প্ৰচণ্ড ধুমুহা-বৰষুণেৰে আহি আছে ফেংগালঃ অসমতো পৰিব নেকি ফেংগালৰ প্ৰভাৱ!

বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে জানিবলৈ দিয়া মতে, দক্ষিণ-পশ্চিম বংগ উপসাগৰৰ ওপৰত সৃষ্টি হোৱা দুৰ্যোগ ক্ৰমশঃ ধুমুহা ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হৈছে। এই ঘূৰ্ণীবতাহক ফেংগাল নামেৰে নামকৰণ কৰা হৈছে। আজি বিয়লি ফেংগাল নামৰ এই ঘূৰ্ণীবতাহ ধুমুহাই ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে আগবাঢ়িব বুলি বিভাগে জানিবলৈ দিছে।

প্ৰচণ্ড ধুমুহা-বৰষুণেৰে আহি আছে ফেংগালঃ অসমতো পৰিব নেকি ফেংগালৰ প্ৰভাৱ!

অসমত পৰিব নেকি ফেংগালৰ প্ৰভাৱ!

Updated On: 

30 Nov 2024 | 07:13 AM

বংগ উপসাগৰত সৃষ্টি হৈছে আন এক দুৰ্যোগ। এই দুৰ্যোগে আজি দেশৰ ভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে জানিবলৈ দিয়া মতে, দক্ষিণ-পশ্চিম বংগ উপসাগৰৰ ওপৰত সৃষ্টি হোৱা দুৰ্যোগ ক্ৰমশঃ ধুমুহা ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হৈছে। এই ঘূৰ্ণীবতাহক ফেংগাল নামেৰে নামকৰণ কৰা হৈছে। আজি বিয়লি ফেংগাল নামৰ এই ঘূৰ্ণীবতাহ ধুমুহাই ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে পুডুচেৰীৰ কাষত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিভাগে প্ৰথম অৱস্থাত বংগোপসাগৰত উদ্ভৱ হোৱা এই পৰিস্থিতি ঘূৰ্ণীবতাহলৈ পৰিণত নহয় বুলি জানিবলৈ দিছিল যদিও পিছত এই সন্দৰ্ভত নতুন আপডেট প্ৰদান কৰে। বিভাগে শেহতীয়াকৈ ফেংগাল ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰিছে। বতৰৰ আপডেট প্ৰতি মুহূৰ্ততে সলনি হৈ আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি শনিবাৰে অৰ্থাৎ আজি বিয়লি ‘ফেংগাল’ ঘূৰ্ণীবতাহ আহিব।

এই ফেংগাল ঘূৰ্ণীবতাহ তামিলনাডুৰ মহাবলীপুৰমৰ সমীপত স্পৰ্শ কৰিব বুলি বতৰ বিজ্ঞান বিভাগে ইংগিত দিছে। ইতিপূৰ্বে বিভাগে এই ঘূৰ্ণীবতাহৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছিল। মূলতঃ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপকূলত ফেংগালৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। ধুমুহাৰ সৰ্বোচ্চ গতি ঘণ্টাত ৯০ কিলোমিটাৰ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে।


তামিলনাডুৰ মহাবলীপুৰমৰ সমীপত ভূমিস্খলনৰ ইংগিত পোৱা গৈছে। বংগতো ইতিমধ্যে ইয়াৰ কিছু প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বংগৰ উপকূলত লঘু বৰষুণ হ’ব বুলি জানিব পৰা গৈছে। ইফালে কম চাপ আৰু ডাৱৰৰ উপস্থিতিৰ বাবে হঠাতে উষ্ণতা বৃদ্ধি পাইছে। ফেংগাল ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বহু উপকূলীয় অঞ্চলতো বতৰৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি সন্ধিয়া উপকূলীয় অঞ্চলত এই ফেংগাল ঘূৰ্ণীবতাহ আহিব। অৰ্থাৎ অসমত ফেংগালৰ প্ৰভাৱ পৰাৰ তেনে কোনো সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা নাই। উল্লেখ্য যে শীতকাল আৰম্ভ হোৱাৰ আগে আগে যোৱা অক্টোবৰ মাহত সাগৰ দ্বীপ আৰু পাৰাদ্বীপৰ মাজত ঘূৰ্ণীবতাহ ‘ডানা’ৰ উদ্ভৱ হৈছিল। ইয়াৰ প্ৰভাৱৰ বাবে কলকাতা আৰু দক্ষিণ বংগত ধাৰাসাৰ বৰষুণ হয়।

অৱশ্যে ডানাৰ দৰে ফেংগালৰ ক্ষেত্ৰত ধাৰাসাৰ বৰষুণ নহ’ব পাৰে বুলি অনুমান কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি ট্ৰিংকোমালীৰ পৰা প্ৰায় ৩৩০ কিলোমিটাৰ উত্তৰ-উত্তৰ-পূব, নাগাপট্টিনামৰ পৰা ২৪০ কিলোমিটাৰ পূব-উত্তৰ-পূব, পুডুচেৰীৰ পৰা ২৩০ কিলোমিটাৰ পূব-দক্ষিণ-পূব আৰু চেন্নাইৰ পৰা ২৫০ কিলোমিটাৰ দক্ষিণ-পূবে কেন্দ্ৰ কৰি এই ধুমুহাৰ সৃষ্টি হৈছে।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে