হনুমান চালিছাই বহুত সহায় কৰে: মহাকাশ অভিযানৰ সময়ত শুভাংশু শুক্লাই জপ কৰিছিল ৰাম নাম, ক’লে…

তেওঁ মহাকাশ অভিযানৰ সময়ত পৰিচালনাৰ ভয়, প্ৰত্যাহ্বানমূলক মুহূৰ্তত শান্ত হৈ থকা, মহাকাশ যাত্ৰাৰ সময়ত প্ৰয়োজনীয় মানসিক শক্তিৰ বিষয়ে উল্লেখ কৰে। এই আদান-প্ৰদানৰ সময়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰী অনন্যা সিঙে তেওঁক সুধিলে যে, মহাকাশত কক্ষপথত ঘূৰি ফুৰোতে তেওঁ কেনেকৈ শান্ত হৈ আছিল?

হনুমান চালিছাই বহুত সহায় কৰে: মহাকাশ অভিযানৰ সময়ত শুভাংশু শুক্লাই জপ কৰিছিল ৰাম নাম, কলে...

শুভাংশু শুক্লা

Updated On: 

01 Dec 2025 | 12:43 PM

মহাকাশচাৰী গোটৰ কেপ্তেইন শুভাংশু শুক্লাই আলিগড়ৰ সন্ত ফিডেলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বৰ্ষপূৰ্তি উদযাপনত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।  লগতে তেওঁ শেহতীয়া মহাকাশ অভিযানৰ অভিজ্ঞতা শ্বেয়াৰ কৰে।
মহাকাশত নিজৰ এচাইনমেণ্ট সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি অহা শুক্লাক  ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি জনায়।

তেওঁ মহাকাশ অভিযানৰ সময়ত পৰিচালনাৰ ভয়, প্ৰত্যাহ্বানমূলক মুহূৰ্তত শান্ত হৈ থকা, মহাকাশ যাত্ৰাৰ সময়ত প্ৰয়োজনীয় মানসিক শক্তিৰ বিষয়ে উল্লেখ কৰে। এই আদান-প্ৰদানৰ সময়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰী অনন্যা সিঙে তেওঁক সুধিলে যে, মহাকাশত কক্ষপথত ঘূৰি ফুৰোতে তেওঁ কেনেকৈ শান্ত হৈ আছিল?

গ্ৰুপ কেপ্তেইন শুক্লাই কয় যে, “মই এই প্ৰেৰণা পাইছিলোঁ যে ‘কেতিয়াও হাৰি যাব নালাগে’ , জিন্দগী গুলজাৰ হে, সব আচ্ছা হ্যেটা হে জিন্দগী মেইন।”  তেওঁ লগতে কয়, ‘বহু সময়ত মনলৈ ভয় আহিলে হনুমান চালিছাই সহায় কৰে। মই তাত ‘ৰাম-ৰাম-ৰাম’ জপ কৰি আছিলো, যিয়ে মোক শক্তি দিছিল।’ তেওঁ-  ডাঙৰ শিক্ষণটো হ’ল ভয়ক উপস্থিতি বুদ্ধিৰে চম্ভালিব পৰা। অনন্যাৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুক্লাই কয় যে, জপ কৰিলে তেওঁক মনোযোগ অব্যাহত ৰখা আৰু উদ্বেগ দূৰ কৰাত সহায় কৰে।

এই কথা বুজাই তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এটা উদাহৰণ দিয়ে, “কাইলৈ ​​আপোনাৰ পৰীক্ষা আছে আৰু আপুনি এতিয়াও একো পঢ়া নাই। আপোনাৰ হাতত দুটা বিকল্প আছে, হয় ভয় খাই কাইলৈলৈকে সময় নষ্ট কৰক, নহয় বাকী থকা সময়ত প্ৰস্তুতি চলাওক। সদায় আপুনি এতিয়াই কি কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। যদি আপুনি এই কাম কৰে তেন্তে আপুনি ভয় নকৰিব।”

মহাকাশচাৰীগৰাকীৰ কথাত অনুপ্ৰাণিত অনুভৱ কৰা বুলি অনন্যাই আই এ এছ বিষয়া হোৱাৰ উচ্চাকাংক্ষা প্ৰকাশ কৰে। তেওঁ কয়, “শুভাংশু শুক্লাৰ পৰা বহুত প্ৰেৰণা পাইছিলোঁ। আমাৰ স্কুললৈ ইমান ডাঙৰ বিষয়া অহাত মোৰ বৰ ভাল লাগিছিল।” (ANI)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...