কেন্দ্ৰীয় চিকিৎসালয়সমূহত সুৰক্ষাকৰ্মী নিয়োগ ২৫ শতাংশ বৃদ্ধিত অনুমোদন স্বাস্থ্য মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ সকলো চিকিৎসালয়তে সুৰক্ষাকৰ্মী নিয়োগ ২৫ শতাংশ বৃদ্ধি কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে । কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগৰ পাছত সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় আইন প্ৰণয়নৰ দাবীত চিকিৎসকৰ প্ৰতিবাদৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ে এই অনুমতি প্ৰদান কৰিছে ।

কেন্দ্ৰীয় চিকিৎসালয়সমূহত সুৰক্ষাকৰ্মী নিয়োগ ২৫ শতাংশ বৃদ্ধিত অনুমোদন স্বাস্থ্য মন্ত্ৰালয়ৰ

আৰ জি কৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

Published: 

19 Aug 2024 20:33 PM

কলকাতাৰ আৰ জি কৰ কাণ্ডৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ সকলো চিকিৎসালয়তে সুৰক্ষাকৰ্মী নিয়োগ ২৫ শতাংশ বৃদ্ধি কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে । কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগৰ পাছত সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় আইন প্ৰণয়নৰ দাবীত চিকিৎসকৰ প্ৰতিবাদৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ে এই অনুমতি প্ৰদান কৰিছে ।

সূত্ৰৰ অনুসৰি, মানক নিৰাপত্তা প্ৰট’কলৰ উপৰিও চৰকাৰী চিকিৎসালয়সমূহে তেওঁলোকৰ নিৰাপত্তা মূল্যায়ন কৰাৰ পাছত ব্যক্তিগত দাবীৰ ভিত্তিত মাৰ্শ্বালসকলক নিয়োগ কৰাত অনুমোদন জনোৱা হ’ব। চৰকাৰী সূত্ৰই অৱশ্যে কয় যে, আৰ জি কৰ গোচৰৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন আনিলে “কোনো বৃহৎ পাৰ্থক্য নাথাকিব”। অপৰাধ আৰু ধৰ্ষণ ইতিমধ্যে বৰ্তমানৰ আইনসমূহৰ অধীনত সামৰি লোৱা হৈছে বুলি চৰকাৰী সূত্ৰই উল্লেখ কৰিছে ।

ইয়াৰ লগতে চৰকাৰী সূত্ৰই উল্লেখ কৰিছে যে, পশ্চিম বংগ, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, অসম, কৰ্ণাটক, কেৰালাকে ধৰি ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে স্বাস্থ্যসেৱা কৰ্মীসকলক সুৰক্ষা প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছে। এই সকলোবোৰ ৰাজ্যতে এই অপৰাধসমূহ চিনাক্তকৰণযোগ্য আৰু জামিনহীন।

তদুপৰি স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । ইয়াৰ জৰিয়তে চিকিৎসালয়সমূহত চিকিৎসা কৰ্মীসকলৰ নিৰাপত্তা আৰু সুবিধাসমূহৰ বিভিন্ন দিশ, যেনে- ডিউটি ​​ৰুম, কৰ্মৰ সময় আৰু অৱস্থা, আৰু কেণ্টিন সেৱাৰ আদি চোৱাচিতা কৰা ব্যৱস্থা কৰা হ’ব। উল্লেখ্য যে, সমগ্ৰ দেশৰ চিকিৎসকসকলে স্বাস্থ্যসেৱা কৰ্মীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ সৈতে মোকাবিলা কৰিবলৈ এখন বিশেষ আইন ক্ষিপ্ৰতাৰে প্ৰণয়ন কৰাৰ লগতে চিকিৎসা সুবিধাসমূহৰ ভিতৰত উন্নত সুৰক্ষা প্ৰট’কল ৰূপায়ণৰ দাবী জনাই আহিছে ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...