হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু, ৩৪ জন নিৰুদ্দেশ, প্ৰায় ৪০০ কোটি টকাৰ লোকচান

হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ প্ৰায় ৪০৭.০২ কোটি টকাৰ প্ৰশাসনিক লোকচান হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যৰ প্ৰায় ২৪৫ টা পথ ভূমিস্খলনে ক্ষতিগ্ৰস্ত কৰিছে।

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু, ৩৪ জন নিৰুদ্দেশ, প্ৰায় ৪০০ কোটি টকাৰ লোকচান

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ

Published: 

03 Jul 2025 | 09:34 AM

হিমাচল প্ৰদেশত প্ৰকৃতিয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ।  ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে ৰাজ্যখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ২০ জুনৰ পৰা হিমাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ প্ৰশাসনিক লোকচান হৈছে প্ৰায় ৪০৭.০২ কোটি টকা।

বৰ্তমানলৈকে হিমাচলৰ এই প্ৰাকৃতিক দুৰ্যোগত ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হৈছে। বিভিন্ন ঠাইত ডাৱৰ বিস্ফোৰণৰ ঘটনাত এতিয়াও ৩৪ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ ফলত  প্ৰভাৱিত হৈছে ৰাজ্যখনৰ প্ৰায় ২৪৫টা পথ। ৯১৮টা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ আৰু ৬৮৩টা পানী যোগান আঁচনিৰ ক্ষতিসাধন হৈছে।

এই পৰ্যন্ত  ৩৭০ জন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে

তথ্য অনুসৰি এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ৩৭০ গৰাকী লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে । বুধবাৰে  মাণ্ডী জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সুখুৱে। ইয়াৰ পিছত উদ্ধাৰ আৰু দুৰ্যোগ সাহায্যৰ বাবে বায়ুসেনাৰ সহায় বিচাৰে হিমাচলৰ মুখ্যমন্ত্ৰীয়ে।

ফ্লেছ ফ্লাডৰ বাবে সতৰ্ক

ৰাজ্যৰ বহু অঞ্চলত  সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত আছে এনডিআৰএফ-এছডিআৰএফ আৰু প্ৰশাসনৰ দল। একে সময়তে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ক্ষন্তেকীয়া বানৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি শিমলা, কুল্লু, চাম্বা, মাণ্ডি আৰু কাংগৰা জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী। কেৱল এয়াই নহয় আজি আৰু কাইলৈ ​​ৰাজ্যত বৰষুণ সন্দৰ্ভত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। লগতে ৮ জুলাইলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।ইয়াৰ সমান্তৰালভাৱে বতৰ বিজ্ঞান বিভাগে সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...