মাত্ৰ ৭ ছেকেণ্ডত নদীত জাহ গ’ল ৪ মহলীয়া অট্টালিকা,এটা পৰিয়াল- Video

বানপানীৰ ফলত বাগীপুলৰ ৯টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ মাজতে এটা ঘৰত বসবাস কৰা এটা সম্পূৰ্ণ পৰিয়াল বানে উটুৱাই নিয়ে। শিমলা জিলাৰ ৰামপুৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৩৬ জন লোক সন্ধানহীন হৈ আছে। 

মাত্ৰ ৭ ছেকেণ্ডত নদীত জাহ গল ৪ মহলীয়া অট্টালিকা,এটা পৰিয়াল- Video

হিমাচল

Published: 

01 Aug 2024 | 12:08 PM

কেৰালা, উত্তৰাখণ্ড, দিল্লীৰ লগতে হিমাচল প্ৰদেশতো প্ৰকৃতিৰ তাণ্ডৱ। অবিৰতভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ পাছত এটাৰ পাছত আনটো ঘৰ ভাঙি গৈছে। নদীত উটি গৈছে দলং, নিশ্চিহ্ন হৈ পৰিছে ৰাস্তা- পথ। এক অকল্পনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে হিমাচল প্ৰদেশত। এতিয়ালৈকে ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিত নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।  ইয়াৰ মাজতে কুল্লু জিলাৰ পৰা আহিছে এক ডাঙৰ খবৰ। ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোক এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰলয়ৰ বহু ফটো, ভিডিঅ’ পোহৰলৈ আহিছে।

ভিডিঅ’টো কুল্লুৰ মালানা অঞ্চলৰ। ইয়াত গভীৰ নিশাৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পাৰ্বতী নদীৰ পানী ইমানেই বাঢ়ি আহে যে তাত থকা বহু ঘৰ-দুৱাৰ আৰু যান-বাহৰন উটুৱাই লৈ যায়। শেহতীয়াকৈ প্ৰকাশ পোৱা এটা ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰ।  মাত্ৰ ৭ ছেকেণ্ডতে এটা চাৰি মহলীয়া অট্টালিকা পাৰ্বতী নদীত ডুব যোৱা দেখা গৈছে। এই চাৰিমহলীয়া বিল্ডিঙটো মুহুৰ্ততে নোহোৱা হৈ যায়।  বৰ্তমান কুল্লু জিলাত বেয়াছ আৰু পাৰ্বতী নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। মালানা গাঁৱত নিৰ্মাণ কৰা বিদ্যুৎ প্ৰকল্পৰ বান্ধো ভাঙো ভাঙো অৱস্থা।

 

 

ইয়াৰ ফলত বাগিপুলত সৰ্বাধিক ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে।  কুৰ্পান খাদৰ বানপানীৰ ফলত বাগীপুলৰ ৯ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ মাজতে এটা ঘৰত বসবাস কৰা এটা সম্পূৰ্ণ পৰিয়াল বানে উটুৱাই নিয়ে। শিমলা জিলাৰ ৰামপুৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৩৬ জন লোক সন্ধানহীন হৈ আছে।  নিৰুদ্দেশ হোৱা ১৯ জন লোকৰ বিষয়ে এতিয়াও একো পোৱা নাই। শিমলাৰ উপ আয়ুক্ত অনুপম কাশ্যপে এই তথ্য প্ৰদান কৰিছে।

হিমাচল প্ৰদেশত আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত ১০ খন জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।  আজি নিশা আৰু কাইলৈ ​​গোটেই দিনটো বিলাসপুৰ, চাম্বা, হামিৰপুৰ, কংৰা, কুল্লু, মাণ্ডী, শিমলা, ছিৰমৌৰ, সোলান আৰু উনাত হোৱা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । গতিকে পৰৱৰ্তী সময়ত পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰাৰ সম্ভাৱণা আছে। এনে পৰিস্থিতিত বহু পৰ্যটকো আৱদ্ধ হৈ পৰিছে।  উল্লেখ্য যে, হিমাচল প্ৰদেশৰ লগতে উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণ হৈছে। যাৰ ফলত কেইবাজনলোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক নিৰুদ্দেশ হৈ আছে। এই অঞ্চলসমূহত উদ্ধাৰকাৰী দলে অভিযান চলাই আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব