বিধায়ক হিচাপে নিৰ্বাচিত হ’বৰ বাবে মই ১০-১২ কোটি টকা দিছো- এগৰাকী নেতাৰ মন্তব্যত তোলপাৰ ৰাজনীতি

বিধায়ক হ'বৰ বাবে কিছুমানে ৩৫-৪৫ কোটি টকা খৰচ কৰিছে। কিন্তু মই মাত্ৰ ১০-১২ টকা খৰচ কৰিয়ে বিধায়ক হৈছো- এগৰাকী নেতাৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজনীতিত।

বিধায়ক হিচাপে নিৰ্বাচিত হবৰ বাবে মই ১০-১২ কোটি টকা দিছো- এগৰাকী নেতাৰ মন্তব্যত তোলপাৰ ৰাজনীতি

বিধায়কগৰাকী

Published: 

12 Mar 2025 11:22 AM

এগৰাকী বিধায়ক হ’বৰ বাবে মই দিছো ১০-১২ কোটি টকা- এগৰাকী বিধায়কৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজনীতি। এই সন্দৰ্ভত এগৰাকী নেতাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ কৈছে যে ১০-১২ কোটি টকা দিয়াৰ ফলত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (অজিত পাৱাৰ)ৰ ফৈদৰ  বিধায়ক প্ৰকাশ সোলাংকে। এই নেতাগৰাকীৰ মন্তব্যৰ পাছতেই এতিয়া গমৰ হৈ উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি।

প্ৰকাশ সোলংকে মহাৰাষ্ট্ৰৰ বীড জিলাৰ অভিভাৱক মন্ত্ৰী আৰু মাজলগাঁৱৰ পৰা ৪ বাৰৰ বিধায়ক। বীড জিলাৰ এক বৈঠকত অংশ গ্ৰহণ কৰি ৰাজহুৱাভাৱে তেওঁ এই মন্তব্য কৰে। তেওঁ কয় যে, মহাৰাষ্ট্ৰৰ বিগত নিৰ্বাচনত একোজন নেতাই বিধায়ক হ’বৰ বাবে ৩৫ ৰ পৰা ৪৫ কোটি টকা পৰ্যন্ত দিব লগা হৈছে।

বীড জিলাৰ মাজলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক প্ৰকাশ সোলংকে ধেমেলীয়াৰ সুৰত কয় যে, “মোৰ ঠাইত আন মানুহে ৩৫-৪৫ কোটি টকা খৰচ কৰিলে। কিন্তু মই মাত্ৰ ১০-১২ কোটি খৰচ কৰিয়ে নিৰ্বাচনত জয়লাভ কৰিছো”। ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ অজিত পাৱাৰ গোটৰ বিধায়ক প্ৰকাশ সোলংকে এই দাবীৰ ওপৰত এতিয়া চৰ্চা আৰম্ভ হৈছে। অৱশ্যে এতিয়ালৈকে শাসকীয় পক্ষ আৰু বিৰোধী পক্ষৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। তেওঁ লগতে কয় যে,নিৰ্বাচিত হোৱাটো প্ৰয়োজনীয় নহয় যদিও সাধাৰণ ৰাইজে নিজৰ কাম কৰিব লাগিব।

বীড জিলাত চৰপঞ্চ সন্তোষ দেশমুখৰ হত্যাকাণ্ডৰ গোচৰত ধনঞ্জয় মুণ্ডে মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্রী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱা সময়ত অজিত পাৱাৰ ফৈদৰ বিধায়ক প্রকাশ সোলংকে এই দাবী কৰিছে৷ ধনঞ্জয় মুণ্ডে অজিত পাৱাৰৰ দলৰ বিধায়ক।

উল্লেখ্য যে, প্ৰকাশ সোলাংকে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজহ, পুনৰ্বাসন ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। মাজলগাঁও বিধান সভা সমষ্টিৰ পৰা তেওঁ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ পিতৃ সুন্দৰৰাও সোলংকে মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু এজন প্ৰবীণ কংগ্ৰেছ নেতা আছিল। প্ৰকাশ সোলাংকে ২০২৪ চনৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত শাৰদ পাৱাৰ ফৈদৰ মোহন বাজীৰাও জগদাপক মুঠ ৫৮৯৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা