এতিয়া যদি নিৰ্মাণ কৰা হয়, তাজমহলত কিমান ব্যয় হ’ব?

মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ মৰমৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমলহল । ইতিহাসৰ তথ্য অনুসৰি পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম এই আশ্চৰ্য গঢ়ি তুলিবলৈ প্ৰায় ২২-২৫ বছৰ সময় লাগিছিল । ১৬৩২ চনৰ আশে-পাশে এই নিৰ্মাণ আৰম্ভ হয় ।

এতিয়া যদি নিৰ্মাণ কৰা হয়, তাজমহলত কিমান ব্যয় হব?

তাজমহল

Published: 

16 Apr 2025 15:42 PM

চহকী সংস্কৃতি, ঐতিহ্য আৰু বৈচিত্ৰ্যৰ বাবে ভাৰতবাসীয়ে সদায় গৌৰৱবোধ কৰে । আধুনিক ভাৰত যি ইতিহাসৰ ওপৰত থিয় দিছে, সেই ইতিহাস অতীতৰ কাহিনীৰে ভৰি আছে, যাৰ কিছু ঘটনাৱলীয়ে আমাক প্ৰায়ে ক্ষুব্ধ কৰে যদিও একে সময়তে কিছু ঘটনাৱলী আমোদজনকো । প্ৰেমৰ প্ৰতীক হিচাপে থিয় হৈ থকা বগা সমাধিস্থলটোলৈ চালেই তেনে এক আচৰিত কথাই আকৰ্ষণ কৰে । কৈছোঁ তাজমহলৰ । এই স্মৃতিসৌধ সঁচাকৈয়ে মনোমোহা ।

মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ মৰমৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমলহল । ইতিহাসৰ তথ্য অনুসৰি পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম এই আশ্চৰ্য গঢ়ি তুলিবলৈ প্ৰায় ২২-২৫ বছৰ সময় লাগিছিল । ১৬৩২ চনৰ আশে-পাশে এই নিৰ্মাণ আৰম্ভ হয় ।

সুন্দৰ কাৰুকাৰ্য, ভাৰত-ইছলামিক স্থাপত্যৰ সংমিশ্ৰণত মোগল আৰু ভাৰতীয় চানেকি, বহুমূলীয়া শিলৰ ব্যৱহাৰ আদিয়ে ইয়াক প্ৰতিটো অৰ্থতে এক আচৰিত নিৰ্মাণ হিচাপে পৰিগণিত কৰে । লেপিছ লাজুলি, কৰ্ণেলিয়ান, অনিক্স, সোণ, মাৰ্বল আদি বহুমূলীয়া শিল পৃথিৱীৰ বিভিন্ন কোণৰ পৰা ক্ৰয় কৰা হৈছিল । এই স্থাপত্যৰ আশ্চৰ্য্যটোক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিমান কোষাগাৰ খালী হৈ পৰিছিল সেয়া কেতিয়াবা কল্পনা কৰিছেনে ।

তাজমহল নিৰ্মাণৰ বিষয়ে কেইবাটাও কাহিনী পোৱা যায় । খবৰ অনুসৰি ইয়াক নিৰ্মাণ কৰিবলৈ পাৰস্য, অট্টোমান আদি ঠাইৰ পৰা কেইবাজনো শ্ৰমিক আহিছিল । লগতে ১০০০ৰো অধিক হাতীও এই নিৰ্মাণৰ অংশ আছিল । তাজমহলৰ বাবে কিমান খৰচ হৈছিল সেই সন্দৰ্ভত কোনো সঠিক তথ্য নাই যদিও কেইবাটাও প্ৰতিবেদনত প্ৰকাশ পাইছে যে মোটামুটিভাৱে প্ৰায় ৩.২ কোটি টকা খৰচ হৈছিল ।

এই প্ৰতিবেদনসমূহৰ উপৰিও এজন ভাৰতীয় ইতিহাসবিদ যদুনাথ সৰকাৰে ‘Studies in Mughal India’ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল য’ত তেওঁ তাজমহলৰ সংস্কৰণ আৰু ইয়াৰ আনুমানিক ব্যয়ৰ কথা প্ৰকাশ কৰিছিল । কিতাপখনত ইতিহাসবিদজনে অনুমান কৰিছে যে ইয়াৰ ব্যয় প্ৰায় ৪.২ কোটি টকা । তাজমহল যদি বৰ্তমান নিৰ্মাণ কৰা হ’লহেঁতেন, তেন্তে কি হ’লহেঁতেন?

কিছুমান ব্যক্তিগত হিচাপ মতে বৰ্তমান প্ৰায় ৭০ বিলিয়ন টকা বা প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’লহেঁতেন তাজমহল নিৰ্মাণত । এবিপি লাইভ হিন্দীৰ তথ্য অনুসৰি আজি যদি তাজমহল নিৰ্মাণ কৰা হয়, তেন্তে ইয়াৰ বাবে প্ৰায় ৭৫০০ কোটি টকা খৰচ হ’ব পাৰে । পৃথিৱীৰ অন্যতম এই আশ্চৰ্য্যৰ ওপৰত মূল্যৰ টেগ লগোৱাটো কঠিন হ’লেও আগন্তুক শতিকাবোৰত প্ৰেমৰ এনে আন এটা প্ৰতীক দেখা পোৱাৰ সম্ভাৱনা নাই ।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension