উত্তৰ-পূবৰ আঞ্চলিক নিৰাপত্তাক লৈ সতৰ্কবাণী ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বীৰ

অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বাংলাদেশত মৌলবাদী শক্তিৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপক লৈ ভাৰতে অধিক সতৰ্কতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত সতৰ্ক কৰি দিছে। বিশেষকৈ উত্তৰ-পূব অঞ্চল আৰু চীন সীমান্তক লৈ অধিক সতৰ্ক হোৱা আহ্বান জনাইছে বিষয়াগৰাকীয়ে।

উত্তৰ-পূবৰ আঞ্চলিক নিৰাপত্তাক লৈ সতৰ্কবাণী ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বীৰ
Updated On: 

09 Nov 2025 | 02:00 PM

আঞ্চলিক নিৰাপত্তা আৰু ভূ-ৰাজনৈতিক উদ্বেগৰ মাজতে ভাৰতে সতৰ্কতা বজাইৰ ৰখাৰ আহ্বান জনাইছে ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই। অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বাংলাদেশত মৌলবাদী শক্তিৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপক লৈ ভাৰতে অধিক সতৰ্কতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত সতৰ্ক কৰি দিছে। বিশেষকৈ উত্তৰ-পূব অঞ্চল আৰু চীন সীমান্তক লৈ অধিক সতৰ্ক হোৱা আহ্বান জনাইছে বিষয়াগৰাকীয়ে।

এএনআইৰ সৈতে হোৱাৰ এক বাৰ্তালাপত লেফটেনেণ্ট জেনেৰেল কলিতাই কয় যে, “বাংলাদেশত মৌলবাদী উপাদানৰ উপস্থিতি বৃদ্ধি পাইছে। বিশেষকৈ শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু দেশখনৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এই মৌলবাদীৰ শক্তি বৃদ্ধি পাইছে। তেওঁ জোৰ দি কয় যে, এই গোটসমূহে ভাৰতৰ কৌশলগত আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থৰ প্ৰতি বিশেষকৈ বাংলাদেশৰ সীমান্তৱৰ্তী উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

লেফটেনেণ্ট জেনেৰেল কলিতাই উল্লেখ কৰে যে, ভাৰত আৰু চীন দুয়োখন দেশেই সীমান্তত সামৰিক আৰু লজিষ্টিক আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত কৰি আহিছে। তেওঁ কয়,“আমি দুয়োপক্ষৰ পৰা উল্লেখযোগ্য উন্নয়ন দেখিছো।”

অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে ভাৰতৰ সীমান্ত অঞ্চলসমূহৰ নিৰাপত্তা সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আৰু অধিক গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয়, “দুৰ্গম অঞ্চলত আন্তঃগাঁথনি আৰু সংযোগ যথেষ্ট উন্নত হৈছে। অৰুণাচল প্ৰদেশ, ছিকিম, আৰু উত্তৰাখণ্ডৰ সীমান্ত বেল্টৰ কাষেৰেও ডাটা আৰু মোবাইল নেটৱৰ্ক শক্তিশালী কৰা হৈছে।”

লেফটেনেণ্ট জেনেৰেল কলিতাই পুনৰ দৃঢ়তাৰে কয় য,  ভাৰতৰ সীমান্তৰ প্ৰস্তুতিৰ বহুখিনি উন্নতি হৈছে যদিও জাতিটোৰ সাৰ্বভৌমত্ব ৰক্ষা আৰু উত্তৰ-পূব সীমান্তৰ সিপাৰে স্থিতিশীলতা বজাই ৰখাৰ বাবে নিৰন্তৰ নিৰীক্ষণ আৰু প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ হৈয়ে আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...