“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, শশী থাৰুৰ, অপাৰেচন সেন্দূৰ আৰু দেশৰ মুছলমানসকলকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মমতা কুলকাৰ্ণীয়ে। তেওঁ এক প্ৰকাৰে মুছলমানসকলৰ প্ৰতি থকা ভালপোৱাক প্ৰকাশ কৰিছে ।

মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ..., মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে

মমতা কুলকাৰ্ণী

Published: 

31 May 2025 | 03:21 PM

একালৰ বলিউডৰ নায়িকা মমতা কুলকাৰ্ণীয়ে মুছলমানক লৈ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, শশী থাৰুৰ, অপাৰেচন সেন্দূৰ আৰু দেশৰ মুছলমানসকলকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মমতা কুলকাৰ্ণীয়ে। তেওঁ এক প্ৰকাৰে মুছলমানসকলৰ প্ৰতি থকা ভালপোৱাক প্ৰকাশ কৰিছে । তেওঁ উল্লেখ কৰিছে যে, বহু সময়ত মুছলমান লোকৰ সহায় লাভ কৰি আহিছে ।

প্ৰয়াগৰাজৰ মহাকুম্ভত মমতা কুলকাৰ্ণীক কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ কৰা হৈছিল। পিছত এই পদৰ পৰা পদত্যাগ কৰি আকৌ পুনৰ মহামণ্ডলেশ্বৰৰ পদ গ্ৰহণ কৰে। এটা সংবাদ সংস্থাৰ সৈতে বাৰ্তালাপত মমতাই কয়- মুছলমানে মোক বহুত মৰম দিছে।

“বলীউডৰ ছুপাৰষ্টাৰ হৈ থাকোঁতে পাকিস্তানৰ পৰা দৈনিক ৫০-৫০ খন চিঠি আহিছিল। সাধনাৰ সময়ত ডুবাইত বহু সময় কটালোঁ, তাতেই বহুত শান্তি পালোঁ। মই মুছলমানক ভাল পাওঁ, কিন্তু সন্ত্ৰাসবাদক ভাল নাপাওঁ। কওঁ যে, সন্ত্ৰাসবাদী মাথোঁ সন্ত্ৰাসবাদী, তেওঁলোক কাৰো পিতৃ, পুত্ৰও নহয় আৰু কাৰো আত্মীয়ও হ’ব নোৱাৰে।” এইদৰে কয় মমতা কুলকাৰ্ণীয়ে ।

মমতা কুলকাৰ্ণীয়ে অপাৰেচন সেন্দূৰৰ কথা কওঁতে ৰাহুল গান্ধীৰ ওপৰত কেইবাটাও মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে, যদি তেওঁ প্ৰমাণ বিচাৰে তেন্তে ১০ দিনৰ বাবে পাকিস্তানলৈ যাওক। তেওঁলোকৰ অৱস্থা কি, নিজেই চাওক। ভাৰতীয়সকলে যি কৰিব লাগিছিল, সেয়া কৰিলে।

ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ নেতা শশী থাৰুৰক প্ৰশংসা কৰি মমতাই কয় যে, তেওঁ এজন ভাল মানুহ। একে সময়তে ৰাজনীতিত যোগদান কৰা-নকৰাকলৈ কেইবাটাও মন্তব্য প্ৰকাশ কৰে মমতা কুলকাৰ্ণীয়ে । তেওঁ কয় যে, বৰ্তমান তেওঁৰ ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...