ভুৱা দিব্যাংগ, OBC প্ৰমাণ পত্ৰৰে IAS বিষয়া হোৱা পূজা খেডকৰৰ পক্ষত থিয় দিলে পিতৃ..

পূজাৰ পিতৃৰ ওচৰত প্ৰায় ৪০ কোটি টকাৰ সম্পত্তি আছে। ইয়াৰোপৰি পূজাৰ মাতৃও বিভিন্ন সময়ত বিবাদত অহা দেখা যায়। পূজাৰ ওচৰতে প্ৰায় ১৭ কোটি টকাৰ সম্পত্তি আছে।

ভুৱা দিব্যাংগ, OBC প্ৰমাণ পত্ৰৰে IAS বিষয়া হোৱা পূজা খেডকৰৰ পক্ষত থিয় দিলে পিতৃ..

পূজা

Published: 

15 Jul 2024 | 01:54 PM

মহাৰাষ্ট্ৰৰ বিতৰ্কিত আই এ এছ বিষয়া পূজা খেডকৰৰ চাকৰি এতিয়া সংকটত। যিকোনো সময়তে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে প্ৰভেশ্যনাৰী আই এ এছ (IAS) বিষয়াগৰাকী। পূজা খেডকৰৰ বিৰুদ্ধে ভুৱা দিব্যাংগ আৰু ভুৱা অন্যান্য পিছপৰা জাতি (OBC)ৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ অভিযোগ আছে। কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে এই ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই তদন্ত চলাই আছে। ইয়াৰ মাজতে পূজাক ৰক্ষণা বেক্ষণ দিবলৈ আগবাঢ়ি আহিছে পিতৃ।

ভুৱা প্ৰমাণ পত্ৰৰে আই এ এছ হোৱা পূজাৰ পিতৃয়ে দেওবাৰে কয় যে, পূজাই কোনো ভুল বা বেআইনী কাম কৰা নাই। এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিলীপ খেডকাৰে কয় যে যদি এজন ব্যক্তিৰ ওচৰত কেইবা কোটি টকাৰ সম্পত্তি থাকে তেন্তে সেয়া ভুল কেনেকৈ হ’ব? তেওঁ কয় যে পূজাই চাকৰিৰ বাবে বিলাসী বাহন ব্যৱহাৰ কৰিছে কাৰণ তেওঁৰ ওচৰত চৰকাৰী বাহন নাছিল। ইয়াৰ পূৰ্বে তেওঁ চিনিয়ৰৰ পৰামৰ্শ লৈছিল। ইয়াৰোপৰি চৰ্চাত থকা গাড়ীখন পূজাৰ নহয়, এগৰাকী আত্মীয়ৰহে। তেওঁ গাড়ীত ৰঙা লাইট লগাই কাৰো বেয়া কৰা নাই।

দিব্যাংগ সম্পৰ্কীয় প্ৰমাণ পত্ৰৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দি দিলীপ খেডকাৰে কয় যে চৰকাৰে এটা মানদণ্ড নিৰ্ধাৰণ কৰে যাতে কাৰোবাৰ দিব্যাংগতা নিৰ্ণয় কৰিব পৰা যায়। তেওঁৰ কন্যাই ইয়াৰ সৈতে জড়িত সকলো মাপকাঠী পূৰণ কৰে।

উল্লেখ্য যে, পূজা ২০২২ বৰ্ষৰ মহাৰাষ্ট্ৰ কেডাৰৰ আই এ এছ বিষয়া। তেওঁ ইউ পি এছ চি পৰীক্ষাত ৮৪১ ৰেংক লাভ কৰিছিল। যোৱা বছৰৰ জুন মাহত তেওঁক প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে পুনেলৈ প্ৰেৰণ কৰা হৈছিল। পূজাৰ পিতৃৰ ওচৰত প্ৰায় ৪০ কোটি টকাৰ সম্পত্তি আছে। ইয়াৰোপৰি পূজাৰ মাতৃও বিভিন্ন সময়ত বিবাদত অহা দেখা যায়। পূজাৰ ওচৰতে প্ৰায় ১৭ কোটি টকাৰ সম্পত্তি আছে।

পূজাই নিজৰ অডি বাহনখনত নীলা আৰু ৰঙা লাইট লগাইছিল। তাৰ পাছতেই বিতৰ্কৰ মাজলৈ আহিছিল এইগৰাকী আই এ এছ বিষয়া। প্ৰবেশ্যনৰ সময়তেই তেওঁ অডিত মহাৰাষ্ট্ৰ চৰকাৰ বুলি লিখিছিল। যিখন গাড়ীত নীলা লাইট আৰু মহাৰাষ্ট্ৰ চৰকাৰ বুলি লিখিছিল সেইখন গাড়ী পূজাৰ ব্যক্তিগত কোম্পানীৰ নামত ৰেজিষ্টাৰ আছিল। এই বাহনখনৰ বিৰুদ্ধে ২১ টা নিয়ম উলংঘা কৰাৰ গোচৰ আৰি ২৭ হাজাৰ টকাৰ জৰিমণা পূৰ্বৰ পৰাই আছিল। ইয়াৰোপৰি আই এ এছ বিষয়া হিচপে যোগদান কৰাৰ পাছতেই তেওঁ নিজৰ পদৰ অপব্যৱহাৰ কৰি আহিছিল। পূজাই নিজৰ বাবে বাংলো, কেবিন আদিও দাবী কৰিছিল।যাৰ বাবে পূজাক পুনেৰ পৰা বাসিমলৈ বদলিও কৰা হৈছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...