ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছঃ থিতাতে মৃত্যু ৮ জনৰ, ২০ জনতকৈ অধিক লোক আহত
এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। যাত্ৰীবাহী বাছখনে বিপৰীত দিশৰ পৰা অহা এখন গাড়ীৰ লগত খুন্দা মৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পথৰ মাজতে বাগৰি পৰে। ইয়াৰ ফলত এই প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে।

দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ
এক ভয়ংকই পথ দুৰ্ঘটনাই আজি জোকাৰি তোলে পঞ্জাৱ। ৰাজ্যখনৰ হোছিয়াৰপুৰত আজি পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। যাত্ৰীবাহী বাছখনে বিপৰীত দিশৰ পৰা অহা এখন গাড়ীৰ লগত খুন্দা মৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পথৰ মাজতে বাগৰি পৰে। ইয়াৰ ফলত এই প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে।
প্ৰকাশিত খবৰ অনুসৰি দশুহা-হাজীপুৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ব্যাপক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে সেই স্থানৰ আশে–পাশে থকা স্থানীয় একাংশ লোক ঘটনাস্থলীৰ কাষ চাপি আহে। স্থানীয় লোকসকলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। সমান্তৰালকৈ তেওঁলোকে ঘটনা সন্দৰ্ভত আৰক্ষীকো খবৰ দিয়ে।
খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় লোকসকলৰ সহযোগত ২০ জনতকৈ অধিক আহতলোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অমৃতসৰলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাৰ প্ৰকৃতি ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ ভিতৰৰ পৰা গুৰুতৰভাৱে আহত যাত্ৰীসকলক উলিয়াই নিবলৈ জেচিবি ব্যৱহাৰ কৰিবলগীয়া হয়।
দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত এটি শিশুও আছে বুলি জানিব পৰা গৈছে। ইফালে বাছখনে খুন্দা মৰা বাহনখনত থকা লোকসকল সামান্য আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে লগতে মৃত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰাৰম্ভিক তদন্তত বাছখনৰ তীব্ৰ গতিবেগেই দুৰ্ঘটনাৰ মূল কাৰণ বুলি অনুমান কৰা হৈছে। এই দুৰ্ঘটনাত বাছখনৰ চালকজনো গুৰুতৰভাৱে আহত হৈছে বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে সম্প্ৰতি মৃত লোকসকলক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে এফআইআৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।