এন আৰ চিক ভেঙুচালিৰ অভিযোগত হৰ্ষ মন্দৰৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাক, জেললৈ যাব লাগিলেও নকৰে ভয়!

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে মন্দৰে কয় যে বিবাদিত নাগৰিকত্ব দাবীৰ অধীনত ৰখা বন্দীসকলৰ অধিকাৰৰ বাবে তেওঁৰ পদক্ষেপক লৈ নিজে “গৌৰৱান্বিত” আৰু ঘোষণা কৰে যে তেওঁ আইনী পৰিণতিৰ প্ৰতি ভয় নকৰে ।

এন আৰ চিক ভেঙুচালিৰ অভিযোগত হৰ্ষ মন্দৰৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাক, জেললৈ যাব লাগিলেও নকৰে ভয়!

হিমন্ত বিশ্ব শৰ্মা

Published: 

12 Jun 2025 14:22 PM

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “এন আৰ চি প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্তিত হেতালি খেলা”ৰ অভিযোগ তুলি কাৰাগাৰত বন্দী কৰাৰ ভাবুকি দিছিল মানৱ অধিকাৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হৰ্ষ মন্দৰক । শৰ্মাৰ এই অভিযোগৰ প্ৰতি সঁহাৰি জনাইছে মানৱ অধিকাৰ কৰ্মী মন্দৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে মন্দৰে কয় যে বিবাদিত নাগৰিকত্ব দাবীৰ অধীনত ৰখা বন্দীসকলৰ অধিকাৰৰ বাবে তেওঁৰ পদক্ষেপক লৈ নিজে “গৌৰৱান্বিত” আৰু ঘোষণা কৰে যে তেওঁ আইনী পৰিণতিৰ প্ৰতি ভয় নকৰে ।

‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিল যে বিবাদিত নাগৰিকত্বৰ লোকৰ ন্যায়ৰ বাবে কৰা কামৰ বাবে মোক জেলত ভৰাই দিব ।’-মন্দৰে পোষ্ট কৰে । “ডিটেনচন চেণ্টাৰত অমানৱীয় পৰিস্থিতিত অনিৰ্দিষ্টকাললৈ আবদ্ধ হৈ থকাসকলক মুকলি কৰি দিয়াৰ বাবে আমাৰ প্ৰচেষ্টাক লৈ মই গৌৰৱান্বিত। যদি এইটো অপৰাধ হয়, তেন্তে মিষ্টাৰ চিএম, সকলো প্ৰকাৰে মোৰ বিৰুদ্ধে ব্যৱস্থা লওক।” মন্দৰে লগতে উল্লেখ কৰে ।

যোৱা ১০ জুনত অসম বিধানসভাৰ অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰীয়ে “অবৈধ অনুপ্ৰৱেশকাৰী”ক ৰক্ষা কৰা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰক্ৰিয়াক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে মন্দৰে এই মন্তব্য কৰে । মুখ্যমন্ত্ৰী শৰ্মাই আৰু অভিযোগ কৰে যে মন্দৰে “এন আৰ চি ধ্বংস কৰাত উল্লেখযোগ্য ভূমিকা” লৈছিল আৰু তেওঁক ছোনিয়া গান্ধীৰ নেতৃত্বত এতিয়া ভংগ হোৱা ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদৰ সৈতে জড়িত আছিল ।

পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ধাৰাবাহিক পোষ্টত শৰ্মাই সমালোচনা তীব্ৰতৰ কৰি তুলিছিল । তেওঁ লিখিছে, ‘‘তেওঁলোকৰ ৰাজ্যিক সভাপতি হওক, তেওঁলোকৰ সমৰ্থক হৰ্ষ মন্দৰ হওক বা আড়ম্বৰপূৰ্ণ আমেৰিকান স্কুলত পঢ়া ‘উকীল’ হওক — অসম কংগ্ৰেছত আজি সম্পূৰ্ণ পাকিস্তান সমৰ্থক লবী আছে।‘’

শৰ্মাই চলি থকা বিতাড়নৰ প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰি প্ৰকাশ কৰে যে বৰ্তমান ৩৫ জন বাংলাদেশী নাগৰিকে প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছে যদিও ৰাজ্যখনৰ বান পৰিস্থিতিৰ বাবে জিম্মাত আছে। অবৈধ অনুপ্ৰৱেশক ৰোধ কৰিবলৈ “ভয় ভাৱ” সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়টো সৰল বিতাড়নৰ লজিষ্টিকছৰ বাহিৰলৈ গৈছে। তেওঁ অৰুণাচল প্ৰদেশক দৃঢ় কাৰ্যৰ আৰ্হি হিচাপে উল্লেখ কৰে।

গাখীৰ গৰম কৰাৰ সময়ত ওফন্দি বাগৰি পৰে নেকি? এয়া শুভ নে অশুভ জানেনে!
এই কেইটা ঘৰুৱা উপায়েৰে আঁতৰ কৰক আপোনাৰ ওঁঠৰ ক'লা দাগ
WTCৰ ফাইনেলত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বাহুত ক’লা বেণ্ড কিয়!
কেতিয়াও চৰ্বি জমা নহয় ! আপোনাৰ যকৃতৰ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সেৱন কৰক এই পানীয়...