Railway: মাত্ৰ ২ ঘন্টাত কলকাতাৰ পৰা কাশ্মীৰলৈ ! IIT ৰ সৈতে হাত মিলাইছে ভাৰতীয় ৰে’লৱে

আই আই টি মাদ্ৰাজে এই হাইপাৰলুপ নিৰ্মাণ কৰিছে আৰু ভাৰতীয় ৰে'লৱে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ৪২২ মিটাৰ দৈৰ্ঘ্যৰ এটা টেষ্ট ট্ৰেক। এই টেষ্ট ট্ৰেকটো তাৰ এটা অংশ মাত্ৰ। জানিব পৰা মতে, মুম্বাই-পুনে লাইনত এই হাইপাৰলুপ প্ৰথম নিৰ্মাণ হ’ব পাৰে।

Railway: মাত্ৰ ২ ঘন্টাত কলকাতাৰ পৰা কাশ্মীৰলৈ ! IIT ৰ সৈতে হাত মিলাইছে ভাৰতীয় ৰেলৱে

মাত্ৰ ২ ঘন্টাত কলকাতাৰ পৰা কাশ্মীৰলৈ!

Updated On: 

12 Mar 2025 | 05:26 PM

Railway: প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে ক্ৰমান্বয়ে সকলো স্তৰ অতিক্ৰম কৰিছে। শেহতীয়াকৈ আই আই টিৰ নতুন উদ্ভাৱন হাইপাৰলুপ ৰাজহুৱা কৰা হৈছে। এইটো এনে এটা ট্ৰেক হ’ব যিয়ে মানুহক এখন ঠাইৰ পৰা আন ঠাইলৈ অতি ক্ষীপ্ৰতাৰে যাত্ৰা কৰিবলৈ সুবিধা প্ৰদান কৰিব। আই আই টি মাদ্ৰাজে এই হাইপাৰলুপ নিৰ্মাণ কৰিছে। ইলন মাস্কে প্ৰথমবাৰৰ বাবে ২০১৩ চনত হাইপাৰলুপৰ ধাৰণাটো দিছিল।

কিন্তু আপুনি জানেনে হাইপাৰলুপ কি? ভেকুৱাম টিউবৰ ভিতৰত ৰে’ল বা ভ্ৰমণ পডবোৰ অতি তীব্ৰ বেগেৰে চলোৱা হয়। সেই ব্যৱস্থাটোৱেই হ’ল হাইপাৰলুপ। ৰে’ল বা হাইপাৰলুপে ইয়াৰ মাজেৰে ঘণ্টাত ১১০০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পাৰে। ধৰক কলকাতাৰ পৰা কাশ্মীৰৰ দূৰত্ব প্ৰায় ২৩৪০ কিলোমিটাৰ। অৰ্থাৎ হাইপাৰলুপে মাত্ৰ দুঘণ্টাতে সেই দূৰত্ব অতিক্ৰম কৰাব পাৰে। বতাহৰ সৈতে কোনো ঘৰ্ষণ নহয়, গতিকে গতি বহুত বেছি।

আই আই টি মাদ্ৰাজে এই হাইপাৰলুপ নিৰ্মাণ কৰিছে আৰু ভাৰতীয় ৰে’লৱে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ৪২২ মিটাৰ দৈৰ্ঘ্যৰ এটা টেষ্ট ট্ৰেক। এই টেষ্ট ট্ৰেকটো তাৰ এটা অংশ মাত্ৰ। জানিব পৰা মতে, মুম্বাই-পুনে লাইনত এই হাইপাৰলুপ প্ৰথম নিৰ্মাণ হ’ব পাৰে।

কেনেকৈ কাম কৰিব এই হাইপাৰলুপে?

এটা নলী থাকিব যিটোত বায়ুৰ ঘৰ্ষণ অনুভৱ নহ’ব। ইয়াৰ উপৰিও বিদ্যুৎচুম্বকীয় প্ৰপালচন থাকিব। যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু আৰামদায়কভাবে তৈয়াৰ কৰা হ’ব। সকলো ধৰণৰ সহায়ৰ বাবে ব্যৱস্থা ভিতৰত থাকিব। কিন্তু এই হাইপাৰলুপ নিৰ্মাণৰ খৰচ অতি বেছি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...