Independence day 2025: স্বাধীনতা দিৱসঃ ১ মিনিটত জানক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে প্ৰয়োজনীয় ১৫টা কথা…
Independence Day 2025: সমগ্ৰ দেশে প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোত স্বাধীনতা দিৱস পালন কৰে। এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ। এই দিনটোৰ লগত জড়িত কিছুমান কথা প্ৰতিগৰাকী ভাৰতীয়ই মনত ৰখা আৱশ্যক।

Independence Day
মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। ১৫ আগষ্টত সমগ্ৰ দেশে পালন কৰিব স্বাধীনতা দিৱস। ইংৰাজৰ ২০০ বছৰীয়া ৰাজত্বৰ পৰা মুক্তি লাভৰ যুঁজখন সহজ নাছিল। ইয়াৰ আঁৰত আছে বহু শ্বহীদৰ বলিদান। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস পালন কৰা হয়। এগৰাকী ভাৰতীয় হিচাপে এই দিনটোৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আমি জনা দৰকাৰ। তলত এনে কেইটামান তথ্য উল্লেখ কৰা হল-
- ১৫ আগষ্টৰ দিনটো লৰ্ড মাউণ্টবেটেনে নিৰ্বাচন কৰিছিল। ভাৰতৰ শেষৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে বাছি লৈছিল। কিয়নো এই দিনটো দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বৰ্ষপূৰ্তি আছিল।
- ভাৰতে স্বাধীনতা লাভ কৰিছিল যদিও দেশখন দুটুকুৰা হৈছিল। ১৪ আগষ্ট ১৯৪৭ চনত পাকিস্তানৰ জন্ম হৈছিল। এই সময়চোৱাত সাম্প্ৰদায়িক হিংসা হৈছিল।
- স্বাধীনতাৰ পাছত ভাষণ দিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। তেওঁ ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা সংবিধান সভাত নিজৰ বিখ্যাত ভাষণ ‘Tryst with Destiny’ ৰ ভাষণ দিছিল।
- দিল্লীৰ লালকিল্লাত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হৈছিল। এই দিনটো আছিল ১৯৪৭ চনৰ ১৬ আগষ্ট।
- ‘জন গন মন’ বহু বছৰ পূৰ্বে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে বাংলা ভাষাত লিখিছিল। পাছলৈ ১৯৫০ চনৰ ২৪ জানুৱাৰীক ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে মান্যতা প্ৰদান কৰা হৈছিল।
- ১৯৪৭ চনৰ পূৰ্বে ভাৰতৰ কোনো ৰাষ্ট্ৰীয় পতাকা নাছিল। ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাত ভাৰতৰ জাতীয় পতাকা গ্ৰহণ কৰা হয়।
- দেশে স্বাধীনতা লাভ কৰাৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। যাৰ বাবে স্বাধীনতা উদযাপনৰ সময়ত মহাত্মা গান্ধী উপস্থিত নাছিল। সেই সময়ত তেওঁ ব্ৰতত আছিল।
- ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে প্ৰথমবাৰৰ বাবে ডাক টিকট জাৰি কৰিছিল। ইয়াত ত্ৰিৰংগা আছিল।
- ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া দেশৰ ওচৰত সংবিধান নাছিল। ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল।
- স্বাধীনতা লাভ কৰাৰ পাছতে ইন্দিৰা গান্ধী (১৯৭৯) আৰু চৰন সিং(১৯৮০) য়ে লালকিল্লাত পতাকা উত্তোলন কৰা নাছিল।
- ব্ৰিটিছ শাসনৰ পৰিকল্পনা অনুসৰি ১৯৪৮ চনৰ জুন মাহত ভাৰতে স্বাধীনতা লাভ কৰাৰ কথা আছিল। কিন্তু দেশত বৃদ্ধি পোৱা হিংসা আৰু আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি মাউন্টবেটনে এই দিনটো নিৰ্বাচন কৰিছিল।
- ভাৰতীয় দূতবাস আৰু বিশ্বত বাস কৰা প্ৰতিগৰাকী ভাৰতীয়ই স্বাধীনতা দিৱস পালন কৰে।
- ভাৰতৰ ত্ৰিৰংগাৰ দীৰ্ঘ আৰু প্ৰস্থ 3:2 হব লাগে।
- পতাকা উত্তোলনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ভাষণ দিয়াটো এক পৰম্পৰা।
- ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, বহৰীন, কাংগো আদি দেশত ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়।
পঢ়িবলৈ ক্লিক কৰকঃ Ashoka chakra: স্বাধীনতা দিৱসৰ পূৰ্বে জানক অশোক চক্ৰৰ লগত জড়িত ১০ টা জানিবলগীয়া কথা…