এতিয়া যদি নিৰ্মাণ কৰা হয়, তাজমহলত কিমান ব্যয় হ’ব?

মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ মৰমৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমলহল । ইতিহাসৰ তথ্য অনুসৰি পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম এই আশ্চৰ্য গঢ়ি তুলিবলৈ প্ৰায় ২২-২৫ বছৰ সময় লাগিছিল । ১৬৩২ চনৰ আশে-পাশে এই নিৰ্মাণ আৰম্ভ হয় ।

এতিয়া যদি নিৰ্মাণ কৰা হয়, তাজমহলত কিমান ব্যয় হব?

তাজমহল

Published: 

16 Apr 2025 | 03:42 PM

চহকী সংস্কৃতি, ঐতিহ্য আৰু বৈচিত্ৰ্যৰ বাবে ভাৰতবাসীয়ে সদায় গৌৰৱবোধ কৰে । আধুনিক ভাৰত যি ইতিহাসৰ ওপৰত থিয় দিছে, সেই ইতিহাস অতীতৰ কাহিনীৰে ভৰি আছে, যাৰ কিছু ঘটনাৱলীয়ে আমাক প্ৰায়ে ক্ষুব্ধ কৰে যদিও একে সময়তে কিছু ঘটনাৱলী আমোদজনকো । প্ৰেমৰ প্ৰতীক হিচাপে থিয় হৈ থকা বগা সমাধিস্থলটোলৈ চালেই তেনে এক আচৰিত কথাই আকৰ্ষণ কৰে । কৈছোঁ তাজমহলৰ । এই স্মৃতিসৌধ সঁচাকৈয়ে মনোমোহা ।

মোগল সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ মৰমৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমলহল । ইতিহাসৰ তথ্য অনুসৰি পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম এই আশ্চৰ্য গঢ়ি তুলিবলৈ প্ৰায় ২২-২৫ বছৰ সময় লাগিছিল । ১৬৩২ চনৰ আশে-পাশে এই নিৰ্মাণ আৰম্ভ হয় ।

সুন্দৰ কাৰুকাৰ্য, ভাৰত-ইছলামিক স্থাপত্যৰ সংমিশ্ৰণত মোগল আৰু ভাৰতীয় চানেকি, বহুমূলীয়া শিলৰ ব্যৱহাৰ আদিয়ে ইয়াক প্ৰতিটো অৰ্থতে এক আচৰিত নিৰ্মাণ হিচাপে পৰিগণিত কৰে । লেপিছ লাজুলি, কৰ্ণেলিয়ান, অনিক্স, সোণ, মাৰ্বল আদি বহুমূলীয়া শিল পৃথিৱীৰ বিভিন্ন কোণৰ পৰা ক্ৰয় কৰা হৈছিল । এই স্থাপত্যৰ আশ্চৰ্য্যটোক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিমান কোষাগাৰ খালী হৈ পৰিছিল সেয়া কেতিয়াবা কল্পনা কৰিছেনে ।

তাজমহল নিৰ্মাণৰ বিষয়ে কেইবাটাও কাহিনী পোৱা যায় । খবৰ অনুসৰি ইয়াক নিৰ্মাণ কৰিবলৈ পাৰস্য, অট্টোমান আদি ঠাইৰ পৰা কেইবাজনো শ্ৰমিক আহিছিল । লগতে ১০০০ৰো অধিক হাতীও এই নিৰ্মাণৰ অংশ আছিল । তাজমহলৰ বাবে কিমান খৰচ হৈছিল সেই সন্দৰ্ভত কোনো সঠিক তথ্য নাই যদিও কেইবাটাও প্ৰতিবেদনত প্ৰকাশ পাইছে যে মোটামুটিভাৱে প্ৰায় ৩.২ কোটি টকা খৰচ হৈছিল ।

এই প্ৰতিবেদনসমূহৰ উপৰিও এজন ভাৰতীয় ইতিহাসবিদ যদুনাথ সৰকাৰে ‘Studies in Mughal India’ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল য’ত তেওঁ তাজমহলৰ সংস্কৰণ আৰু ইয়াৰ আনুমানিক ব্যয়ৰ কথা প্ৰকাশ কৰিছিল । কিতাপখনত ইতিহাসবিদজনে অনুমান কৰিছে যে ইয়াৰ ব্যয় প্ৰায় ৪.২ কোটি টকা । তাজমহল যদি বৰ্তমান নিৰ্মাণ কৰা হ’লহেঁতেন, তেন্তে কি হ’লহেঁতেন?

কিছুমান ব্যক্তিগত হিচাপ মতে বৰ্তমান প্ৰায় ৭০ বিলিয়ন টকা বা প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’লহেঁতেন তাজমহল নিৰ্মাণত । এবিপি লাইভ হিন্দীৰ তথ্য অনুসৰি আজি যদি তাজমহল নিৰ্মাণ কৰা হয়, তেন্তে ইয়াৰ বাবে প্ৰায় ৭৫০০ কোটি টকা খৰচ হ’ব পাৰে । পৃথিৱীৰ অন্যতম এই আশ্চৰ্য্যৰ ওপৰত মূল্যৰ টেগ লগোৱাটো কঠিন হ’লেও আগন্তুক শতিকাবোৰত প্ৰেমৰ এনে আন এটা প্ৰতীক দেখা পোৱাৰ সম্ভাৱনা নাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...