকঙি চিঙিবলৈ হাজাৰ হাজাৰ সেনানীয়ে কোনো চিন্তা নকৰাকৈ নিজৰ প্ৰাণ ত্যাগ কৰিছিল। এই স্বাধীনতা ইমান সহজ নাছিল। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয় সেই বীৰ শ্বহীদসকলৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত।

শেষত প্ৰতিগৰাকী শ্বহীদলৈ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা…

 

অন্য খবৰ পঢ়কঃ Independence day 2025: স্বাধীনতা দিৱসঃ ১ মিনিটত জানক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে প্ৰয়োজনীয় ১৫টা কথা…

জীৱনলৈ বেয়া সময় অহাৰ পূৰ্বে মানুহে লাভ কৰে এইবোৰ সংকেত! জানক...
বাঢ়িব পাৰে এই স্বাস্থ্যজনিত সমস্যা, কোনসকল লোকে ইলাচী খাব নালাগে ?
এই খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে, জানক কি কি নাখাব ?
আপোনাৰ ক্ষতি কৰিব নেকি কেঁচা অমিতাই! এনে সমস্যা আছে যদি নোখোৱাই ভাল
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...