ঘৰৰ পৰা টানি আনিলে, চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, তাৰ পিছত হিন্দু যুৱকৰ সৈতে…

চক্ৰ বিষয়া সৰ্বম সিঙে উল্লেখ কৰে যে ১১ অক্টোবৰৰ মাজনিশা মেঘৰাজৰ পুত্ৰ কৰণক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ দখললৈ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘৰৰ পৰা টানি আনিলে, চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, তাৰ পিছত হিন্দু যুৱকৰ সৈতে...

আৰক্ষী

Updated On: 

12 Oct 2025 17:55 PM

সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়ংকৰ ৰূপ।  এজন হিন্দু যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা অৰ্ধ ডজনৰো অধিক মুছলমান যুৱকৰ। যুৱককেইজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। নিহত যুৱকজনৰ নাম কৰণ। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় থানাৰ মুৰব্বী আৰু ফিল্ড ইউনিট। আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্চাৰীলৈ প্ৰেৰণ কৰে। উত্তৰ প্ৰদেশৰ আলিগড়ৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।

ইফালে, হিন্দু যুৱকজনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আশ্বাদ খানকে ধৰি ৮ জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভুক্তভোগীৰ পৰিয়ালে। দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁলোকক আটক কৰা হৈছে। যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই গোচৰৰ গুৰুত্ব আৰু দুটা সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিষয়াসকলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

ঘটনাৰ পিছতে মৃতকৰ পৰিয়াল আৰু স্থানীয় ৰাইজে থানাত হুলস্থুলৰ সৃষ্টি কৰে। এই হুলস্থুলৰ তথ্য লাভ কৰাৰ লগে লগে কেইবাখনো থানাৰ আৰক্ষী বাহিনী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয়। জানিব পৰা মতে, জৱানৰ বাসিন্দা মেঘ সিঙৰ পুত্ৰ কৰণে নয়ডাত ঠিকাদাৰৰ ওচৰত শ্ৰমিক হিচাপে কাম কৰিছিল। ১১ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত নয়দাৰ পৰা ঘৰলৈ উভতি আহিছিল। নিশা প্ৰায় ১১:৩০ বজাত একাংশ মুছলমান যুৱকে কৰণক ঘৰৰ পৰা টানি উলিয়াই আনে। তাৰ পিছত ডেৰ ডজনৰো অধিক যুৱকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি ছুৰীৰে আঘাত কৰি হত্যা কৰে।

এই ঘটনাৰ পিছতে বন্ধ হৈ পৰে সমগ্ৰ বজাৰখন। যুৱকজনৰ হত্যাকাণ্ডত ক্ষুব্ধ হৈ পৰিয়াল আৰু স্থানীয় ৰাইজে জৱান থানা ঘেৰাও কৰি হুলস্থুলৰ সৃষ্টি কৰে। ঘটনাস্থলীত কেইবাখনো থানাৰ আৰক্ষী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত হয়। আৰক্ষীয়ে মূল অভিযুক্ত আছাদকে ধৰি ৮জন অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিগড়লৈ প্ৰেৰণ কৰা হৈছে।

চক্ৰ বিষয়া সৰ্বম সিঙে উল্লেখ কৰে যে ১১ অক্টোবৰৰ মাজনিশা মেঘৰাজৰ পুত্ৰ কৰণক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ দখললৈ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইদ্ৰীশ খান, আছাদ আৰু আন ৮ জন নাম উল্লেখ কৰা ব্যক্তিৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হয়।

ঘৰৰ কোন দিশৰ দেৱালত ঘড়ী ৰাখিব লাগে?
আপোনাৰ চাইনাচৰ সমস্যা আছে নেকি? জানক কেনেকৈ পাব সকাহ
ভৰিত দেখা দিয়া এই ৫ টা লক্ষণ নল'ব সহজভাৱে! আঁৰত এই কাৰণ...
আপুনি জানেনে কোনবোৰ কাৰণত আপোনাৰ কিডনীত পাথৰ সৃষ্টি হ'ব পাৰে?