দিল্লীত বানপানী, হিমাচলত ডাৱৰ বিস্ফোৰণঃ প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ লৈছে শ শ মানুহৰ

হিমাচলৰ ৰামপুৰ অঞ্চলৰ ঝাক্ৰীৰ জল প্ৰকল্পৰ সমীপত এটা ডাৱৰ বিস্ফোৰণ হয়। ডাৱৰ বিস্ফোৰণৰ ফলত নিৰুদ্দেশ হৈছে ৩৬জনলোক। বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে। ২ জন লোকে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যুক সাৱতি লৈছে।

দিল্লীত বানপানী, হিমাচলত ডাৱৰ বিস্ফোৰণঃ প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ লৈছে শ শ মানুহৰ

হিমাচল ডাৱৰ বিস্ফোৰণ

Updated On: 

01 Aug 2024 11:33 AM

কেৰালা, দিল্লী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদিত এতিয়া প্ৰাকৃতিক দুৰ্যোগে জীৱন দুৰ্বিসহ কৰি পেলাইছে। দিল্লীত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাৰ লগতে ৩ জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। কেৰালাত বানপানী, ভূমিস্খলনৰ বাবে ২৫০তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ ৰো অধিক নিৰুদ্দেশ হৈ আছে। আনহাতে হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত ২ জনলোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ জন নিৰুদ্দেশ হৈ আছে। ইয়াৰ বিপৰীতে উত্তৰাখণ্ডত হোৱা ডাৱৰ বিস্ফোৰণত ৫ জন  লোকৰ মৃত্যু হৈছে।

বুধবাৰে নিশা দিল্লী এন চি আৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বিভিন্ন অঞ্চলত দেৱাল ভাঙি ঘৰ ভাঙি যোৱাৰ দৰে দুৰ্ঘটনা সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী-এনচিআৰৰ বহু অঞ্চলত পানীৰে ভৰি পৰে। দিল্লী-এনচিআৰত ২৭টাতকৈও অধিক ঘৰ ভাঙি পৰাৰ খবৰ আহি পৰিছে । ইয়াৰোপৰি গাজীপুৰৰ নলাত পৰি মাতৃ-পুত্ৰই কৰুণ মৃৃত্যুক সাৱতি লয়। আনহাতে নয়ডাৰ দাদ্ৰীৰ এটা কলনীৰ দেৱাল ভাঙি জুপুৰি এটাত শুই থকা এহাল দম্পতীৰ ওপৰত পৰে। যাৰ ফলত দুয়োৰে মৃত্যু হয়।

হিমাচলৰ ৰামপুৰ অঞ্চলৰ ঝাক্ৰীৰ জল প্ৰকল্পৰ সমীপত এটা ডাৱৰ বিস্ফোৰণ হয়। ডাৱৰ বিস্ফোৰণৰ ফলত নিৰুদ্দেশ হৈছে ৩৬জনলোক। বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে। ২ জন লোকে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যুক সাৱতি লৈছে। সকলো ফালে যেন এতিয়া হাহাকাৰময় পৰিস্থিতি।

উত্তৰাখণ্ডৰ ঘান্সালী-লাঞ্চোলিৰ পৰা পোহৰলৈ আহিছে ডাৱৰ বিস্ফোৰণৰ এক ঘটনা। এতিয়ালৈকে উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণৰ ফলত ৫ জনলোকৰ মৃত্যু হোৱাৰ লগতে বহু নিৰুদ্দেশ হৈ আছে। শ শ তীৰ্থ যাত্ৰী আৱদ্ধ হৈ আছে। এই সকলক উদ্ধাৰৰ বাবে অবিৰতভাৱে উদ্ধাৰকাৰী দলে চেষ্টা চলাই আছে।

আনহাতে কেৰালাৰ বায়নাডৰ অৱস্থা অকল্পনীয় হৈ পৰিছে। এতিয়ালৈকে ২৫০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ ৰো অধিক নিৰুদ্দেশ হৈ আছে। বান গৰাখহনীয়াত জাহ গৈছে এখনৰ পাছত আনখন গাওঁ। এতিয়া চলি আছে উদ্ধাৰ অভিযান। বান- গৰাখহনীয়াত জাহ গৈছে বাসগৃহ, দলং, গছ- গছনি আদিত। চাৰিওফালে যেন কেৱল প্ৰকৃতিৰ ধ্বংসলীলা। বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ কৰিছে একাংশই। এক হৃদয় বিদাৰক ঘটনা।ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে।সেনা, এন ডি আৰ এফ আদি সকলো ব্যস্ত উদ্ধাৰ অভিযানত।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension