এয়াই চাগে সঁচা প্ৰেম! ICUৰ ভিতৰতে শিৰত সেন্দুৰ দি পত্নীক শেষ বিদায় জনালে চিকিৎসাধীন স্বামীয়ে, দান কৰিলে অংগ

মধ্য প্ৰদেশৰ ইন্দোৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পত্নীক মগজুৰ মৃত ঘোষণা কৰাৰ পাছত অংগ দান কৰে স্বামীয়ে। ব্যক্তিজনে দুজন লোকক বৃক্ক আৰু এজন লোকক চকু দান দিয়ে ।

এয়াই চাগে সঁচা প্ৰেম! ICUৰ ভিতৰতে শিৰত সেন্দুৰ দি পত্নীক শেষ বিদায় জনালে চিকিৎসাধীন স্বামীয়ে, দান কৰিলে অংগ

ICUৰ ভিতৰতে শিৰত সেন্দুৰ দি পত্নীক শেষ বিদায় জনালে চিকিৎসাধীন স্বামীয়ে!

Updated On: 

10 Nov 2024 | 04:14 PM

সমগ্ৰ দেশতে মগজু মৃত্যুৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। মগজু মৃত্যু হোৱাৰ ক্ষেত্ৰত অংগদান কৰি একাধিক ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰি। মধ্য প্ৰদেশৰ ইন্দোৰ জিলাৰ পৰা এনে এক ঘটনা সংঘটিত হৈছে। য’ত স্বামীয়ে তেওঁৰ পত্নীক মগজুৰ মৃত ( brain dead) ঘোষণা কৰাৰ পাছত পত্নীৰ অংগ দান কৰিছিল কেৱল এয়াই নহয়, অংগদান কৰাৰ আগতে স্বামীয়ে পত্নীৰ শিৰত সেন্দুৰ দি শেষ বিদায় জনাইছিল। ইয়াৰ আগতেও ইন্দোৰৰ বহুলোকে অংগদানৰ বাবে নতুন জীৱন লাভ কৰিছে।

কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল শাজাপুৰ নিবাসী ভূপেন্দ্ৰ আৰু তেওঁৰ পত্নী মনীষা। এই দুৰ্ঘটনাত স্বামী আৰু পত্নী দুয়ো গুৰুতৰভাৱে আহত হৈছিল। চিকিৎসাৰ সময়ত চিকিৎসকে পত্নী মনীষাক মগজু মৃত বুলি ঘোষণা কৰে। যেতিয়া চিকিৎসকসকলে মনীষাক মগজু মৃত বুলি ঘোষণা কৰিছিল, স্বামী ভূপেন্দ্ৰও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মগজুৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে, গোটেই পৰিয়ালটো শোকস্তব্ধ হৈ পৰিছিল।

পৰিয়ালটোৱে সাহসেৰে মনীষাৰ অংগদান কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁলোকে ইন্দোৰৰ অংগ দান সমিতিৰ জিতু বাগবানী আৰু আনসকলৰ সৈতে যোগাযোগ কৰিছিল। ইয়াৰ পিছত, অংগবোৰ সেই লোকসকলৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল যিসকলৰ ইয়াৰ প্ৰয়োজন আছে। এই সময়ছোৱাত, স্বামীয়ে পত্নীৰ শিৰত সেন্দুৰ, কপালত ফোট দি সেমেকা চকুৰে পত্নীক বিদায় জনায়। এই দৃশ্যটো দেখি চিকিৎসালয়ত উপস্থিত সকলো লোক অতি আৱেগিক হৈ পৰিছিল।

 

মৃত্যুৰ পিছত জীৱনদান

অংগদান মহান দান! গ্ৰীণ কৰিডৰ বনাই কৰি মনীষাৰ বৃক্ক দুজন লোকক দান কৰা হৈছে। একে সময়ত এজন ব্যক্তিক চকু দান কৰা হৈছে। ইন্দোৰত এনে ঘটনা এয়ে প্ৰথমবাৰ নহয়। ইয়াৰ আগতেও, ইন্দোৰত অংগ দান কৰি বহুতো লোকৰ জীৱন ৰক্ষা কৰা হৈছে। এইদৰে মৃত্যুৰ পাছতো মনীষাই বহুলোকক জীৱন দিছে। যাৰ বাবে আজি  মৃত্যুৰ পাছতো জীয়াই আছে মনীষা। মনীষা হৈ পৰিছে বহুতৰে প্ৰেৰণা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব