৪ দিন আগত কৰিছিল মাৰপিট! পত্নীয়ে ঘৰৰ ভিতৰত আৱদ্ধ কৰিলে স্বামীক আৰু পাছত এক ভয়ংকৰ কাণ্ড…

এগৰাকী পত্নীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিজ স্বামীৰ সৈতে। সামান্য বিবাদৰ পৰিণতিত পত্নীয়ে ঘৰৰ ভিতৰত স্বামীক আৱদ্ধ কৰি জুই লগাই দিয়ে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৪ দিন আগত কৰিছিল মাৰপিট! পত্নীয়ে ঘৰৰ ভিতৰত আৱদ্ধ কৰিলে স্বামীক আৰু পাছত এক ভয়ংকৰ কাণ্ড...

প্ৰতীকী ফটো

Published: 

17 Nov 2025 16:05 PM

দেশত নাৰীৰ লগত জড়িত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। কিন্তু শেহতীয়াকৈ এগৰাকী পুৰুষৰ সৈতে সংঘটিত কাণ্ডই বুকু কঁপাই তুলিব আপোনাৰ। জানিব পৰা মতে, এগৰাকী পত্নীয়ে নিজ স্বামীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি জুই লগাই দিয়ে। মুহূৰ্ততে জুইৰ শিখাই চাৰিওফালে আৱৰি ধৰে আৰু চিঞৰিবলৈ আৰম্ভ কৰে স্বামীয়ে। এই শব্দ শুনি ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হৈ লোকজনত উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম পংকজ পোদ্দাৰ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, পত্নীয়ে অতি পৰিকল্পতিভাৱে এই কাণ্ড সংঘটিত কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকৰ মাজত কাজিয়া লাগি আছিল। ইয়াৰ পৰিণতিতে স্বামী ঘৰৰ ভিতৰত থকাৰ সময়ত পত্নীয়ে জুই লগাই দিয়ে। এই জুই ইমানেই বেছি আছিল যে অভিযুক্তই নিজক ৰক্ষা কৰিবলৈ কোনো সুবিধা নাপালে।

মুহূৰ্ততে ঘৰটো জুইয়ে আৱৰি ধৰে। ইফালে পংকজে প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ ভিতৰৰ চিঞৰি থাকে। লগে লগে ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ দুৱাৰ ভাঙি পংকজত উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে। চিকিৎসকৰ মতে, পংকজৰ অৱস্থা সংকটজনক হৈ আছে। বৰ্তমান তেওঁ চিকিৎসালয়ত জীৱন মৰনৰ সৈতে যুঁজি আছে।

এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে কয় যে, পংকজৰ পত্নীয়ে জুই লগাৰ পাছত নিজৰ গাত পানী ঢালিছিল যাতে তেওঁৰ গালৈ জুই বিয়পি নাযায়। যাৰ বাবে পত্নীৰ আচৰণত সকলোৰে সন্দেহ হয়। স্থানীয় লোকৰ মতে, জুই ইমানেই বেছি আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে বহু সময় চেষ্টা কৰি জুই নুমুৱাবলৈ সক্ষম হয়।

জানিব পৰা মতে, প্ৰায় ৪ দিন আগতে মহিলাগৰাকীয়ে স্বামীক ৰাজপথত মাৰপিট কৰিছিল। সেই সন্দৰ্ভত স্বামীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু এই কাজিয়াৰ পৰিণতিতে দেওবাৰে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহৰ সিদ্ধান্ত! পিছে বিয়াৰ এঘন্টা পূৰ্বে যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড দৰাৰ…

দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...
এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...
চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ