গ্ৰাহকৰ ধন চুৰি কৰি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ বেংক বিষয়াৰ! ৪.৫ কোটি টকাৰ লোকচান, তাৰ পিছত….

১৮ ফেব্ৰুৱাৰীত যেতিয়া এগৰাকী গ্ৰাহকে তেওঁৰ ফিক্সড ডিপ’জিট মেচিউৰ হোৱাৰ আগতেই ধন উলিয়াবলৈ আহিছিল, তেতিয়া এই বিষয়ে জানিব পাৰিছিল বেংক কৰ্তৃপক্ষই। তাৰ পিছত আৰম্ভ হৈছিল তদন্ত।

গ্ৰাহকৰ ধন চুৰি কৰি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ বেংক বিষয়াৰ! ৪.৫ কোটি টকাৰ লোকচান, তাৰ পিছত....

ধৃত বেংক বিষয়া

Updated On: 

07 Jun 2025 | 10:39 PM

ঘৰত বহু টকা ৰখাটো নিৰাপদ নহয়, চুৰি হোৱা ভয় থাকে। সেয়েহে নিজৰ উপাৰ্জিত ধনখিনি সুৰক্ষিত ৰাখিবৰ বাবে সাধাৰণ মানুহে বেংকত টকা ৰাখে। কিন্তু বেংকত আপোনাৰ ধন নিৰাপদ হয়নে? আপোনাৰ বেংকত জমা হোৱা ধন আন কোনোবাই ব্যৱহাৰ কৰি আছে নেকি? শেহতীয়াকৈ ঘটা এটা আচৰিত ঘটনাই বেংকৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই প্ৰশ্নটো আনিছে সাধাৰণ মানুহৰ মনত।

ৰাজস্থানৰ কোটাৰ এজন বেংক বিষয়াই সাধাৰণ মানুহে জমা কৰা নিৰুদ্দেশ কৰিলে ৪ কোটিৰো অধিক টকা। সাক্ষী গুপ্তা নামৰ যুৱতীগৰাকী আইচিআইচিআই বেংকৰ ৰিলেচনশ্বিপ মেনেজাৰ আছিল। তেঁওঁ বেংকৰ ইউজাৰ ফিক্সড ডিপজিট লিংক ব্যৱহাৰ কৰি সাধাৰণ মানুহে জমা কৰা ধন নোহোৱা কৰি পেলালে।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মুঠ ৪১ জন গ্ৰাহকৰ ১১০ টা একাউণ্ট ব্যৱহাৰ কৰি অবৈধভাৱে ৪.৫৮ কোটি টকা চুৰি কৰিছিল। কম সময়ৰ ভিতৰতে অধিক ৰিটাৰ্ণ পাবলৈ সেই টকাখিনি তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিছিল । কিন্তু লাভৰ পৰিৱৰ্তে সকলো ধন পানীত পৰিল। তেওঁ যিবোৰ ফিক্সড ডিপ’জিটৰ পৰা ধন বিনিয়োগ কৰিছিল সেইবোৰ ঘূৰাই দিব নোৱাৰিলে।

১৮ ফেব্ৰুৱাৰীত যেতিয়া এগৰাকী গ্ৰাহকে তেওঁৰ ফিক্সড ডিপ’জিট মেচিউৰ হোৱাৰ আগতেই ধন উলিয়াবলৈ আহিছিল, তেতিয়া এই বিষয়ে জানিব পাৰিছিল বেংক কৰ্তৃপক্ষই। তাৰ পিছত আৰম্ভ হৈছিল তদন্ত। অৱশেষত গ’ম পোৱা গ’ল যে বেংকৰ বিষয়াগৰাকীয়ে টকাখিনি উলিয়াই শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছে।

শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক। তদন্তত প্ৰকাশ পাইছে যে ধন উলিওৱাৰ পূৰ্বে যুৱতীগৰাকীয়ে প্ৰতিজন গ্ৰাহকৰ পঞ্জীয়নভুক্ত ফোন নম্বৰ সলনি কৰি তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফোন নম্বৰ দিছিল যাতে তেওঁলোকে লেনদেনৰ বিষয়ে জানিব নোৱাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব