প্ৰেম, বিবাহ আৰু বিশ্বাসঘাটকতা! পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ, কেঁচিৰে…

দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাত স্বামীয়ে পত্নীক হত্যা কৰাৰ লগে লগে চাঞ্চল্য বিয়পি পৰে। দুয়োৰে তিনি বছৰীয়া কন্যা সন্তান আছে যাৰ নাম শ্ৰষ্টি কুমাৰী। লালবাবু দিল্লীত বাস কৰিছিল। কিছুদিন আগতে তেওঁ পত্নীৰ বিশ্বাসঘাটকতাৰ কথা গম পাইছিল।

প্ৰেম, বিবাহ আৰু বিশ্বাসঘাটকতা! পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ, কেঁচিৰে...

পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ

Published: 

01 Sep 2025 | 12:50 PM

প্ৰেমৰ প্ৰতিশোধ কিমান ভয়ংকৰ পৰ্যায়লৈ যাব পাৰে? প্ৰেমৰ প্ৰতিশোধ ল’বলৈ নিজৰ পত্নীক কেঁচিৰে আঘাত কৰি হত্যা কৰিলে এগৰাকী স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম সুমিত্ৰা দেৱী, তেওঁৰ বয়স ২৭ বছৰ বুলি জানিব পৰা গৈছে। আনহাতে অভিযুক্ত স্বামীক লালবাবু নামেৰে চিনাক্ত কৰা হৈছে। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

ঘটনাটো দৰভঙা জিলাৰ বাঘাউনী গাঁৱৰ। দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাত স্বামীয়ে পত্নীক হত্যা কৰাৰ লগে লগে চাঞ্চল্য বিয়পি পৰে। অভিযুক্ত লালবাবু দাস আৰু তেওঁৰ পিতৃ ভোলা দাস বাঘাউনীৰ বাসিন্দা। য’ত অভিযুক্তই নিজৰ ২৭ বছৰীয়া পত্নী সুমিত্ৰা দেৱীক বিশ্বাস ভংগ কৰাৰ সন্দেহত কেঁচিৰে আঘাত কৰি হত্যা কৰে।

জানিব পৰা মতে, প্ৰায় চাৰি বছৰ পূৰ্বে লালবাবু দাসৰ সৈতে বীৰৌল থানা এলেকাৰ তৰৱাড়া গাঁৱৰ সুমিত্ৰা দেৱীৰ প্ৰেমৰ বিবাহ হৈছিল। দুয়োৰে তিনি বছৰীয়া কন্যা সন্তান আছে যাৰ নাম শ্ৰষ্টি কুমাৰী। লালবাবু দিল্লীত বাস কৰিছিল। কিছুদিন আগতে তেওঁ পত্নীৰ বিশ্বাসঘাটকতাৰ কথা গম পাইছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ পৰা ঘৰলৈ উভতি আহি এই অপৰাধ সংঘটিত কৰে।

আৰক্ষীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে পত্নীয়ে স্বামীৰ ঘৰৰ পৰা ওলাই আহি ১৫ দিন প্ৰেমিকৰ সৈতে আছিল। পত্নী ঘৰলৈ উভতি যোৱা খবৰ পোৱাৰ লগে লগে লালবাবু দাস দিল্লীৰ পৰা ঘৰলৈ উভতি আহি পত্নীৰ সৈতে কাজিয়া কৰি কেঁচিৰে আক্ৰমণ কৰি হত্যা কৰে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীৰ সৈতে SDPO আশুতোষ কুমাৰে সেই স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। লগতে পঞ্চনামা প্ৰস্তুত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...