উৎসৱৰ আনন্দৰে আলোকসজ্জিত দেশ, কাশ্মীৰৰ লাল চ’কত বন্তিৰে উজলিল ‘অপাৰেচন সেন্দূৰ’
প্ৰথমবাৰৰ বাবে জম্ম-কাশ্মীৰত এনে এক বৃহৎ পৰিসৰত উদযাপন কৰা হ’ল পোহৰৰ উৎসৱ দেৱালী। স্থানীয় ৰাইজ আৰু পৰ্যটকসকলে একত্ৰিত হৈ উপত্যকাটো আলোকিত কৰি তোলে। দেৱালীৰ ক্ষণত শ্ৰীনগৰত সেনা, নিৰাপত্তা বাহিনী আৰু সাধাৰণ ৰাইজে একেলগে লাল চ’কত বন্তি প্ৰজ্বলন কৰে।

আলোকিত লাল চ’ক
দেশজুৰি উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দেৱালী। উৎসৱৰ আনন্দত মতলীয়া হৈ পৰিছে দেশবাসী। এই বিশেষ ক্ষণত এইবাৰ বিশেষভাৱে আলোকসজ্জিত হৈ পৰিছে জম্মু-কাশ্মীৰ। উপত্যকাটোত এইবাৰ দেৱালী পোহৰৰ এই উৎসৱটি হৈ পৰিছে বিশেষ। সৌন্দৰ্যশালী উপত্যকাটি এইবাৰ আলোকিত হৈ পৰিছে অনন্য ৰূপত। শ্ৰীনগৰৰ ঐতিহাসিক লাল চ’কত বন্তিৰ পোহৰেৰে জিলিকি উঠিল অপাৰেচন সেন্দূৰ। শ শ মাটিৰ চাকিৰ পোহৰেৰে উদ্দীপিত হৈ উঠিল দেশপ্ৰেম আৰু উৎসাহৰ বাৰ্তা।
প্ৰথমবাৰৰ বাবে জম্ম–কাশ্মীৰত এনে এক বৃহৎ পৰিসৰত উদযাপন কৰা হ’ল পোহৰৰ উৎসৱ দেৱালী। স্থানীয় ৰাইজ আৰু পৰ্যটকসকলে একত্ৰিত হৈ উপত্যকাটো আলোকিত কৰি তোলে। দেৱালীৰ ক্ষণত শ্ৰীনগৰত সেনা, নিৰাপত্তা বাহিনী আৰু সাধাৰণ ৰাইজে একেলগে লাল চ’কত বন্তি প্ৰজ্বলন কৰে।
সমস্বৰে এক সুৰত ‘ভাৰত মাতা কি জয়’ আৰু ‘হিন্দুস্তান জিন্দাবাদ’ ধ্বনিৰে আন্দোলিত হৈ উঠে শ্ৰীনগৰ। ৰঙীন পোহৰেৰে সজাই তোলা হয় লাল চ’ক। অপাৰেচন সেন্দূৰৰ আৰ্হিত প্ৰজ্বলন কৰা শ শ বন্তিয়ে পৰিৱেশ আৰু অধিক পোহৰাই তোলে। এই বিশেষ কাৰ্যসূচীত বৃহৎ সংখ্যক মহিলা-শিশুৱেও অংশগ্ৰহণ কৰে।
প্ৰথমবাৰৰ বাবে লাল চ’কত এনে এক অনুষ্ঠান
খবৰ অনুসৰি এইবাৰ দেৱালীৰ বাবে স্থানীয় প্ৰশাসনে বিশদ প্ৰস্তুতি চলাইছিল। স্থানীয় বাসিন্দাৰ উপৰিও সেনা জোৱান আৰু পৰ্যটকেও দেৱালীৰ আলোকিত সন্ধিয়াত অংশগ্ৰহণ কৰে। স্থানীয় লোকসকলে এই অনুষ্ঠানক ঐতিহাসিক আখ্যা দিছে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে এনে বৃহৎ সংখ্যক লোকে কেতিয়াও মুকলি আকাশৰ তলত দেৱালী উদযাপন কৰিবলৈ উপত্যকাটোত সমবেত হোৱা নাছিল।
পূৰ্বে দেৱালীৰ দিনটোত নিজা বাসগৃহৰ সমুখীত বা চুবুৰীত কিছু লোক সমবেত হৈছিল যদিও এইবাৰ পৰিবেশ সম্পূৰ্ণ পৃথক। এইবাৰ প্ৰথমবাৰৰ বাবে এনে এক পৰিৱেশ দেখা গৈছে জম্ম–কাশ্মীৰত। এই পৰিৱেশৰ আটাইতকৈ উল্লেখযোগ্য দিশ আছিল হিন্দু ধৰ্মাৱলম্বী লোকৰ সমান্তৰালকৈ বৃহৎ সংখ্যক মুছলমান লোকৰ উপস্থিতি।
দিল্লীৰ পৰা অযোধ্যালৈ প্ৰজ্বলিত হ’ল অপাৰেচন সেন্দূৰ
লাল চ’কৰ দৰেই দিল্লীৰ ইণ্ডিয়া গেটতো অপাৰেচন সেন্দূৰৰ আৰ্হিত সজাই তোলা হয় শ শ বন্তি। দিল্লী চৰকাৰৰ উদ্যোগত ৰাজধানীৰ আটাইকেইটা ঐতিহাসিক দুৰ্গ আৰু ঐতিহ্যমণ্ডিত স্থান বন্তিৰ পোহৰেৰে সজাই তোলা হয়। উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অযোধ্যাৰ ঘাটৰ লগতে দেশৰ আন বহু প্ৰান্ততো চাকিৰ পোহৰেৰে উজ্জল হৈ উঠে অপাৰেচন সেন্দূৰ।