‘যেতিয়া বিচাৰোঁ তেতিয়াহে হাৰিম’…প্ৰচণ্ড আত্মবিশ্বাসেৰে ক’লে মমতা বেনাৰ্জীয়ে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীৰ নাম নোলোৱাকৈ কয়, মই পৰুৱাৰ দৰে মোহাৰি পেলাম। মই এগৰাকী জীয়া বাঘিনী। মোক আঘাত কৰিবলৈ চেষ্টা নকৰিব।

যেতিয়া বিচাৰোঁ তেতিয়াহে হাৰিম...প্ৰচণ্ড আত্মবিশ্বাসেৰে কলে মমতা বেনাৰ্জীয়ে

গাদী এৰিব নিবিচাৰে মমতাই!

Published: 

07 Aug 2025 17:40 PM

২০২৬ চনত পশ্চিমবংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে পৰিকল্পনা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাম নোলোৱাকৈয়ে বিজেপিক প্ৰত্যাহ্বান জনাইছে। তেওঁ কয়, “মই ইচ্ছা নকৰালৈকে মোক পৰাস্ত কৰিব নোৱাৰে।”

ঝাৰগ্ৰামৰ পঞ্চমথা ম’ৰত এখন ৰাজহুৱা সভাত ভাষণ দি বেনাৰ্জীয়ে কয় যে তেওঁ বাঘিনী… তেওঁক আঘাত কৰিবলৈ কোনেও সাহস কৰিব নালাগে” কৰাৰ ৰিস্ক ল’ব নালাগে। বিৰোধী দলসমূহক তেওঁক তুচ্ছজ্ঞান নকৰিবলৈ সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়, তেওঁৰ যুঁজ এতিয়াও শেষ হোৱা নাই।

কেনেদৰে আত্মবিশ্বাস লাভ কৰে?

আভ্যন্তৰীণ আত্মবিশ্বাসৰ কাহিনী বৰ্ণনা কৰি মমতা বেনাৰ্জীয়ে আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়ত তেওঁৰ অতীতৰ কথা মনত পেলাইছিল। তেওঁ কয়, চিপিআই(এম)ৰ গুলীৰ পৰা বাচিলোঁ। মোৰ মূৰত মাৰিছিল, শৰীৰটো তেজেৰে লুতুৰি-পুটুৰি হৈছিল, কিন্তু মোৰ ভয় নাছিল। মই পৰুৱাৰ দৰে মোহাৰি পেলাম। । মোক আঘাত কৰিবলৈ চেষ্টা নকৰিবা, মই ভয়ংকৰ হৈ পৰিম।

তেওঁ আৰু কয়, মই অনুমতি দিলেহে মোক পৰাস্ত কৰিব পাৰিবা। যদি মই নিবিচাৰো, তেন্তে মোক পৰাস্ত কৰিব নোৱাৰা। মমতা বেনাৰ্জীক পৰাস্ত কৰাটো সহজ নহয়।

ভোটিং তালিকাৰ বিষয়ে কি ক’লে?

ইয়াৰ সমান্তৰালকৈ মমতা বেনাৰ্জীয়ে ভোটাৰসকলক ভোটিং তালিকাত নিজৰ নাম পৰীক্ষা কৰি সতৰ্ক হ’বলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয়, ভোটিং তালিকাত থকা আপোনাৰ নামটোৱেই আপোনাৰ পৰিচয়। এতিয়াই পঞ্জীয়ন কৰক আৰু পিছত পুনৰ পৰীক্ষা কৰক। ৰাইজক সকীয়াই দিয়ে যে যদি নিৰ্বাচনৰ দিনা ভোটিং তালিকাত নিজৰ নাম নাপায়, তেন্তে আচৰিত নহ’ব।

বিজেপিৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যকলৈ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাহুল সিনহাই কয় যে, মুখ্যমন্ত্ৰীৰ ভাষণত নিৰাপত্তাহীনতাৰ ভাৱ এটা প্ৰতিফলিত হৈছে। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিনহাই কয়, বিৰোধীক পৰুৱাৰ দৰে মোহাৰাৰ হুংকাৰে দেখুৱাইছে যে তেওঁ কিমান দুৰ্বল আৰু হতাশ হৈ পৰিছে।

Related Stories
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দায়িত্বজ্ঞানহীন কাণ্ডঃ বিমান বন্দৰতে যাত্ৰীক এৰি সময়ৰ পূৰ্বেই কৰিলে যাত্ৰা
ৰাহুল গান্ধীৰ দাবী বিভ্ৰান্তিকৰ…ভোটাৰ তালিকা সন্দৰ্ভত অভিযোগ অস্বীকাৰ নিৰ্বাচন আয়োগৰ, বিচাৰিলে প্ৰমাণ
গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষা পে চৰ্চাঃ এই দিশত গঢ়িলে বিশ্ব অভিলেখ
দেশত ভোটাৰ তালিকাত ভয়ংকৰ ষড়যন্ত্ৰ! নিৰ্বাচন আয়োগক অপৰাধী সজালে ৰাহুল গান্ধীয়ে
শত্ৰুৰ শক্তি নিমিষতে হ’ব চূৰ্ণ! ‘প্ৰজেক্ট ১৮’ৰ অন্তৰ্ভুক্তিৰে মহাশক্তিধৰ হোৱাৰ দিশে ভাৰতীয় নৌসেনা
ট্ৰাম্পৰ ভাবুকিক বুঢ়া আঙুলি! শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন…
মুৰ্গীৰ লিভাৰ খোৱাটো শৰীৰৰ বাবে ভাল বা বেয়া, কি কয় পুষ্টিবিদসকলে?
ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃয়ে কোন দিশত বহিব লাগে? ভুল কৰিলে সৰ্বনাশ!
ওঁঠৰ চাৰিওফালে ক'লা দাগ পৰিছে নেকি? এনেকৈ কৰক আঁতৰ...
আপোনাৰ শোৱা কোঠাত কেলেণ্ডাৰ আছে নেকি? জীৱনত কি প্ৰভাৱ পৰিব পাৰে জানেনে?